--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ৰ বিফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই পুনৰ নতুন উদ্যমেৰে চন্দ্ৰযান-৩ অভিযানৰ বাবে সাজু হৈছে। যদি সকলো ঠিকে-ঠাকে থাকে তেন্তে  চন্দ্ৰযান-৩-এ জুলাই মাহৰ  দ্বিতীয় সপ্তাহত চন্দ্ৰলৈ উৰা মাৰিব। ফেব্ৰুৱাৰীত ইছৰোৰ এই যান খনে  প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰ পোৱা গৈছিল। 

তাৰ পিছত যোৱা মাহত ঘোষণা কৰা হৈছিল যে অভিযানটো  জুলাইত আৰম্ভ হ'ব। এতিয়ালৈকে জনা মতে যান খনে  ১২ জুলাইত চন্দ্ৰ অভিমুখে যাত্ৰা কৰাৰ সম্ভাৱনা আছে। সেই দিনটোত যাত্ৰা কৰিলে যান খনে  ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে। মহাকাশযানখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এখন  আটাইতকৈ গধুৰ উৎক্ষেপণ বাহনৰ দ্বাৰা  উৎক্ষেপণ কৰা হ'ব। সেই যান খনক  মাৰ্ক-৩  বুলি কোৱা হয়।উল্লেখ্য  চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত ভাৰতে এক বিশেষ সফলতা লভিবলৈ সক্ষম হৈছে।

 চন্দ্ৰযান-২ অভিযান শেষ মুহূৰ্তত বিফল হোৱাৰ পিছত ভাৰতে এইবাৰ চন্দ্ৰযান-৩ৰ অভিযানৰ বাবে সাজু হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ভাৰতীয় হাকাশ গৱেষণা সংস্থাই ইছৰোই  চন্দ্ৰযান-৩ প্ৰাথমিক পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছিল। জানিব পৰা মতে ইছৰোই  এতিয়া কেৱল চূড়ান্ত গণনাৰ বাবে অপেক্ষা কৰি আছে। যদি সকলো ঠিকে থাকে, ইছৰোই মহাকাশ গৱেষণাত ইতিহাস সৃষ্টি কৰি পাৰিব। চন্দ্ৰযান-৩ প্ৰেৰণৰ  মাহটো হয়তো জুলাই হ’ব বুলি বিশেষ সূত্ৰই পূৰ্বেও প্ৰকাশ কৰিছিল।  ভাৰতীয় বিজ্ঞানীসকলে নিৰ্মাণ কৰা এই অত্যাধুনিক যানখনে চন্দ্ৰৰ মাটি, বতৰ আদিৰ বিষয়ে পৃথিৱীলৈ তথ্য প্ৰেৰণ কৰিব। ই  পৃথিৱীৰ উপগ্ৰহটোৰ অধ্যয়নত নতুন দিশৰ সন্ধান দিব পাৰিব বুলি আশা কৰা হৈছে। 


উল্লেখ্য ভাৰতৰ চন্দ্ৰযান-২ অভিযান  সফল হোৱা নাছিল। চন্দ্ৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰি থকাৰ সময়তে যান্ত্ৰিক বিজুতি ঘটি  চন্দ্ৰযান-২ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ফলত ভাৰতৰ সেই  অভিযানটো বিফল হৈছিল। ইছৰোৰ বিজ্ঞানীসকলে আত্মবিশ্বাস হেৰুৱাই নেপেলাই  চন্দ্ৰযান-৩ ক সফল কৰিবলৈ চেষ্টা চলাই  আছে। 

 কিছুদিন পূৰ্বে ইছৰোৰ  নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এগৰাকী  বিষয়ায়ো  কৈছিল , "জুলাইৰ প্ৰথম বা দ্বিতীয় সপ্তাহত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰাৰ সম্ভাৱনা আছে। চন্দ্ৰ অভিযানৰ তৃতীয় মহাকাশযানখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ কৰা হ'ব।’’ শেহতীয়াকৈ, ইছৰোৰ মুৰব্বী এছ সোমনাথে কৈছে  "চন্দ্ৰযান-৩ৰ প্ৰাথমিক উদ্দেশ্য হৈছে চন্দ্ৰত  পৰিকল্পিত অৱতৰণ কৰা। বিজ্ঞানীসকলে ইয়াৰ বাবে দিনে-ৰাতি কাম কৰি আছে। কেইবাটাও নতুন সঁজুলি বিকশিত কৰা হৈছে, সফলতা নিশ্চিত কৰাৰ লগতে  বিফলতাৰ দিশবোৰৰ ওপৰত বিশেষ চকু ৰখা হৈছে।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement