--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেগাষ্টাৰ অমিতাভ বচ্চনৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ। হায়দৰাবাদত এখন ছবিৰ শ্বুটিংৰ সময়ত গুৰুতৰভাৱে আহত হৈছে বিগ বি। অমিতাভে ‘প্ৰজেক্ট কে’ ছবিখনৰ একচন ছিকুৱেন্সৰ শ্বুটিং কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ পিছতে ছবিখনৰ শ্বুটিং বন্ধ কৰি দিয়া হয়। হায়দৰাবাদত চিকিৎসাধীন হৈ মুম্বাইৰ ঘৰলৈ উভতি আহিছে অভিনেতাগৰাকী। 

ইয়াৰ পিছত ছবিখনৰ শ্বুটিং আপাততঃ বন্ধ কৰি দিয়া হৈছে। এই তথ্য তেওঁ নিজৰ ব্লগত নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে। প্ৰবীণ অভিনেতাগৰাকীয়ে ব্লগত লিখিছে যে তেওঁ শৰীৰৰ তীব্ৰ বিষত ভুগিছে ​​আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি জিৰণি লৈছে।

মেগাষ্টাৰগৰাকীয়ে কয় যে দুৰ্ঘটনাৰ সময়ত বুকুৰ কামিহাড় ভাঙি গৈছে আৰু বুকুৰ সোঁ ফালৰ পেশীও আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰ পাছতে তেওঁ হায়দৰাবাদৰ এআইজি হাস্পতালত চিকিৎসাধীন হৈ মুম্বাইৰ নিজৰ ঘৰলৈ উভতি আহিছে। চিকিৎসকে ডিচচাৰ্জ দিছে যদিও অভিনেতাজনে এতিয়াও যথেষ্ট কষ্ট অনুভৱ কৰি আছে।

আঘাতৰ বিষয়ে তথ্য দি অমিতাভ বচ্চনে কয় যে ই অতি বেদনাদায়ক। অভিনেতাজনে লিখিছে যে তেওঁ খোজ কঢ়া আৰু উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে। স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ কেইসপ্তাহমান সময় লাগিব। তেওঁ লিখিছে যে বিষৰ বাবে চিকিৎসকসকলেও কিছু ঔষধ দিছে।

অমিতাভ বচ্চনে লগতে লিখিছে যে পৰিস্থিতি ঠিক নোহোৱালৈকে সকলো কাম বন্ধ কৰি দিয়া হৈছে। ছবিখনৰ শ্বুটিং পিছুৱাই দিয়া হৈছে। আৰু তেওঁ নিজৰ বাংলো জলছাত জিৰণি লৈ আছে। তেওঁ নিজাববীয়াকৈ স্বাভাৱিক ৰুটিন কামবোৰ কৰিবলৈ সক্ষম যদিও সম্পূৰ্ণ ফিট হ’বলৈ বহু সময় লাগিব। 

উল্লেখ্য যে ‘কুলি’ ছবিখনৰ শ্বুটিংৰ সময়তো অমিতাভ বচ্চনৰ জীৱনত এক দুৰ্ঘটনা সংঘটিত হৈছিল। ১৯৮৩ চনত মুক্তি পোৱা ‘কুলি’ ছবিখনৰ একচন দৃশ্যৰ শ্বুটিংৰ সময়ত অভিনেতা পুনীত ইছাৰে ভুলবশতঃ অমিতাভ বচ্চনৰ পেটত ঘুচা মাৰিছিল। এই ঘটনাৰ বাবেই অমিতাভ বচ্চনৰ পেটৰ ক্ষুদ্ৰান্ত্ৰ ফাটি যায়, ফলত অমিতাভ বচ্চনে প্ৰায় ২ মাহ ধৰি মুম্বাইৰ ব্ৰিচ কেণ্ডি হস্পিতালত জীৱন-মৃত্যুৰ সৈতে যুঁজ দিছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু