--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ কিলোগ্ৰাম ওজনৰ এটা যকৃতলৈ চিকিৎসকৰ কাষ চাপিছিল এগৰাকী মহিলাই৷ মহিলাগৰাকীৰ  যকৃতটো এনেদৰে বৃদ্ধি পোৱাত আচৰিত হৈ পৰিছিল সকলোৱে৷ শিলিগুৰিৰ বাসিন্দা মহিলাগৰাকীক লগে লগে  হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ তাতেই  তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয়। মহিলাগৰাকী দীৰ্ঘদিন ধৰি যকৃতৰ সমস্যাত ভুগি আছিল। তেওঁৰ যকৃতৰ ওজন বাঢ়ি গৈ আছিল৷ 

অৱশেষত ১৪ ঘণ্টীয়া  অস্ত্ৰোপচাৰৰ পিছত ৫০ বছৰীয়া   মহিলাগৰাকীৰ দেহৰ পৰা  চিকিৎসকে ১২  কিলোগ্ৰাম ওজনৰ যকৃত আঁতৰাবলৈ সক্ষম হয়। জটিল অস্ত্ৰোপচাৰটোত ১৪ ঘণ্টা সময় লাগিছিল বুলি জানিব পৰা গৈছে৷

যকৃতৰ ওজন বাঢ়ি যোৱাৰ বাবে এটা সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল যে মহিলাগৰাকীয়ে  ভালদৰে খোজ কাঢ়িবও পৰা নাছিল৷ সামগ্ৰিকভাৱে তেওঁৰ শৰীৰৰ ওজনও যথেষ্ট বৃদ্ধি পাইছিল। চিকিৎসকসকলে কৈছে যে তেওঁৰ ২০১৯ চনৰ পৰাই ওজন বৃদ্ধি হোৱা  আৰম্ভ কৰিছিল।

ৰোগীজন প্ৰথমে শিলিগুৰিৰ পৰা চিকিৎসাৰ বাবে কলকাতালৈ আহিছিল। চিকিৎসকে তেওঁক যকৃত সংৰোপণৰ পৰামৰ্শ দিছিল। তেওঁক হায়দৰাবাদৰ ব্যক্তিগত চিকিৎসালয়লৈ যাবলৈ কোৱা হৈছিল। পৰীক্ষাৰ পিছত চিকিৎসকসকলে জানিব পাৰিলে যে মহিলাগৰাকীৰ যকৃতৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। 
চিকিৎসকসকলে কৈছে  যে মহিলাগৰাকীৰ পেটৰ বেছিভাগ ঠাই আগুৰী  বিশাল যকৃতটো বিয়পি পৰিছিল। সাধাৰণতে, মানুহৰ যকৃতৰ ওজন ডেৰ কিলোগ্ৰাম হয় । 

যকৃত সংৰোপণ বিশেষজ্ঞ ডাঃ ৰবিচান্দ সিদ্ধচাৰীৰ নেতৃত্বত চিকিৎসকৰ এটা দলে হায়দৰাবাদৰ এখন চিকিৎসালয়ত ১৪ ঘণ্টা ধৰি মহিলাগৰাকীৰ শৰীৰত অস্ত্ৰোপচাৰ কৰে। মহিলাগৰাকীৰ বিশাল যকৃত আঁতৰ কৰাৰ উপৰি আৰু দুটা অঙ্গও সংৰোপণ কৰা হয়। অস্ত্ৰোপচাৰটো সফল হৈছে।চিকিৎসকসকলে কৈছিল যে মহিলাগৰাকীৰ যকৃতত চিষ্ট  হৈছিল। তেওঁলোকৰ মতে এনে  ধৰণৰ সমস্যা সাধাৰণতে ৩০ বছৰ বয়সৰ পিছত হোৱা দেখা যায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু