--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ জনগাঁথনি এতিয়া গভীৰ  সংকটত পৰিছে৷ কিয়নো দেশখনৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা  'এক শিশু নীতি' এতিয়া দেশ খনৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে৷ এটা সময়ত দেশ খনৰ চৰকাৰে পৰিয়ালবোৰক  এটা সন্তান জন্ম দিবলৈ বাধ্য কৰিছিল৷ কিন্তু সেই নীতি  এতিয়া গুৰুতৰভাৱে বিফল হৈছে, যাৰ ফলত জনসংখ্যা লক্ষ্যণীয়ভাবে হ্ৰাস পাইছে। 

তদুপৰি বৰ্তমানৰ প্ৰজন্মই সন্তান জন্ম দি ডাঙৰ-দীঘল কৰিব নিবিচাৰে৷  কিয়নো বৰ্ধিত জীৱন নিৰ্বাহৰ ব্যয় আৰু পৰিয়াল প্ৰতিপালনত হোৱা অসুবিধা, নিযুক্তিৰ অনিশ্চয়তা আদিয়ে এতিয়া চীনৰ নৱ প্ৰজন্মক জুমুৰি দি ধৰিছে৷ সেয়ে নৱ প্ৰজন্মৰ বহুতে  অবিবাহিত হৈ থাকিবলৈ ইচ্ছা কৰি আহিছে৷ পৰ্টেল প্লাছে নীতি অধ্যয়ন কেন্দ্ৰৰ এজন জ্যেষ্ঠ গৱেষণা ফেলো জিউজিয়ান পেঙৰ উদ্ধৃতি দি কৈছে যে আন্তৰ্জাতিক বাণিজ্যৰ কেন্দ্ৰ   হংকঙতো দ্ৰুতগতিত  জনসংখ্যা হ্ৰাস পাইছে৷  জন্মৰ হাৰ হ্ৰাস হোৱা স্বত্বেও চীনত জ্যেষ্ঠ লোকৰ সংখ্যা বৃদ্ধি পাইছে।

 ২০৩৫  চনলৈ চীনৰ   জ্যেষ্ঠ লোকৰ জনসংখ্যা ৪০০ নিযুত বা সমগ্ৰ দেশৰ জনসংখ্যাৰ ৩০  শতাংশ হ'ব বুলি অনুমান কৰা হৈছে। চীনৰ জন্মহাৰ ২০১৭  চনৰ পৰাই হ্ৰাস পাই  আহিছে৷  ২০২১ চনত বেইজিঙে এক নতুন জনসংখ্যা আৰু পৰিয়াল পৰিকল্পনা আইন জাৰি কৰে ৷ যি খন আইনে  চীনা দম্পতীসকলক তিনিটা সন্তান জন্ম দিয়াৰ অনুমতি দিছে৷ ২০২০ চনত চীনত প্ৰতি ১,০০০ গৰাকী লোকত ইয়াৰ সৰ্বনিম্ন ৬.৭৭ জন্মৰ হাৰ নথিভুক্ত কৰা হৈছিল৷ 

 ফলত দেশৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পৰিছে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। ইপিনে চীনক চেৰ পেলাই বিশ্বৰ  আটাইতকৈ জনবহুল দেশত পৰিণত হোৱাৰ দিশে ভাৰত৷চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৱে  শেহতীয়াকৈ  ঘোষণা কৰিছে যে দেশ খনত সম্প্ৰতি  নথিভুক্ত কৰা  মৃত্যুৰ সংখ্যা ১০.৪১  নিযুত জন্মৰ সংখ্যা ৯.৫৬  নিযুততকৈ অধিক৷ ফলত ২০২২  চনত চীনৰ জনসংখ্যা ৮৫০,০০০হ্ৰাস হৈ ১.৪১১৭৫  বিলিয়নত উপনীত হৈছে।চীনত হৈ যোৱা  দুৰ্ভিক্ষৰ ফলত   লাখ লাখ লোকৰ মৃত্যু ঘটিছিল। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে যোৱা বছৰ ভৱিষ্যতবাণী কৰিছিল যে ভাৰতৰ জনসংখ্যা শীঘ্ৰে ১.৪১২ বিলিয়নত উপনীত হ'ব।
 উল্লেখ্য বিগত ছয়  দশকত প্ৰথমবাৰৰ বাবে  চীনৰ  জনসংখ্যা হ্ৰাস হোৱা বুলি চীনৰ চৰকাৰে প্ৰকাশ কৰিছিল। ইয়াৰ লগে লগে  বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে চীনক অতিক্ৰম কৰি ভাৰত প্ৰথম স্থানত থাকিব বুলি সমীক্ষকসকলে প্ৰকাশ কৰিছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ