--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবছৰ পাৰ হৈ গ’ল। নতুন অস্কাৰৰ মঞ্চ সাজু হৈছে। অতি সোনকালে আৰম্ভ হ’ব ৯৫ সংখ্যক অস্কাৰ অনুষ্ঠান। কিন্তু যোৱা বছৰ একাডেমী বঁটা প্ৰদান অনুষ্ঠানত সেই জোকাৰণি বিশ্বই পাহৰিব নোৱাৰে।

নতুন অস্কাৰৰ এই পৰিৱেশতে ক্ৰীছ ৰকে পুনৰ পুৰণি বিষয়টো এটা কমেডী শ্ব’ত উত্থাপন কৰিলে। সি ক’লে, উইল স্মিথৰ সেই চৰটোৰ জোকাৰণি তেওঁ এতিয়াও চম্ভালিব পৰা নাই।

১২ মাৰ্চত পুনৰ আয়োজন কৰা হ’ব নতুন অস্কাৰ অনুষ্ঠান। ইয়াৰ পূৰ্বে হঠাতে ক্ৰীছে অ’টিটিৰ এটা খণ্ডত কোৱা শুনা গৈছিল, “নাই, মই ভুক্তভোগী নহয়। কান্দি কান্দি সহানুভূতি পাবলৈও চেষ্টা কৰা নাছিলো। সেয়া কেতিয়াও নহ’ব।”

ইয়াৰ পিছত ক্ৰীছে পোনে পোনে চৰৰ বিষয়টোলৈ উভটি গ’ল। তেওঁ ক'লে, "মোক বিভিন্ন সময়ত বিভিন্ন সাক্ষাৎকাৰত সোধা হৈছে, এতিয়াও মোৰ চৰটো বেয়া লাগে নেকি! মই ক’ম হয়। মোৰ এতিয়াও বিষ হয়। এবছৰৰ পাছতো।”

যোৱা বছৰ অস্কাৰৰ হ’ষ্ট আছিল ক্ৰীছ ৰক। অভিনেতা উইল স্মিথৰ পত্নীক লৈ তেওঁ কৌতুক কৰিছিল। স্মিথে খং কৰি তেওঁক চৰ মাৰিলে। একেখন মঞ্চতে স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিখনৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ গ্ৰহণ কৰিবলৈ উঠিছিল। ‘কিং ৰিচাৰ্ড’ ছবিখনৰ বাবে তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হয়। কিন্তু চৰটোৰ ফলত সকলো সফলতা তল পৰি যায়।

এই হিংসাত্মক আচৰণৰ বাবে অভিনেতাজনে সকলোৰে ওচৰত ক্ষমা বিচাৰিলে। তেওঁ ক'লে, "মোৰ মাথা ভাল হৈ থকা নাছিল।মই যি কৰিলোঁ সেয়া ঠিক নাছিল।"

ইয়াৰ পিছতো স্মিথে বিভিন্ন সময়ত ক্ৰীছ আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছে। ইয়াৰ উপৰিও স্মিথে দহ বছৰৰ বাবে অস্কাৰ সমিতিৰ সদস্য হিচাপে পদত্যাগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু