--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্পূৰ্ণ পৰিকল্পিতভাবে অৰুণাচলৰ টাৱাঙত প্ৰৱেশ কৰিছিল চীনৰ সেনাই৷ শুকুৰবাৰে নিশা অৰুণাচল প্ৰদেশৰ টাৱাঙত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচিকাষতে  ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষ লাগিছিল। সংঘৰ্ষত ভাৰতীয় সেনাৰ ছজন সৈনিক আহত হোৱাৰ খবৰ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে৷ ইপিনে সেনাৰ চোৰাংচোৱা সূত্ই " প্ৰাগ নিউজ ডিজিটেল"ক জনোৱা মতে গুৱাহাটীত থকা সেনাৰ ১১৫ এম এইছত আহত সেনা জোৱান কেইজনক ভৰ্তি কৰোৱা হৈছে৷ 

চীনৰ সেনাৰ আক্ৰমণত কোনো ভাৰতীয় সেনা জোৱানৰ মৃত্যু ঘটিছে নেকি বুলি  " প্ৰাগ নিউজ ডিজিটেল"ৰ তৰফৰ পৰা সেনাৰ চোৰাংচোৱা সূত্ৰক সোধাত সেয়া গোপনীয় তথ্য, প্ৰকাশ কৰিব নোৱাৰি বুলি সদৰী কৰে৷ উল্লেখ্য ইয়াৰ পূৰ্বে লাডাখত চীনৰ সেনাৰ আক্ৰমণত ২০ গৰাকী ভাৰতীয় জোৱান নিহত হৈছিল৷ 

শুকুৰবাৰে নিশা চীনা পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডলৈপ্ৰৱেশ কৰোতে হাকোটা  লাঠি লগত লৈ আহিছিল৷ ভাৰতীয় সেনাই চীনৰ সেনাক বাধা দিবলৈ আগুৱাই গৈছিল৷ কিন্তু চীনৰ সেনাই ভাৰতীয় জোৱানক ঠেলি-হেঁচি খেদি পঠিওৱাৰ চেষ্টা চলায়৷  চীনৰ সেনাই  ভাৰতীয় সেনাৰ জোৱানক  সেই হাকোটা  লাঠিৰে আক্ৰমণ কৰিছিল। ইয়াৰ পিছত, দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়, সেনাৰ সূত্ৰটোৱে জনায়।

সেইদিনা  প্ৰায় ৩০০  চীনা সৈন্যই লাঠি হাতত লৈ  প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল আৰু এটা সময়ত  ভাৰতত অনুপ্ৰৱেশ কৰিছিল।  ১৭,০০০ ফুট উচ্চাতত  পিপলছ লিবাৰেচন আৰ্মীৰ সৈনিকসকলে এটা ভাৰতীয় সেনা শিবিৰ উৎখাত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু যেতিয়া ভাৰতীয় সৈন্যই তেওঁলোকক বাধা দিছিল, দুয়োপক্ষৰ মাজত সংঘৰ্ষ হৈছিল। সংৰ্ষত চীনৰো বহু কেইজন সেনা আহত হৈছে৷

৯ ডিচেম্বৰত কোনো পক্ষই টাৱাঙত আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা নাছিল বুলি নিশ্চিত কৰা হৈছে৷ উল্লেখ্য ২০২০ চনৰ ১৫ জুনত পূব লাডাখৰ গালৱানত সংঘৰ্ষ চীনৰ সেনাৰে ভাৰতীয় সেনাৰ সংঘৰ্ষ হৈছিল৷ সংঘৰ্ষত  মুঠ ২০ জন ভাৰতীয় সৈনিক নিহত হৈছিল। বিভিন্ন পশ্চিমীয়া সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি চীনা সৈন্যৰ মৃত্যুৰ সংখ্যা আৰু অধিক আছিল। অৱশ্যে, বেইজিঙে ইয়াক কেতিয়াও স্বীকাৰ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু