--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি বাৰু কেতিয়াবা ভাবিছিলনে যে আপুনি কেতিয়া হাঁহিব, কেতিয়া কান্দিব সেয়াও বেলেগে নিৰ্দ্ধাৰণ কৰি দিব। মানুহৰ নিজৰ হাঁহিটোকো বেলেগে কেতিয়াবা নিয়ন্ত্ৰণ কৰিব পাৰে সেই কথা কেতিয়াবা ভাবিছিলেনে আপুনি? আপুনি নাভাবিলেও এখন দেশত এদিন নহয়, দুদিন নহয় সম্পূৰ্ণ ১১ দিনৰ বাবে হাঁহিব নোৱাৰিব কোনো লোকে। দেশখনৰ নাগৰিকক জোৰ-জবৰদস্তি শোক পালন কৰিবলৈ বাধ্য কৰোৱা হৈছে। ১১ দিনলৈকে কোনেও হাঁহিব নোৱাৰিব, আনন্দ কৰিব নোৱাৰিব, বজাৰ কৰিব নোৱাৰিব। সুৰাপান কৰাতো নিষেধাজ্ঞা আৰোপ কৰা হ'ল। এই অদ্ভূত নিয়ম বান্ধি দিয়া হৈছে উত্তৰ কোৰিয়াত। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে জাৰি কৰিছে এই নিষেধাজ্ঞা।

উত্তৰ কোৰিয়াৰ প্ৰয়াত শাসক কিম জং ইলৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষে বৰ্তমানৰ শাসক কিম জং উনে এই নিষেধাজ্ঞা জাৰি কৰিছে। পিতৃ কিম জং ইলৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষে উত্তৰ কোৰিয়াৰ লোকক ১১ দিনৰ শোক পালনৰ নিৰ্দেশ দিলে কিম জং উনে। এই নিষেধাজ্ঞা উলংঘা কৰা লোকসকলক গ্ৰেপ্তাৰ কৰা হ’ব।

এই ১১ টা দিনত উত্তৰ কোৰিয়াৰ নাগৰিকে ঘৰৰ সামগ্ৰীৰ লগতে কোনো নতুন সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব। জন্মদিন উদযাপন কৰিব নোৱাৰিব। আনকি কোনো লোকৰ মৃত্যু হ'লে অন্তিম সংস্কাৰ কৰাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জং উনৰ পিতৃ কিম জং ইলৰ ২০১১ চনৰ ১৭ ডিচেম্বৰ ৬৯ বছৰ বয়সত হাৰ্ট এটেকৰ ফলত মৃত্যু হৈছিল। ইলৰ মৃত্যুৰ পিছত তেখেতৰ তৃতীয় তথা কণিষ্ঠ পুত্ৰ কিম জং উন দেশখনৰ শাসকৰ পদত অধিষ্ঠিত হয়।

আৰু পঢ়কঃ জীৱন জিন্দাবাদ! ৭০ বছৰীয়া জয়ন্তী ভাইয়ে সমাজক শিকাইছে জীৱন সংগ্ৰামৰ অৰ্থ


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ