ডিজিটেল ডেস্ক: হোজাইত সংঘটিত হৈছে এক প্ৰবঞ্চনাৰ ঘটনা। বেজালি কৰাৰ নামত ঘৰৰ পৰা লুটি নিলে সোণ ৰূপৰ সৈতে নগদ ধন। হোজাইৰ ধনীনগৰত সংঘটিত হৈছে এই ঘটনা। ধনীনগৰৰ এগৰাকী মহিলাক প্ৰথমে জৰা ফুকা কৰাৰ নামত গাৰ পৰা আঙুঠি চেইন আদি খুলিব দিয়ে ৱাহিদ ইছলাম নামৰ কবিৰাজগৰাকীয়ে।
পৰৱৰ্তী সময়ত ছেগ বুজি প্ৰৱঞ্চক ৱাহিদে সমগ্ৰ সোণ ৰূপ আৰু নগদ ধন লৈ পলায়ন কৰে ঘটনাস্থলীৰ পৰা। ঘৰৰ গৃহস্থই উমান পাই পিছে পিছে খেদি যায় প্ৰৱঞ্চক ৱাহিদক যদিও ৱাহিদে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহন আদবাটতে এৰি পলায়ন কৰে ৱাহিদে।
স্থানীয় ৰাইজে লগে লগে খবৰ দিয়ে হোজাই আৰক্ষীক। হোজাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জব্দ কৰে ৱাহিদ ইছলামে ব্যৱহাৰ কৰা AS01X3202 নম্বৰৰ চাৰিচকীয়া বাহন। লগতে জব্দ কৰে প্ৰৱঞ্চক ৱাহিদে ব্যৱহাৰ কৰা মোবাইল ফোনৰ লগতে জৰা ফুকা কৰা বহু আপত্তিজনক সামগ্ৰী।
ইতিমধ্যে ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।