--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাহিৰ খানে ২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ৯২খন টেষ্ট খেলি অৱসৰ গ্ৰহণ কৰে। ১০০খন টেষ্ট মেচৰ মাইলৰ খুঁটিৰ পৰা মাত্ৰ ৮খন মেচ বাকী থকা অৱস্থাত জাহিৰে অৱসৰ লয়। ইয়াৰ আঁৰত আছে বিৰাট কোহলী! এই মন্তব্য কৰিলে ঈশান্ত শৰ্মাই।

২০১৪ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলাৰ পিছত জাহিৰে অৱসৰ গ্ৰহণ কৰে। সেই টেষ্টত ব্ৰেণ্ডন মেককালামে ৩০০ ৰান সংগ্ৰহ কৰিছিল। ৬৮০ ৰান সংগ্ৰহ কৰাৰ পিছত ইনিংছ ঘোষণা কৰে নিউজিলেণ্ডে। সেই মেচত বিৰাটে মেককালামৰ কেচ ড্ৰপ কৰিছিল।

সেই ঘটনাৰ কথা উল্লেখ কৰি ইশান্তই কয়, ‘আমি নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি আছিলো। বিৰাটে কেচটো ড্ৰপ কৰাৰ পিছত মেককালামে ৩০০ ৰান সংগ্ৰহ কৰে। দুপৰীয়াৰ আহাৰৰ আগতে বিৰাটে কেচটো ড্ৰপ কৰে। বিৰতিৰ সময়ত তেওঁ জাহিৰৰ ওচৰত ক্ষমা খুজিছিল। জাহিৰে কোহলিক চিন্তা কৰিবলৈ বাধা দিয়ে। কয় যে তেওঁ মেককালামক আউট কৰিব। চাহ বিৰতিৰ সময়ত বিৰাটে পুনৰ ক্ষমা বিচাৰে আৰু জাহিৰে পুনৰ তাক চিন্তা কৰিবলৈ মানা কৰে। তৃতীয় দিনা চাহৰ বিৰতিৰ সময়ত বিৰাটে ক্ষমা খুজিলে আৰু জাহিৰে ক'লে, "তুমি মোৰ কেৰিয়াৰেই শেষ কৰি দিলা।"

জাহিৰে লগতে স্বীকাৰ কৰে যে বিৰাটে তেওঁৰ শেষৰখন টেষ্টত এটা কেচ ড্ৰপ কৰিছিল আৰু তাৰ পিছত মেককালামে ৩০০ ৰান কৰিছিল। ঈশান্ত আৰু জাহিৰেও বিৰাটক ঠাট্টা কৰিব ধৰে। এই কথাটো শুনিলে বিৰাটৰ খং উঠিব পাৰে বুলিও ধেমালি কৰে। জহিৰে ক'লে, "নাই, তুমি মোৰ কেৰিয়াৰ শেষ কৰাৰ কথা কোৱা নাছিলো। মই ক’ব বিচাৰিছিলো যে ‘কিয়াৰন ম’ৰে এবাৰ গ্ৰেহাম গুচৰ কেচ ড্ৰপ কৰিছিল আৰু তেওঁ ৩০০ ৰান কৰিছিল। ইয়াৰ পিছত তুমি এইটো কৰিলা।' বিৰাটৰ সেইটো ভাল নালাগিল।"

উল্লেখ্য যে সেই টেষ্টৰ পিছতে জাহিৰে অৱসৰ লয়। তেওঁ আঘাটপ্ৰাপ্তও হয়। তাৰ বাবেই তেওঁ খেল এৰিবলৈ বাধ্য হ’ল। টেষ্ট ক্ৰিকেটত জাহিৰ আৰু ইশান্ত দুয়োজনেই ৩১১টা উইকেট দখল কৰিছে। কিন্তু জাহিৰে ৯২ খন টেষ্ট খেলাৰ বিপৰীতে ঈশান্তে ১০৫ খন টেষ্ট খেলিছিল। দুয়োজনে টেষ্টত ১১ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ