--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাহিৰ খানে ২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ৯২খন টেষ্ট খেলি অৱসৰ গ্ৰহণ কৰে। ১০০খন টেষ্ট মেচৰ মাইলৰ খুঁটিৰ পৰা মাত্ৰ ৮খন মেচ বাকী থকা অৱস্থাত জাহিৰে অৱসৰ লয়। ইয়াৰ আঁৰত আছে বিৰাট কোহলী! এই মন্তব্য কৰিলে ঈশান্ত শৰ্মাই।

২০১৪ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলাৰ পিছত জাহিৰে অৱসৰ গ্ৰহণ কৰে। সেই টেষ্টত ব্ৰেণ্ডন মেককালামে ৩০০ ৰান সংগ্ৰহ কৰিছিল। ৬৮০ ৰান সংগ্ৰহ কৰাৰ পিছত ইনিংছ ঘোষণা কৰে নিউজিলেণ্ডে। সেই মেচত বিৰাটে মেককালামৰ কেচ ড্ৰপ কৰিছিল।

সেই ঘটনাৰ কথা উল্লেখ কৰি ইশান্তই কয়, ‘আমি নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি আছিলো। বিৰাটে কেচটো ড্ৰপ কৰাৰ পিছত মেককালামে ৩০০ ৰান সংগ্ৰহ কৰে। দুপৰীয়াৰ আহাৰৰ আগতে বিৰাটে কেচটো ড্ৰপ কৰে। বিৰতিৰ সময়ত তেওঁ জাহিৰৰ ওচৰত ক্ষমা খুজিছিল। জাহিৰে কোহলিক চিন্তা কৰিবলৈ বাধা দিয়ে। কয় যে তেওঁ মেককালামক আউট কৰিব। চাহ বিৰতিৰ সময়ত বিৰাটে পুনৰ ক্ষমা বিচাৰে আৰু জাহিৰে পুনৰ তাক চিন্তা কৰিবলৈ মানা কৰে। তৃতীয় দিনা চাহৰ বিৰতিৰ সময়ত বিৰাটে ক্ষমা খুজিলে আৰু জাহিৰে ক'লে, "তুমি মোৰ কেৰিয়াৰেই শেষ কৰি দিলা।"

জাহিৰে লগতে স্বীকাৰ কৰে যে বিৰাটে তেওঁৰ শেষৰখন টেষ্টত এটা কেচ ড্ৰপ কৰিছিল আৰু তাৰ পিছত মেককালামে ৩০০ ৰান কৰিছিল। ঈশান্ত আৰু জাহিৰেও বিৰাটক ঠাট্টা কৰিব ধৰে। এই কথাটো শুনিলে বিৰাটৰ খং উঠিব পাৰে বুলিও ধেমালি কৰে। জহিৰে ক'লে, "নাই, তুমি মোৰ কেৰিয়াৰ শেষ কৰাৰ কথা কোৱা নাছিলো। মই ক’ব বিচাৰিছিলো যে ‘কিয়াৰন ম’ৰে এবাৰ গ্ৰেহাম গুচৰ কেচ ড্ৰপ কৰিছিল আৰু তেওঁ ৩০০ ৰান কৰিছিল। ইয়াৰ পিছত তুমি এইটো কৰিলা।' বিৰাটৰ সেইটো ভাল নালাগিল।"

উল্লেখ্য যে সেই টেষ্টৰ পিছতে জাহিৰে অৱসৰ লয়। তেওঁ আঘাটপ্ৰাপ্তও হয়। তাৰ বাবেই তেওঁ খেল এৰিবলৈ বাধ্য হ’ল। টেষ্ট ক্ৰিকেটত জাহিৰ আৰু ইশান্ত দুয়োজনেই ৩১১টা উইকেট দখল কৰিছে। কিন্তু জাহিৰে ৯২ খন টেষ্ট খেলাৰ বিপৰীতে ঈশান্তে ১০৫ খন টেষ্ট খেলিছিল। দুয়োজনে টেষ্টত ১১ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু