--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটে ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম ইনিংছত ভাৰতীয় বেটছমেনসকলে কেইবাটাও লজ্জাজনক নজিৰ গঢ়ি তুলিছিল। ইয়াৰ ভিতৰত বিৰাট কোহলীয়ে দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে। কেপ টাউনত ৪৬ ৰানৰ ইনিংছত তেওঁ পাকিস্তানৰ প্ৰাক্তন অধিনায়ক দুগৰাকীক অতিক্ৰম কৰে।

বুধবাৰৰ পাছত টেষ্ট ক্ৰিকেটত কোহলীৰ ৰান হৈছে ৮৮৩৬। টেষ্টৰ সৰ্বোচ্চ ৰানৰ তালিকাত ১৯ নম্বৰ স্থানলৈ উন্নীত হৈছে তেওঁ। আজিৰ দিনটোতে ৪৬ ৰানৰ ইনিংছ খেলি পাকিস্তানৰ প্ৰাক্তন অধিনায়ক দুগৰাকী জাভেদ মিয়ান্দদ আৰু ইনজামাম উল হকক অতিক্ৰমি যায়। মিয়াণ্ডাদে ১২৪খন টেষ্টত ৮৮৩২ ৰান সংগ্ৰহ কৰে। ইনজামামে ১২০খন টেষ্টত ৮৮৩০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে কোহলিয়ে ভিভিএছ লক্ষ্মণৰ ৮৭৮১ ৰান আৰু দক্ষিণ আফ্ৰিকাৰ এবি ডি ভিলিয়াৰ্ছৰ ৮৭৬৫ ৰানত শীৰ্ষস্থান দখল কৰে।

টেষ্টত ৰানৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত কোহলি চতুৰ্থ স্থানত আছে। বিশ্বৰ টেষ্ট ৰাণৰ তালিকাত শীৰ্ষ স্থানত আছে শচীন টেণ্ডুলকাৰ। ২০০ খন টেষ্ট খেলি ১৫৯২১ ৰান সংগ্ৰহ কৰে। দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং। ১৬৮খন টেষ্টত ১৩৩৭৮ ৰান সংগ্ৰহ কৰে। এই তালিকাত তৃতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ জেক কালিছ। ১৬৬খন টেষ্টত ১৩২৮৯ ৰান সংগ্ৰহ কৰে। এই তালিকাত চতুৰ্থ স্থানত আছে ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। দ্ৰাবিদে ১৬৪খন টেষ্টত ১৩২৮৮ ৰান সংগ্ৰহ কৰে।

ভাৰতীয়ৰ ভিতৰত কোহলীতকৈ আগবাঢ়ি আছে সুনীল গাওস্কাৰ। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে ১২৫খন টেষ্টত ১০১২২ ৰান সংগ্ৰহ কৰে। তেওঁ প্ৰথমে টেষ্টত ১০ হাজাৰ ৰানৰ মাইলৰ খুঁটি স্পৰ্শ কৰিছিল। টেষ্ট ৰাণ সংগ্ৰহকাৰীৰ তালিকাত এতিয়া ১৩ নম্বৰ স্থানত আছে গাওস্কাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক