--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰস্ৰাৱ আৰু ঘাম , দুয়ো বিধেই বৰ্জনীয় পদাৰ্থ। কিন্তু এই বৰ্জনীয় পদাৰ্থৰ পৰাই নাছাৰ বিজ্ঞানীয়ে প্ৰস্তুত কৰিছে ফটফটীয়া খোৱাপানী। সেই পানী যিকোনো লোকেই পান কৰিব পাৰে কোনো চিন্তা নকৰাকৈয়ে। নাছাৰ বিজ্ঞানীসকলে প্ৰস্ৰাৱ আৰু ঘামৰ পৰা খোৱাপানী সৃষ্টি কৰি মহাকাশত খোৱাপানীৰ অভাৱ দূৰ কৰাৰ চেষ্টা চলাইছে।

 নাছাৰ বিজ্ঞানীসকলে পিছে  পৃথিৱীত নহয়, মহাকাশত থাকিয়েই এই মহান আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।  বিজ্ঞানীসকলে মানৱ শৰীৰৰ পৰা নিৰ্গত তৰল আৱৰ্জনাৰ পৰা ৯৮ শতাংশ পৰিষ্কাৰ খোৱাপানী আহৰণ কৰিবলৈ সক্ষম হৈছে। নাছাই এই সফলতাক এক নতুন মাইলৰ খুঁটি হিচাপে গণ্য কৰিছে।

নাছাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ (আইএছএছ) মহাকাশচাৰীসকলে দীৰ্ঘদিন ধৰি পানীৰ সমস্যা সমাধানৰ চেষ্টা কৰি আহিছে। এই বিষয়ত বহু পৰীক্ষা আৰু অধ্যয়ন চলি আছিল। অৱশেষত প্ৰস্ৰাৱ আৰু ঘামৰ পৰা খোৱাপানী তৈয়াৰ কৰাত সফলতা অৰ্জন কৰিলে নাছাৰ বিজ্ঞানীসকলে।এনেদৰে ঘাম আৰু প্ৰস্ৰাৱৰ পৰা পোৱা খোৱাপানীয়ে মহাকাশচাৰীসকলৰ খোৱাপানীৰ অভাৱ দূৰ কৰিব পাৰিব বুলি আশা কৰা হৈছে। 

উল্লেখ্য আইএছএছৰ মহাকাশচাৰীসকলক প্ৰতিদিনে এক গেলন পৰিষ্কাৰ পানীৰ প্ৰয়োজন হয়। খোৱাৰ উপৰি  তেওঁলোকে এই পানী শাৰীৰিক সক্ৰিয়তা, খাদ্য প্ৰস্তুতি আৰু অন্যান্য প্ৰয়োজনীয়তাৰ বাবে ব্যৱহাৰ কৰে। বৰ্জিত পদাৰ্থৰ  পৰা খোৱা পানী আহৰণে অনাগত দিনবোৰত একাধিক মহাকাশ অভিযানত যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে।

নাছাৰ মতে, পৰিৱেশ নিয়ন্ত্ৰণ আৰু জীৱন সুৰক্ষা পদ্ধতি (ইচিএলএছএছ) ব্যৱহাৰ কৰি প্ৰস্ৰাৱ আৰু ঘামৰ  পৰা ৯৮  শতাংশ খোৱাপানী নিষ্কাশন কৰা সম্ভৱ হৈছে। অনাগত দিনবোৰত খাদ্য, পানী আৰু বায়ু পুনৰ ব্যৱহাৰযোগ্য কৰাৰ প্ৰচেষ্টা চলি আছে বুলিও বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। উল্লেখ্য আইএছএছ হৈছে মহাকাশত ওপঙি থকা এটা ষ্টেচন যি পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। ই পৃথিৱীৰ পৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত। আইএছএছক পৃথিৱীৰ পৰা ৰাতিৰ আকাশত পোহৰৰ বিন্দু হিচাপে ওপঙি থকা দেখা যায়। এই ষ্টেচনত নাছাৰ মহাকাশচাৰীসকলে বিভিন্ন গৱেষণাৰ কামত নিয়োজিত হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান