--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱ প্ৰন্মক বিপথগামী কৰি তোলা অনলাই গেমিঙৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কৰ্ণাটকৰ চৰকাৰ। কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ বিধায়ক সুৰেশ কুমাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ এই বিষয়ত এখন পত্ৰ লিখি অনলাইন গেমিং কোম্পানীসমূহৰ দ্বাৰা বিজ্ঞাপন, বিপণন আৰু টেক্সটিং নিষিদ্ধ কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছে। 

তেওঁ এই কথালৈ আঙুলিয়াই দিছে যে সমগ্ৰ দেশৰ আৰক্ষীয়ে  এই কথা নিশ্চিত কৰিছে যে অনলাইন গেমিঙৰ বাবে বহু  মানুহে ধন হেৰুৱাই সৰ্বস্বান্ত হৈছে।অনলাইন জুৱাই বহুতৰে জীৱন ধ্বংস কৰা বুলিও তেওঁ কয়। 

পত্ৰ খনত তেওঁ লিখিছে "কৰ্ণাটকৰ বেংগালুৰুৰ ৰাজজীনগৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা এজন বিধায়ক  হিচাপে, মই মোৰ নিজৰ সমষ্টিৰ লগতে বেংগালুৰুৰ আন প্ৰান্তৰ বাসিন্দাসকলৰ কেইবাজনো বন্ধু আৰু অভিভাৱকৰ পৰা অনলাইন গেমিঙৰ বিষয়ে  মৌখিক অভিযোগলাভ কৰিছো । 
তেওঁলোকৰ মোবাইল ফোনত  টেক্সট মেচেজ আৰু অবাঞ্ছিত মাৰ্কেটিং কল  কৰি তেওঁলোকক তেওঁলোকৰ ধন বাজি ধৰি অনলাইন ৰামি খেলিবলৈ প্ৰলোভিত কৰিবলৈ চেষ্টা কৰা হৈছে," কুমাৰে কয়।

পত্ৰ খনত  তেওঁ উল্লেখ কৰিছে "মোৰ দৃঢ় দৃষ্টিভংগী হৈছে যে ধনজড়িত অনলাইন গেমৰ ক্ষেত্ৰত কঠোৰ নিয়ম প্ৰযোজ্য হ'ব লাগে। মই অৱগত যে আদালতবোৰে দক্ষতা  ভিত্তিক  অনলাইন গেমৰ আইনী বৈধতা বজাই ৰাখিছে, কিন্তু মানুহক প্ৰলোভিত কৰিবলৈ অনলাইন গেমিং কোম্পানীবোৰৰ দ্বাৰা বিজ্ঞাপন/বিপণন/টেক্সটিং নিষিদ্ধ কৰাৰ বিষয়ত চৰকাৰৰ ওপৰত কোনো বাধা  আৰোপ কৰা নাই " ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক