--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৭ চনত যুৱৰাজ সিঙে ষ্টুয়াৰ্ট ব্ৰডৰ কেৰিয়াৰ প্ৰায় শেষ কৰি দিছিল। টি-২০ বিশ্বকাপৰত তেওঁ ইংৰাজ পেচাৰগৰাকীৰ এটা অভাৰত ছয়টা ছয় মাৰিছিল। প্রথম টি-২০ বিশ্বকাপত যুৱৰাজে কৰা এই তাণ্ডৱ ক্ৰিকেটপ্ৰেমীসকলে এতিয়াও পাহৰিব পৰা নাই। সেই সময়ত ষ্টুৱাৰ্ট ব্ৰড তৰুণ আছিল।

সেই ব্র’ডে ৩৭ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলাবলৈ ওলাইছে। এই পৰ্যন্ত টেষ্টত ৬০০ টা উইকেট দখল কৰিছে তেওঁ। বগা বল ক্ৰিকেটত ২৪৩টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰিছে। ইংলেণ্ডৰ অন্যতম সফল বলাৰগৰাকীয়ে শনিবাৰে কয় যে অ’ভেলত তেওঁ শেষৰখন টেষ্ট খেলিবলৈ উলাইছে।

এই ঘোষণাৰ পাছতে দেওবাৰে যুৱৰাজে টুইট কৰি কয়, “চেলুট টু ইউ ব্ৰড। দূৰ্দান্ত কেৰিয়াৰ তোমাৰ। ৰেডবল ক্ৰিকেটৰ অন্যতম ভয়ংকৰ বলাৰ। এজন কিংবদন্তি। তোমাৰ ক্ৰিকেট কেৰিয়াৰ আৰু আকাংক্ষা আনৰ বাবে প্ৰেৰণা হিচাপে পৰিগণিত হ’ব। পৰৱৰ্তী ইনিংছৰ বাবে শুভকামনা থাকিল।”

ইতিমধ্যে সীমিত অভাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ লৈছে ব্ৰডে। টি২০ বিশ্বকাপৰ সেই মুহূৰ্তটোৰ বিষয়ে সুঁৱৰি ব্ৰডে এনেদৰে কয়- “সেই দিনটো সঁচাকৈয়ে কঠিন আছিল। মোৰনো বয়স কিমান আছিল? ২১, ২২! সেই মেচৰ পিছত মই বহুত শিকিলোঁ।’’

ইংলেণ্ডৰ হৈ ১৬৬খন টেষ্ট মেচত ব্ৰডে ২০ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰে। তিনিবাৰকৈ ১০টা উইকেট দখল কৰে। ২০০৬ চনত ব্ৰডে বগা বল ক্ৰিকেটত অভিষেক ঘটায়। ২০০৭ চনৰ পৰা তেওঁ টেষ্ট খেলিবলৈ আৰম্ভ কৰে। ১৭ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলাবলৈ ওলাইছে ব্ৰডে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement