--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো ব্যৰ্থতাৰ হতাশাক পাহৰি অনুৰাগীৰ হৃদয় জয় কৰিবলৈ উদ্বাউল হৈ পৰিছে অক্ষয় কুমাৰ। আমেৰিকাত ‘দ্য এণ্টাৰটেইনাৰ্ছ’ ভ্ৰমণত চমকপ্ৰদ নৃ্ত্য কৰে বলীউডৰ তাৰকাগৰাকীয়ে। আটলাণ্টা চহৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ৰঙা লেহেংগা পৰিধান কৰি অক্ষয়ে নোৰা ফাতেহীৰ সৈতে মঞ্চত নৃত্য কৰে।

জনপ্ৰিয় গীত ‘মে খিলাদি তু আনদি’ গানৰ তালত তেওঁ নৃত্য কৰে। নৃত্যৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।অক্ষয়ে ক’লা ব্লেজাৰৰ স’তে ৰঙা লেহেংগা। মঞ্চত নৃত্যশিল্পীৰ ভিৰৰ মাজত নাচি আছে অক্ষয়।

গীত আৰম্ভ হোৱাৰ লগে লগে মঞ্চত যোগ দিলে নোৰা ফাতেহীয়ে। ৰঙা ব্লাউজ আৰু শ্বৰ্ট পিন্ধিছে তাই। নোৰা মঞ্চত অহাৰ লগে লগে অক্ষয়ে লেহেংগা খুলি নাচিবলৈ ধৰিলে। বলীউডৰ তাৰকাগৰাকীয়ে লেহেংগাৰ তলত ক’লা পেণ্ট পিন্ধিছিল।

উল্লেখ্য যে অক্ষয়ৰ ৯০ দশকৰ জনপ্ৰিয় ছবি ‘মাই খিলাদি তু অনাদি’। এই ছবিখনৰ সফলতা আৰু অক্ষয়ৰ অভিনয়ে তেওঁক ‘খিলাদি’ উপাধি লাভ কৰিবলৈ সক্ষম হয়। সেই ছবিখনৰ গীত ‘মাই খিলাদি তু অনাদি’।

অলপতে মুক্তি পালে অক্ষয়ৰ ছবি ‘চেলফি’। ছবিখনত এই গীতটোৰ ৰিমিক্স সংস্কৰণো আছে। সেই গীতটোতে অক্ষয় আৰু নোৰাই নৃত্য পৰিৱেশন কৰে। নৃত্যৰ অন্তত অভিনেতা দুজনে ইজনে সিজনক সাৱটি ধৰিলে।

মাৰ্চ মাহত সমগ্ৰ উত্তৰ আমেৰিকাৰ একাধিক স্থানত লাইভ অনুষ্ঠান পৰিৱেশন কৰিব ‘দ্য এণ্টাৰটেইনাৰ্ছ’-এ। অক্ষয় কুমাৰৰ লগতে ‘দ্য এণ্টাৰটেইনাৰ্ছ’ নামৰ এই গোটটোত দিশ পাটানি, নোৰা ফাতেহী, মৌনি ৰায়, অপৰাশক্তি খুৰানা, সোণম বাজৱা, জাৰা খান আদি অভিনেতা-অভিনেত্ৰীও আছে। জেছলিন ৰয়েল, ষ্টেবিন বেনৰ দৰে গায়ক আছে।

আটলাণ্টাৰ পিছত এইবাৰ ‘দ্য এণ্টাৰটেইনাৰ্ছ’ দলটোৱে ডালাছ, অৰলেণ্ডো, অকলেণ্ডৰ দৰে বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা। নিউ জাৰ্চিতো অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। টিকটৰ চাহিদা কম হোৱাৰ বাবে শেষ মুহূৰ্তত ছচিয়েল মিডিয়াত অনুষ্ঠান বাতিল কৰাৰ কথা ঘোষণা কৰে কৰ্তৃপক্ষই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী