--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ জনগাঁথনি এতিয়া গভীৰ  সংকটত পৰিছে৷ কিয়নো দেশখনৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা  'এক শিশু নীতি' এতিয়া দেশ খনৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে৷ এটা সময়ত দেশ খনৰ চৰকাৰে পৰিয়ালবোৰক  এটা সন্তান জন্ম দিবলৈ বাধ্য কৰিছিল৷ কিন্তু সেই নীতি  এতিয়া গুৰুতৰভাৱে বিফল হৈছে, যাৰ ফলত জনসংখ্যা লক্ষ্যণীয়ভাবে হ্ৰাস পাইছে। 

তদুপৰি বৰ্তমানৰ প্ৰজন্মই সন্তান জন্ম দি ডাঙৰ-দীঘল কৰিব নিবিচাৰে৷  কিয়নো বৰ্ধিত জীৱন নিৰ্বাহৰ ব্যয় আৰু পৰিয়াল প্ৰতিপালনত হোৱা অসুবিধা, নিযুক্তিৰ অনিশ্চয়তা আদিয়ে এতিয়া চীনৰ নৱ প্ৰজন্মক জুমুৰি দি ধৰিছে৷ সেয়ে নৱ প্ৰজন্মৰ বহুতে  অবিবাহিত হৈ থাকিবলৈ ইচ্ছা কৰি আহিছে৷ পৰ্টেল প্লাছে নীতি অধ্যয়ন কেন্দ্ৰৰ এজন জ্যেষ্ঠ গৱেষণা ফেলো জিউজিয়ান পেঙৰ উদ্ধৃতি দি কৈছে যে আন্তৰ্জাতিক বাণিজ্যৰ কেন্দ্ৰ   হংকঙতো দ্ৰুতগতিত  জনসংখ্যা হ্ৰাস পাইছে৷  জন্মৰ হাৰ হ্ৰাস হোৱা স্বত্বেও চীনত জ্যেষ্ঠ লোকৰ সংখ্যা বৃদ্ধি পাইছে।

 ২০৩৫  চনলৈ চীনৰ   জ্যেষ্ঠ লোকৰ জনসংখ্যা ৪০০ নিযুত বা সমগ্ৰ দেশৰ জনসংখ্যাৰ ৩০  শতাংশ হ'ব বুলি অনুমান কৰা হৈছে। চীনৰ জন্মহাৰ ২০১৭  চনৰ পৰাই হ্ৰাস পাই  আহিছে৷  ২০২১ চনত বেইজিঙে এক নতুন জনসংখ্যা আৰু পৰিয়াল পৰিকল্পনা আইন জাৰি কৰে ৷ যি খন আইনে  চীনা দম্পতীসকলক তিনিটা সন্তান জন্ম দিয়াৰ অনুমতি দিছে৷ ২০২০ চনত চীনত প্ৰতি ১,০০০ গৰাকী লোকত ইয়াৰ সৰ্বনিম্ন ৬.৭৭ জন্মৰ হাৰ নথিভুক্ত কৰা হৈছিল৷ 

 ফলত দেশৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পৰিছে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। ইপিনে চীনক চেৰ পেলাই বিশ্বৰ  আটাইতকৈ জনবহুল দেশত পৰিণত হোৱাৰ দিশে ভাৰত৷চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৱে  শেহতীয়াকৈ  ঘোষণা কৰিছে যে দেশ খনত সম্প্ৰতি  নথিভুক্ত কৰা  মৃত্যুৰ সংখ্যা ১০.৪১  নিযুত জন্মৰ সংখ্যা ৯.৫৬  নিযুততকৈ অধিক৷ ফলত ২০২২  চনত চীনৰ জনসংখ্যা ৮৫০,০০০হ্ৰাস হৈ ১.৪১১৭৫  বিলিয়নত উপনীত হৈছে।চীনত হৈ যোৱা  দুৰ্ভিক্ষৰ ফলত   লাখ লাখ লোকৰ মৃত্যু ঘটিছিল। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে যোৱা বছৰ ভৱিষ্যতবাণী কৰিছিল যে ভাৰতৰ জনসংখ্যা শীঘ্ৰে ১.৪১২ বিলিয়নত উপনীত হ'ব।
 উল্লেখ্য বিগত ছয়  দশকত প্ৰথমবাৰৰ বাবে  চীনৰ  জনসংখ্যা হ্ৰাস হোৱা বুলি চীনৰ চৰকাৰে প্ৰকাশ কৰিছিল। ইয়াৰ লগে লগে  বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে চীনক অতিক্ৰম কৰি ভাৰত প্ৰথম স্থানত থাকিব বুলি সমীক্ষকসকলে প্ৰকাশ কৰিছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ