--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ কিলোগ্ৰাম ওজনৰ এটা যকৃতলৈ চিকিৎসকৰ কাষ চাপিছিল এগৰাকী মহিলাই৷ মহিলাগৰাকীৰ  যকৃতটো এনেদৰে বৃদ্ধি পোৱাত আচৰিত হৈ পৰিছিল সকলোৱে৷ শিলিগুৰিৰ বাসিন্দা মহিলাগৰাকীক লগে লগে  হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ তাতেই  তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয়। মহিলাগৰাকী দীৰ্ঘদিন ধৰি যকৃতৰ সমস্যাত ভুগি আছিল। তেওঁৰ যকৃতৰ ওজন বাঢ়ি গৈ আছিল৷ 

অৱশেষত ১৪ ঘণ্টীয়া  অস্ত্ৰোপচাৰৰ পিছত ৫০ বছৰীয়া   মহিলাগৰাকীৰ দেহৰ পৰা  চিকিৎসকে ১২  কিলোগ্ৰাম ওজনৰ যকৃত আঁতৰাবলৈ সক্ষম হয়। জটিল অস্ত্ৰোপচাৰটোত ১৪ ঘণ্টা সময় লাগিছিল বুলি জানিব পৰা গৈছে৷

যকৃতৰ ওজন বাঢ়ি যোৱাৰ বাবে এটা সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল যে মহিলাগৰাকীয়ে  ভালদৰে খোজ কাঢ়িবও পৰা নাছিল৷ সামগ্ৰিকভাৱে তেওঁৰ শৰীৰৰ ওজনও যথেষ্ট বৃদ্ধি পাইছিল। চিকিৎসকসকলে কৈছে যে তেওঁৰ ২০১৯ চনৰ পৰাই ওজন বৃদ্ধি হোৱা  আৰম্ভ কৰিছিল।

ৰোগীজন প্ৰথমে শিলিগুৰিৰ পৰা চিকিৎসাৰ বাবে কলকাতালৈ আহিছিল। চিকিৎসকে তেওঁক যকৃত সংৰোপণৰ পৰামৰ্শ দিছিল। তেওঁক হায়দৰাবাদৰ ব্যক্তিগত চিকিৎসালয়লৈ যাবলৈ কোৱা হৈছিল। পৰীক্ষাৰ পিছত চিকিৎসকসকলে জানিব পাৰিলে যে মহিলাগৰাকীৰ যকৃতৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। 
চিকিৎসকসকলে কৈছে  যে মহিলাগৰাকীৰ পেটৰ বেছিভাগ ঠাই আগুৰী  বিশাল যকৃতটো বিয়পি পৰিছিল। সাধাৰণতে, মানুহৰ যকৃতৰ ওজন ডেৰ কিলোগ্ৰাম হয় । 

যকৃত সংৰোপণ বিশেষজ্ঞ ডাঃ ৰবিচান্দ সিদ্ধচাৰীৰ নেতৃত্বত চিকিৎসকৰ এটা দলে হায়দৰাবাদৰ এখন চিকিৎসালয়ত ১৪ ঘণ্টা ধৰি মহিলাগৰাকীৰ শৰীৰত অস্ত্ৰোপচাৰ কৰে। মহিলাগৰাকীৰ বিশাল যকৃত আঁতৰ কৰাৰ উপৰি আৰু দুটা অঙ্গও সংৰোপণ কৰা হয়। অস্ত্ৰোপচাৰটো সফল হৈছে।চিকিৎসকসকলে কৈছিল যে মহিলাগৰাকীৰ যকৃতত চিষ্ট  হৈছিল। তেওঁলোকৰ মতে এনে  ধৰণৰ সমস্যা সাধাৰণতে ৩০ বছৰ বয়সৰ পিছত হোৱা দেখা যায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক