--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১১ হাজাৰ ফুট উচ্চতাত উৰন্ত এখন বিমানত হঠাতে ওলাল এডাল ফেটি সাপ। যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। কিন্তু বিমানৰ পাইলটজনে সাহসিকতা দেখুৱাই বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰে।

ঘটনাটো ৩ এপ্ৰিল সোমবাৰে দক্ষিণ আফ্ৰিকাত সংঘটিত হৈছিল। বিমানখনৰ পাইলটজনে জানিবলৈ দিয়া মতে ৩ এপ্ৰিলৰ ৰাতিপুৱা ৰুডলফ ইৰাচমাছে দক্ষিণ আফ্ৰিকাৰ ৱাৰচেষ্টাৰৰ পৰা চাৰিজন যাত্ৰীৰ সৈতে এখন সৰু বিমান নেলস্প্ৰুটলৈ উৰা মাৰিছিল।

হঠাতে পাইলট জনে তেওঁৰ চিটৰ তলত থকা পানী বটলটোলৈ লক্ষ্য কৰে। পানীৰ বটলটো দেখাৰ পিছত ভয় খাই যায়। কিয়নো পানী বটলটোত এডাল ফেটি সাপ মেৰিয়াই আছিল। তেওঁ লগতে কয় যে এক মুহূৰ্তৰ বাবে মই স্তম্ভিত হৈ গৈছিলো।

অৱশ্যে তাৰ পিছত যাত্ৰী ৪ গৰাকীক কথাটো অৱগত কৰি পাইলটজনে সাহসেৰে বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰে। অৱতৰণৰ পিছত গ্ৰাউণ্ড ষ্টাফে বিমানখন খনৰ পৰা সাপ ডাল উলিয়াই আনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস