--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাংলাদেশী নাগৰিকৰ দলটোক প্ৰথমে এগৰাকী স্থানীয় ব্যৱসায়ীয়ে প্ৰত্যক্ষ কৰে আৰু আন এগৰাকী লোকৰ সহযোগত আটাইকে গোৱালপাৰা আৰক্ষীক গতাই দিয়ে।

ডিজিটেল ডেস্ক: গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক। দালালৰ জৰিয়তে মেঘালয়ৰ ডাউকী হৈ ভাৰতত প্ৰৱেশ কৰে এই বাংলাদেশী নাগৰিকৰ দলটো। ডাউকীৰ পৰা গুৱাহাটীলৈ অহাৰ পিছত গোৱালপাৰালৈ পঠিয়াই দিয়ে দালালে।


হাতত ধন নথকাৰ বাবে দলটো যথেষ্ঠ অসুবিধাত পৰে। গোৱালপাৰাত নিগাজিকৈ থকাৰ লক্ষ্যৰে অহা দুটাকৈ বাংলাদেশী পৰিয়ালৰ লোকক বন্দবস্তিৰ ধন নাপাই দালালে এৰি থৈ যায়। গোৱালপাৰা চহৰৰ আমলা টাৱাৰ নামৰ ব্যৱসায়িক অট্টালিকাটোৰ তলত নিশা এৰি থৈ দালালজন আত্মগোপন কৰে। 


বাংলাদেশী নাগৰিকৰ দলটোক প্ৰথমে এগৰাকী স্থানীয় ব্যৱসায়ীয়ে প্ৰত্যক্ষ কৰে আৰু আন এগৰাকী লোকৰ সহযোগত আটাইকে গোৱালপাৰা আৰক্ষীক গতাই দিয়ে। গোৱালপাৰা চহৰৰ যান-বাহন আৰক্ষীয়ে যান-বাহন নিয়ন্ত্ৰণ কক্ষত সোধপোছ কৰাত বাংলাদেশী নাগৰিকৰ দলটোয়ে ভাৰতত নিগাজীকৈ থকাৰ লক্ষ্যৰে এটা পৰিয়াল বাংলাদেশৰ মৌলবী জিলাৰ বৰলেখা থানাৰ অন্তৰ্গত হাছিমপুৰ গাঁৱৰ পৰা অহা বুলি কয়। এই পৰিয়ালটোৰ শিশুসহ মুঠ ৭গৰাকী লোক ভাৰতলৈ আহে। আৰক্ষীৰ আগত দিয়া পৰিচয় মতে চিৰাজুল ইছলাম আৰু জবেদা বেগমৰ সৈতে পাঁচ সন্তান ক্ৰমে মহম্মদ ফাহিম আহমেদ, ৰাহীম আহমেদ, টানিয়া বেগম, ফাহিমা বেগম আৰু আলী হুছেইন।


আনটো, পৰিয়াল বাংলাদেশৰ ছিলেট জিলাৰ সুনমগোঞ্জ থানাৰ পশ্চিম চানপুৰ গাঁৱৰ মহম্মদ আমিৰ আলী আৰু তেওঁৰ দুই পত্নী খুদেজা বেগম আৰু ৰুণেকা আখতাৰৰ সৈতে দুই সন্তান ক্ৰমে ৰাহেন আলী আৰু ইয়াচিন আলী। 


ভাৰতবিৰোধী বিশেষ চক্ৰ এটাই হাজাৰ হাজাৰ বাংলাদেশী নাগৰিকক মেঘালয়ৰ ডাউকী তথা ভিন্ন পথেৰে ভাৰতত প্ৰৱেশ কৰোৱায়। এই চক্ৰটোৰ পৰিকল্পনা মতে ইতিমধ্যে বহু বাংলাদেশী নাগৰিকক অসমৰ উপৰি ভিন্ন ৰাজ্যলৈ প্ৰৱেশ কৰাইছে। এই চক্ৰটোৰ বিৰুদ্ধে ভাৰত চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে উত্তৰ পূৰ্বাঞ্চলৰ জনবিন্যাস আগন্তুক দহ বছৰত সলনি হৈ পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ