--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মাত্ৰ ডেৰ দিনৰ ভিতৰতে সমাপ্ত হয়। আজিৰ দিনটোতে চাহ বিৰতিৰ পূৰ্বে লক্ষ্যৰ ৭৯ ৰানত জয়লাভ কৰে ভাৰতে। সেই মেচতে দেখা গ’ল বিশ্ব অভিলেখ। ৯২ বছৰীয়া এই অভিলেখ ভংগ হ’ল।

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ এই মেচখন মাত্ৰ ১০৭ অভাৰত অনুষ্ঠিত হৈছিল। অৰ্থাৎ ৬৪২টা বল খেলা হৈছে। ইয়াৰ পূৰ্বৰ অভিলেখ আছিল ১৯৩২ চনত অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকাত। সেই মেচখন ১০৯.২ অভাৰ বা ৬৫৬ বলত শেষ হৈছিল। তালিকাৰ তৃতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ডৰ মেচ। ১৯৩৫ চনত সেই মেচখন ১১২ অভাৰ বা ৬৭২ বল চলিছিল।

ইয়াৰ পিছতে দুখন এছেছ মেচ অনুষ্ঠিত হয়। দুটা ১৮৮৮ চনৰ। আগষ্ট মাহত ইংলেণ্ডে প্ৰথমটো কেছত জয়লাভ কৰিছিল। সেই মেচত ৭৮৮টা বল খেলা হৈছিল। তাৰ ঠিক আগতে জুলাই মাহত অষ্ট্ৰেলিয়াই ইংলেণ্ডক এখন মেচত পৰাস্ত কৰিছিল। সেই মেচখন ৭৯২টা বলত খেলা হৈছিল।

বুধবাৰে টেষ্টৰ প্ৰথম দিনটোত ২৩টা উইকেট পৰিল। মহম্মদ চিৰাজৰ ৬টা উইকেটৰ বাবেই দক্ষিণ আফ্ৰিকাই ৫৫ ৰান সংগ্ৰহ কৰি অন্ত পেলায়। পিছত ভাৰতেও ১৫৩ ৰানত বল আউট হয়। প্ৰথম দিনাৰ খেল শেষ হোৱাৰ পূৰ্বেই দক্ষিণ আফ্ৰিকাইও তিনিটা উইকেট হেৰুৱাইছিল। পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে পুৱা দক্ষিণ আফ্ৰিকাই দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে ৭টা উইকেট হেৰুৱাইছিল। ইয়াৰ পিছত ভাৰতে ৰান খেদি খেদি ৩ উইকেট হেৰুৱাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু