--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিশ্বৰ এটা স্বেচ্ছাসেৱী সংগঠন ‘ৰিপ’ৰ্টছ উইডাউট বৰ্ডাৰ্ছ’ৰ এক গৱেষণাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য৷ চলিত বছৰত বিশ্বজুৰি ৪৬গৰাকী পেছাদাৰী সাংবাদিকক হত্যা কৰা হৈছে৷ লগতে, কাৰাদণ্ড বিহা হৈছে ৪৮৮গৰাকী সাংবাদিকক৷ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৱে প্ৰতিবছৰে সাংবাদিক নিৰ্যাতনৰ তথ্য প্ৰকাশ কৰি আহিছে৷

এই তথ্যই এতিয়া এটা কথাই স্পষ্ট কৰিছে যে, পৃথিৱী এতিয়া সাংবাদিকৰ বাবে অনুকূল হৈ থকা নাই৷ এই বিষয়টোৱে এতিয়া উদ্বিগ্ন কৰিছে বিশ্বৰ সংবাদজগতত৷ সাংবাদিকৰ কণ্ঠৰুদ্ধ কৰাৰ এক অশুভ পৰম্পৰাই এতিয়া বিশ্বৰ প্ৰতি প্ৰান্ততে শিপাইছে৷ অলপতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক অপেছাদাৰী সমিতি ‘টু প্ৰটেক্ট জাৰ্নালিষ্ট (চিপিজে)’ৰ এক প্ৰতিবেদনতো প্ৰকাশ পাইছিল ভাৰতত সাংবাদিক হত্যাৰ তথ্যৰ পৰিসংখ্যা৷ চলিত বৰ্ষত ভাৰতত ৪জন সাংবাদিকক তেওঁলোকৰ বৃত্তিৰ বাবে ‘হত্যা’ কৰা হৈছে৷

সাংবাদিকতাৰ নিৰপেক্ষতা আৰু মৌলিক চৰিত্ৰত আঘাতে সাংবাদিকতা বৃত্তিটোৰ প্ৰতি সংশয় নমাই আনিছে৷
বাক-স্বাধীনতা হৰণ কৰিব খোজা হৈছে সাংবাদিকৰ৷ চৰকাৰৰ ভুল-ক্ৰুটী আঙুলিয়াই দিয়া মানেই দেশদ্ৰোহ বুলি কোৱা পৰম্পৰাৰ আৰম্ভণি হৈছে৷ যিটো সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ পৰিপন্থী৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে আক্ৰমণে সামাজিক প্ৰেক্ষাপটত বিৰূপ প্ৰভাৱ পেলোৱাৰ উপৰি গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰতিও নিশ্চিত ভাবুকি কঢ়িয়াই আনিব বুলি আশংকা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু