ডিজিটেল ডেস্ক: ছত্তীসগড়ৰ গৰিয়াবন্ধত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। দীপাৱলীৰ আনন্দৰ মাজতে এখন অনিয়ন্ত্ৰিত বাহন নদীত পৰাত একেটা পৰিয়ালৰে চাৰিজন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত স্বামী-স্ত্রী আৰু তেওঁলোকৰ দুটি সন্তান আছিল। পৰিয়ালটোৱে দীপাৱলী উদযাপন কৰিবলৈ তেওঁলোকৰ পৈতৃক গাঁৱলৈ গৈ আছিল। পুলিচে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
নিহতসকলৰ পৰিচয় হ’ল— শীতল প্ৰসাদ চাহু, তেওঁৰ পত্নী ভাৰতী আৰু তেওঁলোকৰ সন্তানদ্বয়- ২১ বছৰীয়া কন্যা পূৰ্বা আৰু ১৯ বছৰীয়া পুত্ৰ বিকাশ।
গৰিয়াবন্ধৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ASP) কৰণ উইকেয়ে জনায় যে এই পৰিয়ালটোৱে দীপাৱলী পালন কৰিবলৈ ৰায়পুৰৰ পৰা তেওঁলোকৰ গাঁৱলৈ গৈ থকা অৱস্থাত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই নদীত গৈ পৰে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে সকলোৰে সহযোগত বাহনখনৰ পৰা আটাইকেইটা মৃতদেহ বাহিৰ কৰি আনি পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে।
মৃত শীতল চাহু এজন সাংবাদিক আছিল আৰু তেওঁৰ কাৰখনত ‘মিডিয়া এক্সিকিউটিভ’ৰ এটা ষ্টিকাৰ লগোৱা আছিল। ঘটনাৰ তদন্ত অব্যাহত আছে আৰু অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।
চাহু পৰিয়াল ৰায়পুৰৰ লক্ষ্মী নগৰ অঞ্চলত বাস কৰিছিল আৰু এটা সংবাদ প্ৰতিষ্ঠানত কাম কৰিছিল। তেওঁলোকে দীপাৱলী পালন কৰিবলৈ পৈতৃক গৃহ পসৌদ গাঁৱলৈ গৈ আছিল। দেওবাৰে নিশা প্ৰায় ১১ বজাত চাহুৱে তেওঁৰ ভায়েকৰ সৈতে ফোনত কথা পাতি কয় যে তেওঁলোক ৰায়পুৰৰ পৰা ওলাইছে আৰু ডেৰ ঘণ্টাৰ ভিতৰত গাঁও পাই যাব। বিষয়াগৰাকীয়ে জনায় যে বহু সময়লৈকে চাহু আৰু বাকীসকল ঘৰ পোৱাহি নোহোৱাত, পৰিয়ালৰ লোকসকলে তেওঁলোকৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা চলায়, কিন্তু তেওঁলোকৰ ফোনটো চুইচ অফ আছিল। ইয়াৰ পিছতে তেওঁলোকৰ সন্ধান আৰম্ভ কৰা হয়। তিলাই গাঁৱৰ কাষৰ দলংখনেৰে পাৰ হৈ যোৱাৰ সময়ত পৰিয়ালৰ সদস্যসকলে নদীখনত এখন কাৰ দেখা পায় আৰু পুলিচক অৱগত কৰে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ বৰ্তমান তদন্ত অব্যাহত আছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।