--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুৰ সন্মুখতে পত্নীয়ে ডিঙিত  ফাঁচ লগাই   আত্মহত্যা কৰিবলৈ চেষ্টা কৰি আছে। পত্নীক বচাবলৈ চেষ্টা কৰাটো দূৰৰে কথা , স্বামীয়ে গোটেই সমগ্ৰ দৃশ্যটো  ভিডিঅ' কৰাতহে ব্যস্ত হ’ল।  শোকাৱহ ঘটনাটো ঘটিছে  উত্তৰ প্ৰদেশৰ কানপুৰত।সঞ্জীৱ আৰু সবিতা কানপুৰৰ এহাল দম্পতী। পাৰিবাৰিক অশান্তিৰ বাবে সবিতাই ঘৰৰ ভিতৰতে ওলমি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল। 

প্ৰথমবাৰ তেওঁ  এই কামত বিফল হৈছিল। তেওঁ দ্বিতীয়বাৰৰ বাবে  ফাঁচী  লগাই  আত্মহত্যাৰ চেষ্টা চলায় । গোটেই ঘটনাটো স্বামী সঞ্জীৱৰ সন্মুখতে ঘটিছিল। কিন্তু লোকজনে  পত্নীৰ আত্মহত্যাৰ ভিডিঅ’ গ্ৰহণতহে ব্যস্ত হৈছিল।  ফলত চটফটাই থাকি পত্নী সবিতাৰ মৃত্যু ঘটে। ঘটনাটোৱে সবিতাৰ  পৰিয়াল আৰু চুবুৰীয়াসকল হতবাক কৰি তুলিছে।

সবিতাৰ মৃত্যুৰ পিছত, সঞ্জীৱে তেওঁৰ  পৰিয়ালক এই বিষয়ে অৱগত কৰে। সবিতাৰ পিতৃ ৰাজকিশোৰে কয়, "আমি আহি ছোৱালীজনীৰ মৃতদেহ বিচনাত পৰি থকা দেখিছিলো । আমি লগে লগে আৰক্ষীক খবৰ দিছিলোঁ আৰু ছোৱালীজনীক চিকিৎসালয়লৈ লৈ গৈছিলো। সবিতাক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য'ত চিকিৎসকে তাইক মৃত বুলি ঘোষণা কৰিছিল। ৰাজকিশোৰে আৰু কয়, "সঞ্জীৱে আমাক এটা ভিডিঅ' দেখুৱাইছিল। মই ছোৱালীজনীক তাইৰ ডিঙিত ৰছী  লগাবলৈ চেষ্টা কৰা দেখিছোঁ। সঞ্জীৱে দাবী কৰিছে যে সবিতাই আগতেও আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল। 

খবৰটো পোৱাৰ পিছত কানপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। কানপুৰৰ এচিপি অনুপ সিঙে কয়  যে আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। ভিডিঅ'টোও চোৱা হৈছে। প্ৰথমতে, স্বামী আৰু পত্নীৰ মাজত হোৱা অশান্তিৰ  বাবেই সবিতাই  আত্মহত্যা কৰা  বুলি সন্দেহ কৰা হৈছে। অৱশ্যে স্বামীয়ে কিয় তেওঁক বচাবলৈ চেষ্টা কৰা নাছিল আৰু ভিডিঅ'টোহে কৰিছিল সেয়া অনুসন্ধান কৰি থকা  হৈছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইফালে, মৃতকৰ ঘৰৰ পৰা কোনো লিখিত অভিযোগ দাখিল কৰা হোৱা নাই। ফলস্বৰূপে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰাও হোৱা নাই।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু