--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটে ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম ইনিংছত ভাৰতীয় বেটছমেনসকলে কেইবাটাও লজ্জাজনক নজিৰ গঢ়ি তুলিছিল। ইয়াৰ ভিতৰত বিৰাট কোহলীয়ে দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে। কেপ টাউনত ৪৬ ৰানৰ ইনিংছত তেওঁ পাকিস্তানৰ প্ৰাক্তন অধিনায়ক দুগৰাকীক অতিক্ৰম কৰে।

বুধবাৰৰ পাছত টেষ্ট ক্ৰিকেটত কোহলীৰ ৰান হৈছে ৮৮৩৬। টেষ্টৰ সৰ্বোচ্চ ৰানৰ তালিকাত ১৯ নম্বৰ স্থানলৈ উন্নীত হৈছে তেওঁ। আজিৰ দিনটোতে ৪৬ ৰানৰ ইনিংছ খেলি পাকিস্তানৰ প্ৰাক্তন অধিনায়ক দুগৰাকী জাভেদ মিয়ান্দদ আৰু ইনজামাম উল হকক অতিক্ৰমি যায়। মিয়াণ্ডাদে ১২৪খন টেষ্টত ৮৮৩২ ৰান সংগ্ৰহ কৰে। ইনজামামে ১২০খন টেষ্টত ৮৮৩০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে কোহলিয়ে ভিভিএছ লক্ষ্মণৰ ৮৭৮১ ৰান আৰু দক্ষিণ আফ্ৰিকাৰ এবি ডি ভিলিয়াৰ্ছৰ ৮৭৬৫ ৰানত শীৰ্ষস্থান দখল কৰে।

টেষ্টত ৰানৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত কোহলি চতুৰ্থ স্থানত আছে। বিশ্বৰ টেষ্ট ৰাণৰ তালিকাত শীৰ্ষ স্থানত আছে শচীন টেণ্ডুলকাৰ। ২০০ খন টেষ্ট খেলি ১৫৯২১ ৰান সংগ্ৰহ কৰে। দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং। ১৬৮খন টেষ্টত ১৩৩৭৮ ৰান সংগ্ৰহ কৰে। এই তালিকাত তৃতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ জেক কালিছ। ১৬৬খন টেষ্টত ১৩২৮৯ ৰান সংগ্ৰহ কৰে। এই তালিকাত চতুৰ্থ স্থানত আছে ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। দ্ৰাবিদে ১৬৪খন টেষ্টত ১৩২৮৮ ৰান সংগ্ৰহ কৰে।

ভাৰতীয়ৰ ভিতৰত কোহলীতকৈ আগবাঢ়ি আছে সুনীল গাওস্কাৰ। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে ১২৫খন টেষ্টত ১০১২২ ৰান সংগ্ৰহ কৰে। তেওঁ প্ৰথমে টেষ্টত ১০ হাজাৰ ৰানৰ মাইলৰ খুঁটি স্পৰ্শ কৰিছিল। টেষ্ট ৰাণ সংগ্ৰহকাৰীৰ তালিকাত এতিয়া ১৩ নম্বৰ স্থানত আছে গাওস্কাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু