ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ মন্দিয়াত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। মন্দিয়া আঞ্চলিক কলেজৰ সন্মুখত চলন্ত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত হৈছে এগৰাকী কণমানি ছাত্ৰী। এই শোকাৱহ দুৰ্ঘটনাত আন কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, নিহত কণমানি গৰাকী মন্দিয়া ওৰিয়েণ্টেল জাতীয় বিদ্যালয়ৰ অংকুৰ শ্ৰেণীৰ ছাত্ৰী আছিল। শিশুটিৰ নাম মৈত্ৰী পাল আৰু তেওঁৰ পিতৃৰ নাম গৌৰ চন্দ্ৰ পাল, ঘৰ মন্দিয়া অঞ্চলত বুলি জানিব পৰা গৈছে।
দিনৰ ভাগত বিদ্যালয়ৰ ছুটি হোৱাৰ পিছত মাতৃৰ লগত ই-ৰিক্সাৰে নিজ গৃহলৈ উভতি গৈ আছিল কণমানি মৈত্ৰী। মন্দিয়া আঞ্চলিক কলেজৰ সমীপলৈ আহি থকা পথত হঠাতে ই-ৰিক্সাখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। ফলত ই-ৰিক্সাৰ পৰা ছিটিকি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কণমানি মৈত্ৰী পাল। দুৰ্ঘটনাৰ স্থানতে শিশুটিৰ কৰুণ মৃত্যু হয় বুলি জানিব পৰা গৈছে।
এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ই-ৰিক্সাখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS 15 GR 2195। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত মন্দিয়া থানাৰ আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি তদন্ত আৰম্ভ কৰিছে।
ইফালে, স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা ই-ৰিক্সা আৰু টেম্প' আদি বাহনৰ সুৰক্ষা সন্দৰ্ভত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিদ্যালয়ৰ ছুটীৰ সময়ত একাংশ চালকে ক্ষিপ্ৰ গতিৰে বাহন চলোৱাৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। কণমানি মৈত্ৰীৰ আকস্মিক মৃত্যুৱে সমগ্ৰ মন্দিয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।