--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুযোগসন্ধানী নে উচিত মূল্য দলৰ মজিয়াত নোপোৱাৰ বাবে দল এৰিবলৈ সাজু একালৰ প্ৰতাপী ৰাজনীতিবিদ কমল নাথ৷মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে ভাৰতীয় জনতা পাৰ্টীলৈ গমনৰ বাতৰিৰ মাজতে কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰিছে যে জ্যেষ্ঠ নেতাগৰাকীয়ে দল এৰাৰ চিন্তা কৰিছে, কিয়নো দলৰ নেতৃত্বই কমল নাথক ৰাজ্যসভাৰ টিকট প্ৰদানৰ পৰা বঞ্চিত কৰিছে।

কংগ্ৰেছৰ ভিতৰৰ সূত্ৰই ইণ্ডিয়া টুডে টিভিক জনোৱা মতে, "কমল নাথে বিজেপিলৈ যোৱাৰ সম্ভাৱনা আছে আৰু কংগ্ৰেছ নেতৃত্বই তেওঁৰ ওচৰলৈ যোৱাৰ কোনো চেষ্টা কৰা নাই।''

দল সলনিৰ বাবে কমল নাথ আৰু তেওঁৰ পুত্ৰ নকুল নাথৰ সৈতে বিজেপিৰ শীৰ্ষ মহলৰ সৈতে যোগাযোগ আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শনিবাৰে কমল নাথ দিল্লীত উপস্থিত হোৱাৰ পাছতে এই জল্পনা-কল্পনাৰ দেশজুৰি সৃষ্টি হয়। ৰাষ্ট্ৰীয় ৰাজধানীত সাংবাদিকৰ সৈতে কৰা বাৰ্তালাপত প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে কয় যে যদি দল সলোৱাৰ কিবা সিদ্ধান্ত হয় তেন্তে তেওঁ প্ৰথমে সংবাদ মাধ্যমক অৱগত কৰিব।


উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ পাছত কমল নাথক দলটোৰ মধ্যপ্ৰদেশ ইউনিটৰ মুৰব্বী আসনৰ পৰা আঁতৰ কৰা হয়৷সদ্যঘোষিত মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২৩০ জনীয়া সদনৰ পৰা ১৬৩খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে। কংগ্ৰেছে মাত্ৰ ৬৬খন আসন লাভ কৰিবলৈ সক্ষম হয়।


কমল নাথে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক সাক্ষাৎ কৰি ৰাজ্যসভাৰ মনোনয়ন বিচৰা বুলিও সূত্ৰই দাবী কৰিছে। সূত্ৰই লগতে কয় যে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে আনকি তেওঁৰ মনোনয়ন সমৰ্থন কৰিবলৈ বিধায়কক আতিথ্য দিছিল৷ৰাজনীতিৰ পথাৰখনত কমল নাথ ছিন্দৱাৰাৰ ৯টা কাৰ্যকালৰ কংগ্ৰেছ সাংসদ। ২০১৯ চনৰ নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনৰ বাকী ২৮খন আসন বুটলিবলৈ সক্ষম হোৱাৰ সময়তো তেওঁৰ পুত্ৰ নকুল নাথে এই আসনখন দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু