--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি বাৰু কেতিয়াবা ভাবিছিলনে যে আপুনি কেতিয়া হাঁহিব, কেতিয়া কান্দিব সেয়াও বেলেগে নিৰ্দ্ধাৰণ কৰি দিব। মানুহৰ নিজৰ হাঁহিটোকো বেলেগে কেতিয়াবা নিয়ন্ত্ৰণ কৰিব পাৰে সেই কথা কেতিয়াবা ভাবিছিলেনে আপুনি? আপুনি নাভাবিলেও এখন দেশত এদিন নহয়, দুদিন নহয় সম্পূৰ্ণ ১১ দিনৰ বাবে হাঁহিব নোৱাৰিব কোনো লোকে। দেশখনৰ নাগৰিকক জোৰ-জবৰদস্তি শোক পালন কৰিবলৈ বাধ্য কৰোৱা হৈছে। ১১ দিনলৈকে কোনেও হাঁহিব নোৱাৰিব, আনন্দ কৰিব নোৱাৰিব, বজাৰ কৰিব নোৱাৰিব। সুৰাপান কৰাতো নিষেধাজ্ঞা আৰোপ কৰা হ'ল। এই অদ্ভূত নিয়ম বান্ধি দিয়া হৈছে উত্তৰ কোৰিয়াত। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে জাৰি কৰিছে এই নিষেধাজ্ঞা।

উত্তৰ কোৰিয়াৰ প্ৰয়াত শাসক কিম জং ইলৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষে বৰ্তমানৰ শাসক কিম জং উনে এই নিষেধাজ্ঞা জাৰি কৰিছে। পিতৃ কিম জং ইলৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষে উত্তৰ কোৰিয়াৰ লোকক ১১ দিনৰ শোক পালনৰ নিৰ্দেশ দিলে কিম জং উনে। এই নিষেধাজ্ঞা উলংঘা কৰা লোকসকলক গ্ৰেপ্তাৰ কৰা হ’ব।

এই ১১ টা দিনত উত্তৰ কোৰিয়াৰ নাগৰিকে ঘৰৰ সামগ্ৰীৰ লগতে কোনো নতুন সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব। জন্মদিন উদযাপন কৰিব নোৱাৰিব। আনকি কোনো লোকৰ মৃত্যু হ'লে অন্তিম সংস্কাৰ কৰাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জং উনৰ পিতৃ কিম জং ইলৰ ২০১১ চনৰ ১৭ ডিচেম্বৰ ৬৯ বছৰ বয়সত হাৰ্ট এটেকৰ ফলত মৃত্যু হৈছিল। ইলৰ মৃত্যুৰ পিছত তেখেতৰ তৃতীয় তথা কণিষ্ঠ পুত্ৰ কিম জং উন দেশখনৰ শাসকৰ পদত অধিষ্ঠিত হয়।

আৰু পঢ়কঃ জীৱন জিন্দাবাদ! ৭০ বছৰীয়া জয়ন্তী ভাইয়ে সমাজক শিকাইছে জীৱন সংগ্ৰামৰ অৰ্থ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু