--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেগাষ্টাৰ অমিতাভ বচ্চনৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ। হায়দৰাবাদত এখন ছবিৰ শ্বুটিংৰ সময়ত গুৰুতৰভাৱে আহত হৈছে বিগ বি। অমিতাভে ‘প্ৰজেক্ট কে’ ছবিখনৰ একচন ছিকুৱেন্সৰ শ্বুটিং কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ পিছতে ছবিখনৰ শ্বুটিং বন্ধ কৰি দিয়া হয়। হায়দৰাবাদত চিকিৎসাধীন হৈ মুম্বাইৰ ঘৰলৈ উভতি আহিছে অভিনেতাগৰাকী। 

ইয়াৰ পিছত ছবিখনৰ শ্বুটিং আপাততঃ বন্ধ কৰি দিয়া হৈছে। এই তথ্য তেওঁ নিজৰ ব্লগত নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে। প্ৰবীণ অভিনেতাগৰাকীয়ে ব্লগত লিখিছে যে তেওঁ শৰীৰৰ তীব্ৰ বিষত ভুগিছে ​​আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি জিৰণি লৈছে।

মেগাষ্টাৰগৰাকীয়ে কয় যে দুৰ্ঘটনাৰ সময়ত বুকুৰ কামিহাড় ভাঙি গৈছে আৰু বুকুৰ সোঁ ফালৰ পেশীও আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰ পাছতে তেওঁ হায়দৰাবাদৰ এআইজি হাস্পতালত চিকিৎসাধীন হৈ মুম্বাইৰ নিজৰ ঘৰলৈ উভতি আহিছে। চিকিৎসকে ডিচচাৰ্জ দিছে যদিও অভিনেতাজনে এতিয়াও যথেষ্ট কষ্ট অনুভৱ কৰি আছে।

আঘাতৰ বিষয়ে তথ্য দি অমিতাভ বচ্চনে কয় যে ই অতি বেদনাদায়ক। অভিনেতাজনে লিখিছে যে তেওঁ খোজ কঢ়া আৰু উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে। স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ কেইসপ্তাহমান সময় লাগিব। তেওঁ লিখিছে যে বিষৰ বাবে চিকিৎসকসকলেও কিছু ঔষধ দিছে।

অমিতাভ বচ্চনে লগতে লিখিছে যে পৰিস্থিতি ঠিক নোহোৱালৈকে সকলো কাম বন্ধ কৰি দিয়া হৈছে। ছবিখনৰ শ্বুটিং পিছুৱাই দিয়া হৈছে। আৰু তেওঁ নিজৰ বাংলো জলছাত জিৰণি লৈ আছে। তেওঁ নিজাববীয়াকৈ স্বাভাৱিক ৰুটিন কামবোৰ কৰিবলৈ সক্ষম যদিও সম্পূৰ্ণ ফিট হ’বলৈ বহু সময় লাগিব। 

উল্লেখ্য যে ‘কুলি’ ছবিখনৰ শ্বুটিংৰ সময়তো অমিতাভ বচ্চনৰ জীৱনত এক দুৰ্ঘটনা সংঘটিত হৈছিল। ১৯৮৩ চনত মুক্তি পোৱা ‘কুলি’ ছবিখনৰ একচন দৃশ্যৰ শ্বুটিংৰ সময়ত অভিনেতা পুনীত ইছাৰে ভুলবশতঃ অমিতাভ বচ্চনৰ পেটত ঘুচা মাৰিছিল। এই ঘটনাৰ বাবেই অমিতাভ বচ্চনৰ পেটৰ ক্ষুদ্ৰান্ত্ৰ ফাটি যায়, ফলত অমিতাভ বচ্চনে প্ৰায় ২ মাহ ধৰি মুম্বাইৰ ব্ৰিচ কেণ্ডি হস্পিতালত জীৱন-মৃত্যুৰ সৈতে যুঁজ দিছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক