--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিশ্বৰ এটা স্বেচ্ছাসেৱী সংগঠন ‘ৰিপ’ৰ্টছ উইডাউট বৰ্ডাৰ্ছ’ৰ এক গৱেষণাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য৷ চলিত বছৰত বিশ্বজুৰি ৪৬গৰাকী পেছাদাৰী সাংবাদিকক হত্যা কৰা হৈছে৷ লগতে, কাৰাদণ্ড বিহা হৈছে ৪৮৮গৰাকী সাংবাদিকক৷ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৱে প্ৰতিবছৰে সাংবাদিক নিৰ্যাতনৰ তথ্য প্ৰকাশ কৰি আহিছে৷

এই তথ্যই এতিয়া এটা কথাই স্পষ্ট কৰিছে যে, পৃথিৱী এতিয়া সাংবাদিকৰ বাবে অনুকূল হৈ থকা নাই৷ এই বিষয়টোৱে এতিয়া উদ্বিগ্ন কৰিছে বিশ্বৰ সংবাদজগতত৷ সাংবাদিকৰ কণ্ঠৰুদ্ধ কৰাৰ এক অশুভ পৰম্পৰাই এতিয়া বিশ্বৰ প্ৰতি প্ৰান্ততে শিপাইছে৷ অলপতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক অপেছাদাৰী সমিতি ‘টু প্ৰটেক্ট জাৰ্নালিষ্ট (চিপিজে)’ৰ এক প্ৰতিবেদনতো প্ৰকাশ পাইছিল ভাৰতত সাংবাদিক হত্যাৰ তথ্যৰ পৰিসংখ্যা৷ চলিত বৰ্ষত ভাৰতত ৪জন সাংবাদিকক তেওঁলোকৰ বৃত্তিৰ বাবে ‘হত্যা’ কৰা হৈছে৷

সাংবাদিকতাৰ নিৰপেক্ষতা আৰু মৌলিক চৰিত্ৰত আঘাতে সাংবাদিকতা বৃত্তিটোৰ প্ৰতি সংশয় নমাই আনিছে৷
বাক-স্বাধীনতা হৰণ কৰিব খোজা হৈছে সাংবাদিকৰ৷ চৰকাৰৰ ভুল-ক্ৰুটী আঙুলিয়াই দিয়া মানেই দেশদ্ৰোহ বুলি কোৱা পৰম্পৰাৰ আৰম্ভণি হৈছে৷ যিটো সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ পৰিপন্থী৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে আক্ৰমণে সামাজিক প্ৰেক্ষাপটত বিৰূপ প্ৰভাৱ পেলোৱাৰ উপৰি গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰতিও নিশ্চিত ভাবুকি কঢ়িয়াই আনিব বুলি আশংকা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ