--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰফে আগুৰা এণ্টাৰ্কটিকাৰ গৰ্ভত লুকাই আছে বহু ৰহস্য।বিজ্ঞানীসকলে এণ্টাৰ্কটিকাৰ বৰফ পৃষ্ঠৰ তলত এনে এক পৰিৱেশ তন্ত্ৰ বিচাৰি পাইছে যিটো আজিলৈকে পৃথিৱীৰ আন ঠাইত  কেতিয়াও দেখা যোৱা নাই। এণ্টাৰ্কটিকাৰ বৰফৰ পৃষ্ঠৰ তলত, এটা ভূগৰ্ভস্থ নদী আৰু  এটা অন্ধকাৰ গুহা আছে বুলি বিজ্ঞানীসকলে জানিব পাৰিছে। সেই গুহাটোত কেতবোৰ  সৰু সৰু জন্তুৱে বাস  কৰি আছে বুলিও ,যিবোৰ দেখিবলৈ মিছামাছৰ দৰে । এনে প্ৰাণী পৃথিৱীৰ আন ঠাইত বিজ্ঞানীসকলে কেতিয়াও দেখা নাই বুলি প্ৰকাশ কৰিছে।

বিজ্ঞানীসকলে এণ্টাৰ্কটিকাৰ পূব উপকূলৰ সৈতে সংলগ্ন লাৰ্চেন আইচ শ্বেল্ফৰ তলত এই বিচিত্ৰ পৃথিৱী খনৰ সন্ধান লাভ কৰিছে।

 লাৰ্চেন আইচ শ্বেল্ফ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ আইচবাৰ্গ। এই আইচবাৰ্গটো ২০২১ চনত ভাঙি পৰিছিল। গৱেষকৰ দলটোৱে বৰফৰ পৃষ্ঠত ১৬৪০ ফুট অৰ্থাৎ প্ৰায় ৫০০ মিটাৰ ড্ৰিল কৰিছিল। তেওঁলোকে ড্ৰিল কৰোতে ব্যৱহাৰ কৰা পাইপৰ সৈতে এটা কেমেৰা আছিল। কেমেৰাটোত এণ্টাৰ্কটিকাৰ ৫০০ মিটাৰ তলত ইয়াত শ শ জলজ প্ৰাণীৰ ছবি বন্দী হৈছে।

ইমান শীতল ঠাইৰ তলত এনেদৰে জীৱই বিচৰণ কৰি থকাৰ কথাই বিজ্ঞানীসকলক বিস্মিত কৰি তুলিছে।
এই অভিযানত ভাগ লোৱা বিজ্ঞানী ক্ৰেগ ষ্টিভেনছে  কয় যে এণ্টাৰ্কটিকাৰ  ইমান গভীৰতাতো এক গুৰুত্বপূৰ্ণ পৰিৱেশ তন্ত্ৰ থকাৰ কথাটো সঁচাকৈ কেতিয়াও ভাবিব নোৱাৰা ধৰণৰ কথা।

বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি বিশ্বাস কৰি আহিছে যে এণ্টাৰ্কটিকাৰ তলত নদী আৰু হ্ৰদ আছে। অৱশ্যে, এতিয়ালৈকে এই বিষয়ে কোনো নিৰ্দিষ্ট অধ্যয়ন কৰা হোৱা নাই। বৰফৰ পৃষ্ঠৰ তলত নদীত জীৱন বিচাৰি পোৱাটোও এটা গুৰুত্বপূৰ্ণ সাফল্য হিচাবে বিবেচিত হৈছে। গ্লেচিঅ'লজিষ্ট আৰু গৱেষণাটো মুখ্য গৱেষক হিউ হৰ্গানে কয়  যে এই নদীখন পৰ্যবেক্ষণ কৰিলে এণ্টাৰ্কটিকাৰ তলত  এখন সুকীয়া  পৃথিৱী বিচাৰি পোৱা যেন অনুভৱ হয়। 

গৱেষকৰ দলটোৱে প্ৰথমে  উপগ্ৰহ ছবিৰ পৰা গম পাইছিল যে এণ্টাৰ্কটিকাৰ  পৃষ্ঠৰ তলত এখন নদী আছে। উল্লেখ্য এণ্টাৰ্কটিকাৰ বৰফৰ তিনি শতাংশই পেংগুইনৰ মূত্ৰৰে গঠিত ।বৰফেৰে ভৰি থকা এণ্টাৰ্কটিকাৰ বৰফৰ ৩ শতাংশই সৃষ্টি হৈছে মেৰু প্ৰদেশৰ বাসিন্দা পেংগুইনৰ প্ৰস্রাৱৰ পৰা। আচৰিত যেন লাগিলেও এয়া সম্পূৰ্ণ সঁচা কথা।


পেংগুইনৰ সৈতে সহাৱস্থান কৰি থকা বিজ্ঞানী সকলে প্ৰাণী বিধৰ কেতবোৰ ৰোমাঞ্চকৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে।অত্যধিক শীতৰ বাবে পেংগুইনে কৰা প্ৰস্রাৱ দেহৰ বাহিৰৰ পৰিবেশ পোৱাৰ লগে লগে বৰফলৈ ৰূপান্তৰিত হয়।

সেয়ে পেংগুইনে যেতিয়া প্ৰস্রাৱ কৰে তেতিয়া সেই প্ৰস্রাৱ কেতিয়াও বৈ যাব নোৱাৰে।
এনেদৰে হাজাৰ হাজাৰ বছৰ ধৰি পেংগুইনৰ প্ৰস্রাৱৰ পৰা হোৱা বৰফ লগ লাগি এণ্টাৰ্কটিকাৰ প্ৰায় তিনি শতাংশ বৰফৰ সৃষ্টি হৈছে।

পেংগুইনৰ প্ৰস্রাৱৰ পৰা সৃষ্টি হোৱা বৰফৰ বৰণ ঈষৎ হালধীয়া হয় বুলি বহুতে কৈ আহিছে।
এণ্টাৰ্কটিকাৰ বৰফ উত্তাপত গলি যোৱা অথবা ভাপ হৈ উৰি যোৱাৰো কোনো সম্ভাৱনা নথকাৰ বাবেই যুগ-যুগান্তৰ ধৰি তাত পেংগুইনৰ প্ৰস্রাৱ বৰফৰ ৰুপতে সঞ্চিত হৈ ৰৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে