--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰস্ৰাৱ আৰু ঘাম , দুয়ো বিধেই বৰ্জনীয় পদাৰ্থ। কিন্তু এই বৰ্জনীয় পদাৰ্থৰ পৰাই নাছাৰ বিজ্ঞানীয়ে প্ৰস্তুত কৰিছে ফটফটীয়া খোৱাপানী। সেই পানী যিকোনো লোকেই পান কৰিব পাৰে কোনো চিন্তা নকৰাকৈয়ে। নাছাৰ বিজ্ঞানীসকলে প্ৰস্ৰাৱ আৰু ঘামৰ পৰা খোৱাপানী সৃষ্টি কৰি মহাকাশত খোৱাপানীৰ অভাৱ দূৰ কৰাৰ চেষ্টা চলাইছে।

 নাছাৰ বিজ্ঞানীসকলে পিছে  পৃথিৱীত নহয়, মহাকাশত থাকিয়েই এই মহান আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।  বিজ্ঞানীসকলে মানৱ শৰীৰৰ পৰা নিৰ্গত তৰল আৱৰ্জনাৰ পৰা ৯৮ শতাংশ পৰিষ্কাৰ খোৱাপানী আহৰণ কৰিবলৈ সক্ষম হৈছে। নাছাই এই সফলতাক এক নতুন মাইলৰ খুঁটি হিচাপে গণ্য কৰিছে।

নাছাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ (আইএছএছ) মহাকাশচাৰীসকলে দীৰ্ঘদিন ধৰি পানীৰ সমস্যা সমাধানৰ চেষ্টা কৰি আহিছে। এই বিষয়ত বহু পৰীক্ষা আৰু অধ্যয়ন চলি আছিল। অৱশেষত প্ৰস্ৰাৱ আৰু ঘামৰ পৰা খোৱাপানী তৈয়াৰ কৰাত সফলতা অৰ্জন কৰিলে নাছাৰ বিজ্ঞানীসকলে।এনেদৰে ঘাম আৰু প্ৰস্ৰাৱৰ পৰা পোৱা খোৱাপানীয়ে মহাকাশচাৰীসকলৰ খোৱাপানীৰ অভাৱ দূৰ কৰিব পাৰিব বুলি আশা কৰা হৈছে। 

উল্লেখ্য আইএছএছৰ মহাকাশচাৰীসকলক প্ৰতিদিনে এক গেলন পৰিষ্কাৰ পানীৰ প্ৰয়োজন হয়। খোৱাৰ উপৰি  তেওঁলোকে এই পানী শাৰীৰিক সক্ৰিয়তা, খাদ্য প্ৰস্তুতি আৰু অন্যান্য প্ৰয়োজনীয়তাৰ বাবে ব্যৱহাৰ কৰে। বৰ্জিত পদাৰ্থৰ  পৰা খোৱা পানী আহৰণে অনাগত দিনবোৰত একাধিক মহাকাশ অভিযানত যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে।

নাছাৰ মতে, পৰিৱেশ নিয়ন্ত্ৰণ আৰু জীৱন সুৰক্ষা পদ্ধতি (ইচিএলএছএছ) ব্যৱহাৰ কৰি প্ৰস্ৰাৱ আৰু ঘামৰ  পৰা ৯৮  শতাংশ খোৱাপানী নিষ্কাশন কৰা সম্ভৱ হৈছে। অনাগত দিনবোৰত খাদ্য, পানী আৰু বায়ু পুনৰ ব্যৱহাৰযোগ্য কৰাৰ প্ৰচেষ্টা চলি আছে বুলিও বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। উল্লেখ্য আইএছএছ হৈছে মহাকাশত ওপঙি থকা এটা ষ্টেচন যি পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। ই পৃথিৱীৰ পৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত। আইএছএছক পৃথিৱীৰ পৰা ৰাতিৰ আকাশত পোহৰৰ বিন্দু হিচাপে ওপঙি থকা দেখা যায়। এই ষ্টেচনত নাছাৰ মহাকাশচাৰীসকলে বিভিন্ন গৱেষণাৰ কামত নিয়োজিত হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে