--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে ১১৪ কোটি টকাৰ ফাইবাৰনেট দুৰ্নীতিৰ গোচৰত ‘মূল অভিযুক্ত’ হিচাপে চিনাক্ত কৰিছে। এই তথ্য অন্ধ্ৰ আৰক্ষীৰ চিআইডিৰ হৈ বিজয়াৱাড়া এ চি বি আদালতে দাখিল কৰা চাৰ্জশ্বীটত প্ৰকাশ কৰিছে।

চন্দ্ৰবাবুৰ উপৰিও অভিযোগনামাত নেট ইণ্ডিয়া হায়দৰাবাদৰ পৰিচালন সঞ্চালক ভি হৰিকৃষ্ণ প্ৰসাদ, আই আৰ টি এছৰ বিষয়া কে সম্ভাশিৱ ৰাওকে ধৰি কেইবাজনো অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে। চাৰ্জ শ্বীটত কোৱা হৈছে যে, “তদানীন্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে শক্তি, আন্তঃগাঁথনি আৰু বিনিয়োগৰ পৰ্টফলিঅ’ গ্ৰহণ কৰিছিল। তেওঁ ব্যক্তিগতভাৱে ফাইবাৰনেট প্ৰকল্পটো ৰূপায়ণ আৰু বিতৰণৰ পৰামৰ্শ দিছিল।”

প্ৰসংগক্ৰমে অন্ধ্ৰপ্ৰদেশ চি আই ডিয়ে অভিযোগ কৰে যে চন্দ্ৰবাবুৰ ২০১৪-১৯ বৰ্ষৰ মুখ্যমন্ত্ৰীত্বৰ সময়ছোৱাত এ পি ফাইবাৰনেট প্ৰকল্প ‘ফেজ-১’ৰ ৩৩০ কোটি টকাৰ আবণ্টনৰ নিবিদা প্ৰক্ৰিয়াত দুৰ্নীতি সংঘটিত হৈছিল। অভিযোগনামাত উল্লেখ কৰা হৈছে যে নিবিদাত অনিয়ম আৰু প্ৰকল্পটোত ব্যৱহৃত সঁজুলিৰ ‘মূল্য আৰু গুণগত মান’ৰ ওপৰত ‘আপোচ’ কৰাৰ বাবে চৰকাৰে কমেও ১১৪ কোটি টকা লোকচানৰ সন্মুখীন হৈছে। অভিযোগ খাৰিজ কৰাৰ সময়তে টিডিপিয়ে দাবী কৰে যে মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী আৰু তেওঁৰ দল ৱাই এছ আৰ কংগ্ৰেছে সঠিক ‘ৰাজনৈতিক প্ৰতিশোধ’ৰ বাবে মিছা অভিযোগ উত্থাপন কৰিছে। চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অন্ধ্ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। সেই ৰাজ্যৰ মূল যুদ্ধ হৈছে শাসকীয় ৱাই এছ আৰ কংগ্ৰেছ আৰু মূল বিৰোধী দল টি ডি পিৰ মাজত।

প্ৰসংগক্ৰমে চন্দ্ৰবাবুক যোৱা ছেপ্টেম্বৰ মাহত ‘অন্ধ্ৰ প্ৰদেশ দক্ষতা বিকাশ দুৰ্নীতিৰ গোচৰ’ত  চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল। এমাহতকৈ অধিক কাৰাগাৰত কটাবলগীয়া হোৱাৰ পাছত ‘স্বাস্থ্যৰ বাবে’ জামিনত মুকলি কৰি দিয়া হয়। সেই গোচৰত চি আই ডিয়ে দাবী কৰিছিল যে ২০১৫ চনত চন্দ্ৰবাবু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজ্য চৰকাৰে অন্ধ্ৰৰ ল’ৰা-ছোৱালীক বিভিন্ন কাৰিকৰী শিক্ষাৰ শিক্ষা প্ৰদানৰ বাবে এটা ব্যক্তিগত সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল।চুক্তিখনত কোৱা হৈছিল যে এই প্ৰকল্পৰ খৰচৰ ১০ শতাংশ চৰকাৰে আৰু বাকী ৯০ শতাংশ ব্যক্তিগত খণ্ডই বহন কৰিব। অভিযোগ অনুসৰি ব্যক্তিগত কোম্পানীয়ে চুক্তি অনুসৰি ধন পৰিশোধ কৰা নাছিল। সকলো খৰচ চৰকাৰী কোষাগাৰৰ পৰাই হৈছিল। আৰু ব্যক্তিগত সংস্থাটোৱে নিদিয়া ধন চন্দ্ৰবাবুৰ ঘনিষ্ঠ একাংশ লোকৰ বাণিজ্যিক কোম্পানীলৈ ডাইভাৰ্ট কৰা হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী