--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবছৰ পাৰ হৈ গ’ল। নতুন অস্কাৰৰ মঞ্চ সাজু হৈছে। অতি সোনকালে আৰম্ভ হ’ব ৯৫ সংখ্যক অস্কাৰ অনুষ্ঠান। কিন্তু যোৱা বছৰ একাডেমী বঁটা প্ৰদান অনুষ্ঠানত সেই জোকাৰণি বিশ্বই পাহৰিব নোৱাৰে।

নতুন অস্কাৰৰ এই পৰিৱেশতে ক্ৰীছ ৰকে পুনৰ পুৰণি বিষয়টো এটা কমেডী শ্ব’ত উত্থাপন কৰিলে। সি ক’লে, উইল স্মিথৰ সেই চৰটোৰ জোকাৰণি তেওঁ এতিয়াও চম্ভালিব পৰা নাই।

১২ মাৰ্চত পুনৰ আয়োজন কৰা হ’ব নতুন অস্কাৰ অনুষ্ঠান। ইয়াৰ পূৰ্বে হঠাতে ক্ৰীছে অ’টিটিৰ এটা খণ্ডত কোৱা শুনা গৈছিল, “নাই, মই ভুক্তভোগী নহয়। কান্দি কান্দি সহানুভূতি পাবলৈও চেষ্টা কৰা নাছিলো। সেয়া কেতিয়াও নহ’ব।”

ইয়াৰ পিছত ক্ৰীছে পোনে পোনে চৰৰ বিষয়টোলৈ উভটি গ’ল। তেওঁ ক'লে, "মোক বিভিন্ন সময়ত বিভিন্ন সাক্ষাৎকাৰত সোধা হৈছে, এতিয়াও মোৰ চৰটো বেয়া লাগে নেকি! মই ক’ম হয়। মোৰ এতিয়াও বিষ হয়। এবছৰৰ পাছতো।”

যোৱা বছৰ অস্কাৰৰ হ’ষ্ট আছিল ক্ৰীছ ৰক। অভিনেতা উইল স্মিথৰ পত্নীক লৈ তেওঁ কৌতুক কৰিছিল। স্মিথে খং কৰি তেওঁক চৰ মাৰিলে। একেখন মঞ্চতে স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিখনৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ গ্ৰহণ কৰিবলৈ উঠিছিল। ‘কিং ৰিচাৰ্ড’ ছবিখনৰ বাবে তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হয়। কিন্তু চৰটোৰ ফলত সকলো সফলতা তল পৰি যায়।

এই হিংসাত্মক আচৰণৰ বাবে অভিনেতাজনে সকলোৰে ওচৰত ক্ষমা বিচাৰিলে। তেওঁ ক'লে, "মোৰ মাথা ভাল হৈ থকা নাছিল।মই যি কৰিলোঁ সেয়া ঠিক নাছিল।"

ইয়াৰ পিছতো স্মিথে বিভিন্ন সময়ত ক্ৰীছ আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছে। ইয়াৰ উপৰিও স্মিথে দহ বছৰৰ বাবে অস্কাৰ সমিতিৰ সদস্য হিচাপে পদত্যাগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক