--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘ ১০৬ বছৰৰ এটা অধ্যায়ৰ সমাপ্তি ঘটিল । স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই । তেওঁ শনিবাৰে পুৱতি নিশা হিমাচল প্ৰদেশৰ কিন্নৌৰত থকা নিজৰ  ঘৰত শেষ নিশ্বাস ত্যাগ কৰে। নেগীয়েই প্ৰথমে  হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ডাক যোগেল ভোটদান কৰিছিল।

উল্লেখ্য হিমাচল প্ৰদেশত ১২ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৮ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ'ব। ৰাজ্যখনৰ  মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

শ্যাম শৰণ নেগীৰ জন্ম ১০১৯ চনৰ জুলাই মাহত হৈছিল। দেশে  স্বাধীনতা লাভ কৰাৰ  পিছত ১৯৫১ চনত যেতিয়া নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল, হিমাচলৰ এইগৰাকী  বাসিন্দাই প্ৰথম ভোটাৰ হৈছিল। তেওঁ কল্পাৰ এখন বিদ্যালয়ত চাকৰি কৰিছিল। 

বলীউডৰ চলচ্চিত্ৰ 'চানম ৰে'ত অতিথি শিল্পী হিচাপে তেওঁৰ উপস্থিতিয়ে দৰ্শকসকলক  আনন্দিত কৰি তুলিছিল। প্ৰতি বছৰে  যিকোনো নিৰ্বাচনতে তেওঁ ভোটদানৰ অধিকাৰ সাৱস্ত্য কৰিছিল। যদিও তেওঁৰ শৰীৰটো লাহে লাহে ভাগৰুৱা হৈ পৰিছিল, ভোট দিয়াৰ উৎসাহ হ্ৰাস পোৱা  নাছিল। এইবাৰো ১০৬ বছৰীয়া শ্যাম শৰণে ২ নৱেম্বৰত তেওঁৰ কল্পাৰ ঘৰতে  ভোটদান কৰে।

সেই সময়ত তেওঁৰ শৰীৰ  বৰ বেয়া আছিল। অৱশ্যে তেওঁ ভোটদানৰ পৰা বিৰত  হোৱা নাছিল। ভোটদানৰ তিনিদিন পিছত শনিবাৰে পুৱতি নিশা নেগীয়ে চিৰ দিনৰ বাবে চকু মুদে। কিন্নৌৰ জিলা দণ্ডাধীশ আবিদ হুছেইনে কয়  যে জিলা প্ৰশাসনে তেওঁৰ অন্তিম সংস্কাৰৰ ব্যৱস্থা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক