--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্পূৰ্ণ পৰিকল্পিতভাবে অৰুণাচলৰ টাৱাঙত প্ৰৱেশ কৰিছিল চীনৰ সেনাই৷ শুকুৰবাৰে নিশা অৰুণাচল প্ৰদেশৰ টাৱাঙত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচিকাষতে  ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষ লাগিছিল। সংঘৰ্ষত ভাৰতীয় সেনাৰ ছজন সৈনিক আহত হোৱাৰ খবৰ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে৷ ইপিনে সেনাৰ চোৰাংচোৱা সূত্ই " প্ৰাগ নিউজ ডিজিটেল"ক জনোৱা মতে গুৱাহাটীত থকা সেনাৰ ১১৫ এম এইছত আহত সেনা জোৱান কেইজনক ভৰ্তি কৰোৱা হৈছে৷ 

চীনৰ সেনাৰ আক্ৰমণত কোনো ভাৰতীয় সেনা জোৱানৰ মৃত্যু ঘটিছে নেকি বুলি  " প্ৰাগ নিউজ ডিজিটেল"ৰ তৰফৰ পৰা সেনাৰ চোৰাংচোৱা সূত্ৰক সোধাত সেয়া গোপনীয় তথ্য, প্ৰকাশ কৰিব নোৱাৰি বুলি সদৰী কৰে৷ উল্লেখ্য ইয়াৰ পূৰ্বে লাডাখত চীনৰ সেনাৰ আক্ৰমণত ২০ গৰাকী ভাৰতীয় জোৱান নিহত হৈছিল৷ 

শুকুৰবাৰে নিশা চীনা পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডলৈপ্ৰৱেশ কৰোতে হাকোটা  লাঠি লগত লৈ আহিছিল৷ ভাৰতীয় সেনাই চীনৰ সেনাক বাধা দিবলৈ আগুৱাই গৈছিল৷ কিন্তু চীনৰ সেনাই ভাৰতীয় জোৱানক ঠেলি-হেঁচি খেদি পঠিওৱাৰ চেষ্টা চলায়৷  চীনৰ সেনাই  ভাৰতীয় সেনাৰ জোৱানক  সেই হাকোটা  লাঠিৰে আক্ৰমণ কৰিছিল। ইয়াৰ পিছত, দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়, সেনাৰ সূত্ৰটোৱে জনায়।

সেইদিনা  প্ৰায় ৩০০  চীনা সৈন্যই লাঠি হাতত লৈ  প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল আৰু এটা সময়ত  ভাৰতত অনুপ্ৰৱেশ কৰিছিল।  ১৭,০০০ ফুট উচ্চাতত  পিপলছ লিবাৰেচন আৰ্মীৰ সৈনিকসকলে এটা ভাৰতীয় সেনা শিবিৰ উৎখাত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু যেতিয়া ভাৰতীয় সৈন্যই তেওঁলোকক বাধা দিছিল, দুয়োপক্ষৰ মাজত সংঘৰ্ষ হৈছিল। সংৰ্ষত চীনৰো বহু কেইজন সেনা আহত হৈছে৷

৯ ডিচেম্বৰত কোনো পক্ষই টাৱাঙত আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা নাছিল বুলি নিশ্চিত কৰা হৈছে৷ উল্লেখ্য ২০২০ চনৰ ১৫ জুনত পূব লাডাখৰ গালৱানত সংঘৰ্ষ চীনৰ সেনাৰে ভাৰতীয় সেনাৰ সংঘৰ্ষ হৈছিল৷ সংঘৰ্ষত  মুঠ ২০ জন ভাৰতীয় সৈনিক নিহত হৈছিল। বিভিন্ন পশ্চিমীয়া সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি চীনা সৈন্যৰ মৃত্যুৰ সংখ্যা আৰু অধিক আছিল। অৱশ্যে, বেইজিঙে ইয়াক কেতিয়াও স্বীকাৰ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক