--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো ব্যৰ্থতাৰ হতাশাক পাহৰি অনুৰাগীৰ হৃদয় জয় কৰিবলৈ উদ্বাউল হৈ পৰিছে অক্ষয় কুমাৰ। আমেৰিকাত ‘দ্য এণ্টাৰটেইনাৰ্ছ’ ভ্ৰমণত চমকপ্ৰদ নৃ্ত্য কৰে বলীউডৰ তাৰকাগৰাকীয়ে। আটলাণ্টা চহৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ৰঙা লেহেংগা পৰিধান কৰি অক্ষয়ে নোৰা ফাতেহীৰ সৈতে মঞ্চত নৃত্য কৰে।

জনপ্ৰিয় গীত ‘মে খিলাদি তু আনদি’ গানৰ তালত তেওঁ নৃত্য কৰে। নৃত্যৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।অক্ষয়ে ক’লা ব্লেজাৰৰ স’তে ৰঙা লেহেংগা। মঞ্চত নৃত্যশিল্পীৰ ভিৰৰ মাজত নাচি আছে অক্ষয়।

গীত আৰম্ভ হোৱাৰ লগে লগে মঞ্চত যোগ দিলে নোৰা ফাতেহীয়ে। ৰঙা ব্লাউজ আৰু শ্বৰ্ট পিন্ধিছে তাই। নোৰা মঞ্চত অহাৰ লগে লগে অক্ষয়ে লেহেংগা খুলি নাচিবলৈ ধৰিলে। বলীউডৰ তাৰকাগৰাকীয়ে লেহেংগাৰ তলত ক’লা পেণ্ট পিন্ধিছিল।

উল্লেখ্য যে অক্ষয়ৰ ৯০ দশকৰ জনপ্ৰিয় ছবি ‘মাই খিলাদি তু অনাদি’। এই ছবিখনৰ সফলতা আৰু অক্ষয়ৰ অভিনয়ে তেওঁক ‘খিলাদি’ উপাধি লাভ কৰিবলৈ সক্ষম হয়। সেই ছবিখনৰ গীত ‘মাই খিলাদি তু অনাদি’।

অলপতে মুক্তি পালে অক্ষয়ৰ ছবি ‘চেলফি’। ছবিখনত এই গীতটোৰ ৰিমিক্স সংস্কৰণো আছে। সেই গীতটোতে অক্ষয় আৰু নোৰাই নৃত্য পৰিৱেশন কৰে। নৃত্যৰ অন্তত অভিনেতা দুজনে ইজনে সিজনক সাৱটি ধৰিলে।

মাৰ্চ মাহত সমগ্ৰ উত্তৰ আমেৰিকাৰ একাধিক স্থানত লাইভ অনুষ্ঠান পৰিৱেশন কৰিব ‘দ্য এণ্টাৰটেইনাৰ্ছ’-এ। অক্ষয় কুমাৰৰ লগতে ‘দ্য এণ্টাৰটেইনাৰ্ছ’ নামৰ এই গোটটোত দিশ পাটানি, নোৰা ফাতেহী, মৌনি ৰায়, অপৰাশক্তি খুৰানা, সোণম বাজৱা, জাৰা খান আদি অভিনেতা-অভিনেত্ৰীও আছে। জেছলিন ৰয়েল, ষ্টেবিন বেনৰ দৰে গায়ক আছে।

আটলাণ্টাৰ পিছত এইবাৰ ‘দ্য এণ্টাৰটেইনাৰ্ছ’ দলটোৱে ডালাছ, অৰলেণ্ডো, অকলেণ্ডৰ দৰে বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা। নিউ জাৰ্চিতো অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। টিকটৰ চাহিদা কম হোৱাৰ বাবে শেষ মুহূৰ্তত ছচিয়েল মিডিয়াত অনুষ্ঠান বাতিল কৰাৰ কথা ঘোষণা কৰে কৰ্তৃপক্ষই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক