--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুযোগসন্ধানী নে উচিত মূল্য দলৰ মজিয়াত নোপোৱাৰ বাবে দল এৰিবলৈ সাজু একালৰ প্ৰতাপী ৰাজনীতিবিদ কমল নাথ৷মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে ভাৰতীয় জনতা পাৰ্টীলৈ গমনৰ বাতৰিৰ মাজতে কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰিছে যে জ্যেষ্ঠ নেতাগৰাকীয়ে দল এৰাৰ চিন্তা কৰিছে, কিয়নো দলৰ নেতৃত্বই কমল নাথক ৰাজ্যসভাৰ টিকট প্ৰদানৰ পৰা বঞ্চিত কৰিছে।

কংগ্ৰেছৰ ভিতৰৰ সূত্ৰই ইণ্ডিয়া টুডে টিভিক জনোৱা মতে, "কমল নাথে বিজেপিলৈ যোৱাৰ সম্ভাৱনা আছে আৰু কংগ্ৰেছ নেতৃত্বই তেওঁৰ ওচৰলৈ যোৱাৰ কোনো চেষ্টা কৰা নাই।''

দল সলনিৰ বাবে কমল নাথ আৰু তেওঁৰ পুত্ৰ নকুল নাথৰ সৈতে বিজেপিৰ শীৰ্ষ মহলৰ সৈতে যোগাযোগ আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শনিবাৰে কমল নাথ দিল্লীত উপস্থিত হোৱাৰ পাছতে এই জল্পনা-কল্পনাৰ দেশজুৰি সৃষ্টি হয়। ৰাষ্ট্ৰীয় ৰাজধানীত সাংবাদিকৰ সৈতে কৰা বাৰ্তালাপত প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে কয় যে যদি দল সলোৱাৰ কিবা সিদ্ধান্ত হয় তেন্তে তেওঁ প্ৰথমে সংবাদ মাধ্যমক অৱগত কৰিব।


উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ পাছত কমল নাথক দলটোৰ মধ্যপ্ৰদেশ ইউনিটৰ মুৰব্বী আসনৰ পৰা আঁতৰ কৰা হয়৷সদ্যঘোষিত মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২৩০ জনীয়া সদনৰ পৰা ১৬৩খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে। কংগ্ৰেছে মাত্ৰ ৬৬খন আসন লাভ কৰিবলৈ সক্ষম হয়।


কমল নাথে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক সাক্ষাৎ কৰি ৰাজ্যসভাৰ মনোনয়ন বিচৰা বুলিও সূত্ৰই দাবী কৰিছে। সূত্ৰই লগতে কয় যে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে আনকি তেওঁৰ মনোনয়ন সমৰ্থন কৰিবলৈ বিধায়কক আতিথ্য দিছিল৷ৰাজনীতিৰ পথাৰখনত কমল নাথ ছিন্দৱাৰাৰ ৯টা কাৰ্যকালৰ কংগ্ৰেছ সাংসদ। ২০১৯ চনৰ নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনৰ বাকী ২৮খন আসন বুটলিবলৈ সক্ষম হোৱাৰ সময়তো তেওঁৰ পুত্ৰ নকুল নাথে এই আসনখন দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী