--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুৰ সন্মুখতে পত্নীয়ে ডিঙিত  ফাঁচ লগাই   আত্মহত্যা কৰিবলৈ চেষ্টা কৰি আছে। পত্নীক বচাবলৈ চেষ্টা কৰাটো দূৰৰে কথা , স্বামীয়ে গোটেই সমগ্ৰ দৃশ্যটো  ভিডিঅ' কৰাতহে ব্যস্ত হ’ল।  শোকাৱহ ঘটনাটো ঘটিছে  উত্তৰ প্ৰদেশৰ কানপুৰত।সঞ্জীৱ আৰু সবিতা কানপুৰৰ এহাল দম্পতী। পাৰিবাৰিক অশান্তিৰ বাবে সবিতাই ঘৰৰ ভিতৰতে ওলমি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল। 

প্ৰথমবাৰ তেওঁ  এই কামত বিফল হৈছিল। তেওঁ দ্বিতীয়বাৰৰ বাবে  ফাঁচী  লগাই  আত্মহত্যাৰ চেষ্টা চলায় । গোটেই ঘটনাটো স্বামী সঞ্জীৱৰ সন্মুখতে ঘটিছিল। কিন্তু লোকজনে  পত্নীৰ আত্মহত্যাৰ ভিডিঅ’ গ্ৰহণতহে ব্যস্ত হৈছিল।  ফলত চটফটাই থাকি পত্নী সবিতাৰ মৃত্যু ঘটে। ঘটনাটোৱে সবিতাৰ  পৰিয়াল আৰু চুবুৰীয়াসকল হতবাক কৰি তুলিছে।

সবিতাৰ মৃত্যুৰ পিছত, সঞ্জীৱে তেওঁৰ  পৰিয়ালক এই বিষয়ে অৱগত কৰে। সবিতাৰ পিতৃ ৰাজকিশোৰে কয়, "আমি আহি ছোৱালীজনীৰ মৃতদেহ বিচনাত পৰি থকা দেখিছিলো । আমি লগে লগে আৰক্ষীক খবৰ দিছিলোঁ আৰু ছোৱালীজনীক চিকিৎসালয়লৈ লৈ গৈছিলো। সবিতাক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য'ত চিকিৎসকে তাইক মৃত বুলি ঘোষণা কৰিছিল। ৰাজকিশোৰে আৰু কয়, "সঞ্জীৱে আমাক এটা ভিডিঅ' দেখুৱাইছিল। মই ছোৱালীজনীক তাইৰ ডিঙিত ৰছী  লগাবলৈ চেষ্টা কৰা দেখিছোঁ। সঞ্জীৱে দাবী কৰিছে যে সবিতাই আগতেও আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল। 

খবৰটো পোৱাৰ পিছত কানপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। কানপুৰৰ এচিপি অনুপ সিঙে কয়  যে আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। ভিডিঅ'টোও চোৱা হৈছে। প্ৰথমতে, স্বামী আৰু পত্নীৰ মাজত হোৱা অশান্তিৰ  বাবেই সবিতাই  আত্মহত্যা কৰা  বুলি সন্দেহ কৰা হৈছে। অৱশ্যে স্বামীয়ে কিয় তেওঁক বচাবলৈ চেষ্টা কৰা নাছিল আৰু ভিডিঅ'টোহে কৰিছিল সেয়া অনুসন্ধান কৰি থকা  হৈছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইফালে, মৃতকৰ ঘৰৰ পৰা কোনো লিখিত অভিযোগ দাখিল কৰা হোৱা নাই। ফলস্বৰূপে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰাও হোৱা নাই।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক