--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মাত্ৰ ডেৰ দিনৰ ভিতৰতে সমাপ্ত হয়। আজিৰ দিনটোতে চাহ বিৰতিৰ পূৰ্বে লক্ষ্যৰ ৭৯ ৰানত জয়লাভ কৰে ভাৰতে। সেই মেচতে দেখা গ’ল বিশ্ব অভিলেখ। ৯২ বছৰীয়া এই অভিলেখ ভংগ হ’ল।

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ এই মেচখন মাত্ৰ ১০৭ অভাৰত অনুষ্ঠিত হৈছিল। অৰ্থাৎ ৬৪২টা বল খেলা হৈছে। ইয়াৰ পূৰ্বৰ অভিলেখ আছিল ১৯৩২ চনত অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকাত। সেই মেচখন ১০৯.২ অভাৰ বা ৬৫৬ বলত শেষ হৈছিল। তালিকাৰ তৃতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ডৰ মেচ। ১৯৩৫ চনত সেই মেচখন ১১২ অভাৰ বা ৬৭২ বল চলিছিল।

ইয়াৰ পিছতে দুখন এছেছ মেচ অনুষ্ঠিত হয়। দুটা ১৮৮৮ চনৰ। আগষ্ট মাহত ইংলেণ্ডে প্ৰথমটো কেছত জয়লাভ কৰিছিল। সেই মেচত ৭৮৮টা বল খেলা হৈছিল। তাৰ ঠিক আগতে জুলাই মাহত অষ্ট্ৰেলিয়াই ইংলেণ্ডক এখন মেচত পৰাস্ত কৰিছিল। সেই মেচখন ৭৯২টা বলত খেলা হৈছিল।

বুধবাৰে টেষ্টৰ প্ৰথম দিনটোত ২৩টা উইকেট পৰিল। মহম্মদ চিৰাজৰ ৬টা উইকেটৰ বাবেই দক্ষিণ আফ্ৰিকাই ৫৫ ৰান সংগ্ৰহ কৰি অন্ত পেলায়। পিছত ভাৰতেও ১৫৩ ৰানত বল আউট হয়। প্ৰথম দিনাৰ খেল শেষ হোৱাৰ পূৰ্বেই দক্ষিণ আফ্ৰিকাইও তিনিটা উইকেট হেৰুৱাইছিল। পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে পুৱা দক্ষিণ আফ্ৰিকাই দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে ৭টা উইকেট হেৰুৱাইছিল। ইয়াৰ পিছত ভাৰতে ৰান খেদি খেদি ৩ উইকেট হেৰুৱাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক