--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে ১১৪ কোটি টকাৰ ফাইবাৰনেট দুৰ্নীতিৰ গোচৰত ‘মূল অভিযুক্ত’ হিচাপে চিনাক্ত কৰিছে। এই তথ্য অন্ধ্ৰ আৰক্ষীৰ চিআইডিৰ হৈ বিজয়াৱাড়া এ চি বি আদালতে দাখিল কৰা চাৰ্জশ্বীটত প্ৰকাশ কৰিছে।

চন্দ্ৰবাবুৰ উপৰিও অভিযোগনামাত নেট ইণ্ডিয়া হায়দৰাবাদৰ পৰিচালন সঞ্চালক ভি হৰিকৃষ্ণ প্ৰসাদ, আই আৰ টি এছৰ বিষয়া কে সম্ভাশিৱ ৰাওকে ধৰি কেইবাজনো অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে। চাৰ্জ শ্বীটত কোৱা হৈছে যে, “তদানীন্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে শক্তি, আন্তঃগাঁথনি আৰু বিনিয়োগৰ পৰ্টফলিঅ’ গ্ৰহণ কৰিছিল। তেওঁ ব্যক্তিগতভাৱে ফাইবাৰনেট প্ৰকল্পটো ৰূপায়ণ আৰু বিতৰণৰ পৰামৰ্শ দিছিল।”

প্ৰসংগক্ৰমে অন্ধ্ৰপ্ৰদেশ চি আই ডিয়ে অভিযোগ কৰে যে চন্দ্ৰবাবুৰ ২০১৪-১৯ বৰ্ষৰ মুখ্যমন্ত্ৰীত্বৰ সময়ছোৱাত এ পি ফাইবাৰনেট প্ৰকল্প ‘ফেজ-১’ৰ ৩৩০ কোটি টকাৰ আবণ্টনৰ নিবিদা প্ৰক্ৰিয়াত দুৰ্নীতি সংঘটিত হৈছিল। অভিযোগনামাত উল্লেখ কৰা হৈছে যে নিবিদাত অনিয়ম আৰু প্ৰকল্পটোত ব্যৱহৃত সঁজুলিৰ ‘মূল্য আৰু গুণগত মান’ৰ ওপৰত ‘আপোচ’ কৰাৰ বাবে চৰকাৰে কমেও ১১৪ কোটি টকা লোকচানৰ সন্মুখীন হৈছে। অভিযোগ খাৰিজ কৰাৰ সময়তে টিডিপিয়ে দাবী কৰে যে মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী আৰু তেওঁৰ দল ৱাই এছ আৰ কংগ্ৰেছে সঠিক ‘ৰাজনৈতিক প্ৰতিশোধ’ৰ বাবে মিছা অভিযোগ উত্থাপন কৰিছে। চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অন্ধ্ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। সেই ৰাজ্যৰ মূল যুদ্ধ হৈছে শাসকীয় ৱাই এছ আৰ কংগ্ৰেছ আৰু মূল বিৰোধী দল টি ডি পিৰ মাজত।

প্ৰসংগক্ৰমে চন্দ্ৰবাবুক যোৱা ছেপ্টেম্বৰ মাহত ‘অন্ধ্ৰ প্ৰদেশ দক্ষতা বিকাশ দুৰ্নীতিৰ গোচৰ’ত  চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল। এমাহতকৈ অধিক কাৰাগাৰত কটাবলগীয়া হোৱাৰ পাছত ‘স্বাস্থ্যৰ বাবে’ জামিনত মুকলি কৰি দিয়া হয়। সেই গোচৰত চি আই ডিয়ে দাবী কৰিছিল যে ২০১৫ চনত চন্দ্ৰবাবু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজ্য চৰকাৰে অন্ধ্ৰৰ ল’ৰা-ছোৱালীক বিভিন্ন কাৰিকৰী শিক্ষাৰ শিক্ষা প্ৰদানৰ বাবে এটা ব্যক্তিগত সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল।চুক্তিখনত কোৱা হৈছিল যে এই প্ৰকল্পৰ খৰচৰ ১০ শতাংশ চৰকাৰে আৰু বাকী ৯০ শতাংশ ব্যক্তিগত খণ্ডই বহন কৰিব। অভিযোগ অনুসৰি ব্যক্তিগত কোম্পানীয়ে চুক্তি অনুসৰি ধন পৰিশোধ কৰা নাছিল। সকলো খৰচ চৰকাৰী কোষাগাৰৰ পৰাই হৈছিল। আৰু ব্যক্তিগত সংস্থাটোৱে নিদিয়া ধন চন্দ্ৰবাবুৰ ঘনিষ্ঠ একাংশ লোকৰ বাণিজ্যিক কোম্পানীলৈ ডাইভাৰ্ট কৰা হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু