--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২৮ বছৰৰ পাছত অলিম্পিকলৈ ঘূৰি আহিব পাৰে ক্ৰিকেট। ২০২৮ চনত লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট খেলিব পাৰে। ক্ৰিকেটৰ দুটা দল হ’ব পাৰে – ল’ৰা আৰু ছোৱালী। যদি ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হয় তেন্তে টি-২০ ফৰ্মেটত খেলাৰ সম্ভাৱনা আছে।

ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰিলে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়েও লাভৱান হ’ব বুলি ধাৰণা কৰা হৈছে। সেইবাবেই অলিম্পিকত সংযোজন কৰিবলৈ চৰ্চা চলি থকা ৯খন খেলৰ তালিকাত ক্ৰিকেট আছে।

অহা বছৰ ভাৰতত পেৰিছ অলিম্পিক সম্প্ৰচাৰ কৰিবলগীয়া টেলিভিছন কোম্পানীয়ে প্ৰতিখন খেল (ইভেণ্ট) দেখুৱাবলৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীক ২ কোটি ডলাৰ (১৬৫ কোটি টকা) দিব। কিন্তু ২০২৮ চনত যদি ক্ৰিকেট অলিম্পিকত অন্তৰ্ভুক্ত হয়, তেন্তে সম্প্ৰচাৰৰ হাৰ দহগুণ বৃদ্ধি পাব পাৰে। অৱশ্যে অলিম্পিকলৈ ক্ৰিকেটৰ প্ৰত্যাৱৰ্তন এতিয়াও নিশ্চিত হোৱা নাই। চলিত বৰ্ষৰ শেষৰ ফালে এই সিদ্ধান্ত লোৱা হ’ব পাৰে।

১৯০০ চনৰ পেৰিছ অলিম্পিকত ক্ৰিকেট খেলা হৈছিল। সেইবাৰ মাত্ৰ এখন মেচ আছিল। সেই মেচখন আছিল গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত। গ্ৰেট ব্ৰিটেইনে জয়লাভ কৰে।

অৱশেষত যদি ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হয়, তেন্তে অংশগ্ৰহণকাৰী দেশৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হ’ব। সেই হিচাপে ইংলেণ্ড দলৰ অস্তিত্ব নাথাকিব। গ্ৰেট ব্ৰিটেইন হিচাপে খেলিব লাগিব। কমনৱেলথ গেমছতো ঠিক একেই কথাই হৈছিল। ২০২২ চনত কমনৱেলথ গেমছত খেলা নাছিল ৱেষ্ট ইণ্ডিজে। তাৰ সলনি বাৰ্বাডোজে খেলিছিল। কাৰণ, কেৰিবিয়ান দ্বীপপুঞ্জৰ প্ৰতিখন দেশেই অলিম্পিক বা কমনৱেলথ গেমছত বেলেগ বেলেগ ধৰণে অংশগ্ৰহণ কৰে।

বিশ্ব ক্ৰিকেট শাসক সংস্থা আইচিচিয়ে ক্ৰিকেটক অধিক বিয়পাবলৈ চেষ্টা কৰিছে। সেই কাৰণেই আমেৰিকাক ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ আয়োজনৰ দায়িত্ব দিয়া হৈছে। সেই দেশত এইবাৰ ধুমধামেৰে আৰম্ভ হৈছে মেজৰ লীগ ক্ৰিকেট।

অৱশ্যে ক্ৰিকেট অলিম্পিকলৈ ঘূৰি আহিব নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইয়াৰ পূৰ্বেও বহুবাৰ অলিম্পিকত ক্ৰিকেট সংযোজনৰ কথা চৰ্চা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু