--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বছৰ বছৰ ধৰি এটাৰ পিছত এটাকৈ ২০ টকীয়া খুচুৰা মুদ্ৰা জমা কৰি অৱশেষত সেই ধনেৰে ব্যক্তিজনে ক্ৰয় কৰিলে এখন স্কুটি।

ডিজিটেল ডেস্ক: সাধাৰণতে খুচুৰা মুদ্ৰাক বহুতে বিশেষ গুৰুত্ব নিদিয়ে। কিন্তু এই খুচুৰা মুদ্ৰাই যে এদিন বৃহৎ সঞ্চয়ৰ ৰূপ ল'ব পাৰে, তাৰেই নিদৰ্শন দাঙি ধৰিলে চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহ নামৰ এজন ব্যক্তিয়ে।


বছৰ বছৰ ধৰি এটাৰ পিছত এটাকৈ ২০ টকীয়া খুচুৰা মুদ্ৰা জমা কৰি অৱশেষত সেই ধনেৰে ব্যক্তিজনে ক্ৰয় কৰিলে এখন স্কুটি।


এদিন দুদিন নহয়,ব্যক্তিজনে বিগত পাঁচ বছৰ ধৰি সংগ্ৰহ কৰিছিল খুচুৰা মুদ্ৰা। এনেদৰেই অলপ অলপকৈ জমা হোৱা ধনে অৱশেষত ল'লে ১ লাখ ৪০ হাজাৰ টকাৰ বৃহৎ ৰূপ। চাবুৱাৰ সন্তোষ শ্বাহ নামৰ ব্যক্তিগৰাকীয়ে এইদৰে সংগ্ৰহ কৰা মুদ্ৰাৰ পৰা ১ লাখ ৩২ হাজাৰ টকা ব্যয় কৰি ক্ৰয় কৰিলে সপোনৰ বাহনখন।


উল্লেখ্য যে ডিলাৰৰ প্ৰায় ১০ জন কৰ্মচাৰীয়ে অতি ধৈৰ্যেৰে ১ ঘণ্টা সময় হিচাপ কৰি উলিয়ালে ১ লক্ষ ৩২ হাজাৰ টকাৰ খুচুৰা মুদ্ৰাখিনি। 


খুচুৰা মুদ্ৰাৰ জৰিয়তেই যে এনেদৰে এদিন সপোন পূৰণ কৰিব পাৰে, তাৰেই এক বাস্তৱ উদাহৰণ চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহ। 


ব্যক্তিগৰাকীৰ এই ব্যতিক্ৰমী সঞ্চয়ৰ কাহিনীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চৰ্চাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি