--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘ ১০৬ বছৰৰ এটা অধ্যায়ৰ সমাপ্তি ঘটিল । স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই । তেওঁ শনিবাৰে পুৱতি নিশা হিমাচল প্ৰদেশৰ কিন্নৌৰত থকা নিজৰ  ঘৰত শেষ নিশ্বাস ত্যাগ কৰে। নেগীয়েই প্ৰথমে  হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ডাক যোগেল ভোটদান কৰিছিল।

উল্লেখ্য হিমাচল প্ৰদেশত ১২ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৮ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ'ব। ৰাজ্যখনৰ  মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

শ্যাম শৰণ নেগীৰ জন্ম ১০১৯ চনৰ জুলাই মাহত হৈছিল। দেশে  স্বাধীনতা লাভ কৰাৰ  পিছত ১৯৫১ চনত যেতিয়া নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল, হিমাচলৰ এইগৰাকী  বাসিন্দাই প্ৰথম ভোটাৰ হৈছিল। তেওঁ কল্পাৰ এখন বিদ্যালয়ত চাকৰি কৰিছিল। 

বলীউডৰ চলচ্চিত্ৰ 'চানম ৰে'ত অতিথি শিল্পী হিচাপে তেওঁৰ উপস্থিতিয়ে দৰ্শকসকলক  আনন্দিত কৰি তুলিছিল। প্ৰতি বছৰে  যিকোনো নিৰ্বাচনতে তেওঁ ভোটদানৰ অধিকাৰ সাৱস্ত্য কৰিছিল। যদিও তেওঁৰ শৰীৰটো লাহে লাহে ভাগৰুৱা হৈ পৰিছিল, ভোট দিয়াৰ উৎসাহ হ্ৰাস পোৱা  নাছিল। এইবাৰো ১০৬ বছৰীয়া শ্যাম শৰণে ২ নৱেম্বৰত তেওঁৰ কল্পাৰ ঘৰতে  ভোটদান কৰে।

সেই সময়ত তেওঁৰ শৰীৰ  বৰ বেয়া আছিল। অৱশ্যে তেওঁ ভোটদানৰ পৰা বিৰত  হোৱা নাছিল। ভোটদানৰ তিনিদিন পিছত শনিবাৰে পুৱতি নিশা নেগীয়ে চিৰ দিনৰ বাবে চকু মুদে। কিন্নৌৰ জিলা দণ্ডাধীশ আবিদ হুছেইনে কয়  যে জিলা প্ৰশাসনে তেওঁৰ অন্তিম সংস্কাৰৰ ব্যৱস্থা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু