--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২৮ বছৰৰ পাছত অলিম্পিকলৈ ঘূৰি আহিব পাৰে ক্ৰিকেট। ২০২৮ চনত লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট খেলিব পাৰে। ক্ৰিকেটৰ দুটা দল হ’ব পাৰে – ল’ৰা আৰু ছোৱালী। যদি ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হয় তেন্তে টি-২০ ফৰ্মেটত খেলাৰ সম্ভাৱনা আছে।

ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰিলে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়েও লাভৱান হ’ব বুলি ধাৰণা কৰা হৈছে। সেইবাবেই অলিম্পিকত সংযোজন কৰিবলৈ চৰ্চা চলি থকা ৯খন খেলৰ তালিকাত ক্ৰিকেট আছে।

অহা বছৰ ভাৰতত পেৰিছ অলিম্পিক সম্প্ৰচাৰ কৰিবলগীয়া টেলিভিছন কোম্পানীয়ে প্ৰতিখন খেল (ইভেণ্ট) দেখুৱাবলৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীক ২ কোটি ডলাৰ (১৬৫ কোটি টকা) দিব। কিন্তু ২০২৮ চনত যদি ক্ৰিকেট অলিম্পিকত অন্তৰ্ভুক্ত হয়, তেন্তে সম্প্ৰচাৰৰ হাৰ দহগুণ বৃদ্ধি পাব পাৰে। অৱশ্যে অলিম্পিকলৈ ক্ৰিকেটৰ প্ৰত্যাৱৰ্তন এতিয়াও নিশ্চিত হোৱা নাই। চলিত বৰ্ষৰ শেষৰ ফালে এই সিদ্ধান্ত লোৱা হ’ব পাৰে।

১৯০০ চনৰ পেৰিছ অলিম্পিকত ক্ৰিকেট খেলা হৈছিল। সেইবাৰ মাত্ৰ এখন মেচ আছিল। সেই মেচখন আছিল গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত। গ্ৰেট ব্ৰিটেইনে জয়লাভ কৰে।

অৱশেষত যদি ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হয়, তেন্তে অংশগ্ৰহণকাৰী দেশৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হ’ব। সেই হিচাপে ইংলেণ্ড দলৰ অস্তিত্ব নাথাকিব। গ্ৰেট ব্ৰিটেইন হিচাপে খেলিব লাগিব। কমনৱেলথ গেমছতো ঠিক একেই কথাই হৈছিল। ২০২২ চনত কমনৱেলথ গেমছত খেলা নাছিল ৱেষ্ট ইণ্ডিজে। তাৰ সলনি বাৰ্বাডোজে খেলিছিল। কাৰণ, কেৰিবিয়ান দ্বীপপুঞ্জৰ প্ৰতিখন দেশেই অলিম্পিক বা কমনৱেলথ গেমছত বেলেগ বেলেগ ধৰণে অংশগ্ৰহণ কৰে।

বিশ্ব ক্ৰিকেট শাসক সংস্থা আইচিচিয়ে ক্ৰিকেটক অধিক বিয়পাবলৈ চেষ্টা কৰিছে। সেই কাৰণেই আমেৰিকাক ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ আয়োজনৰ দায়িত্ব দিয়া হৈছে। সেই দেশত এইবাৰ ধুমধামেৰে আৰম্ভ হৈছে মেজৰ লীগ ক্ৰিকেট।

অৱশ্যে ক্ৰিকেট অলিম্পিকলৈ ঘূৰি আহিব নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইয়াৰ পূৰ্বেও বহুবাৰ অলিম্পিকত ক্ৰিকেট সংযোজনৰ কথা চৰ্চা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement