--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেট অলিম্পিকত অন্তৰ্ভুক্ত হ’ব নেকি? এই প্ৰশ্নটো বিগত কেইবছৰমানৰ পৰা চৰ্চাত আছে। যদিও বিষয়টো এতিয়াও কাৰ্যকৰী হোৱা নাই, তথাপিও আইচিচিয়ে এই বিষয়ে চিন্তা কৰি আছে। খবৰ ওলাইছে যে যদি সকলো ঠিকে থাকে তেন্তে ১২৮ বছৰৰ পাছত অলিম্পিকলৈ ঘূৰি আহিব পাৰে ক্ৰিকেট।

২০২৮ চনত আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হ’ব অলিম্পিক গেমছ (অলিম্পিক ২০২৮)। ইয়াতেই ক্ৰিকেটৰ মঞ্চ যোগ কৰিব পাৰি। তথ্য আহিছে  বিশ্ব ক্ৰিকেটৰ শাসকীয় সংস্থা আইচিচিৰ পৰা। ক্ৰিকেট সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আইচিচিয়ে অলিম্পিকত ৬টা পুৰুষ আৰু ৬টা  মহিলা দলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচাৰিছে। এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক পৰিষদক আইচিচিয়ে প্ৰস্তাৱ আগবঢ়াইছে।

যদি অলিম্পিকত  ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হয়, তেন্তে দলটো কেনেকৈ নিৰ্বাচন কৰা হ’ব? তাত ভাৰত অন্তৰ্ভুক্ত হ’ব নেকি? এই সন্দৰ্ভতো আই চি চিয়ে সিদ্ধান্ত লৈছে যে টি-২০ ৰেংকিঙৰ শীৰ্ষ ৬ টা দলে অংশগ্ৰহণৰ সুযোগ পাব। এই ক্ষেত্ৰত ভাৰতৰ অংশগ্ৰহণ শক্তিশালী বুলি বিবেচিত হৈছে। একে সময়তে আইচিচিয়ে দাবী কৰিছে যে পুৰুষ আৰু মহিলা প্ৰতিযোগিতা পৃথক পৃথক সময়ত অনুষ্ঠিত হ’ব। কিন্তু এই ক্ষেত্ৰত দুয়োখন প্ৰতিযোগিতাকে সমান গুৰুত্ব দিয়া হ’ব।

এই প্ৰতিযোগিতা কেনেকৈ হব পাৰে:-
প্ৰতিটো দলে এই প্ৰতিযোগিতাৰ বাবে ১৪ জন খেলুৱৈৰ নাম উল্লেখ কৰিব পাৰে। ৬টা দলক দুটা গ্ৰুপত ভাগ কৰা হ’ব। ছেমি ফাইনেলৰ বাবে গ্ৰুপ দুটাৰ পৰা নিৰ্বাচিত হ’ব শেষৰ চাৰিটা । ফাইনেলত ছেমি ফাইনেলত বিজয়ী দুয়ো দলে মুখামুখি হ’ব আৰু ছেমি ফাইনেলত পৰাজয়ীয়ে ব্ৰঞ্জৰ পদকৰ বাবে খেলিব আৰু চূড়ান্ত পৰ্যায়ত হ’ব সোণৰ পদকৰ বাবে যুঁজ

ইতিমধ্যে ক্ৰিকেটকে ধৰি ২০২৮ চনৰ অলিম্পিকৰ বাবে ২৮খন খেলৰ অনুমোদন লাভ কৰা হৈছে। অৱশ্যে কিমান দূৰ আগবাঢ়িছে সেয়া নিশ্চিত কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। কাৰণ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ আগতে ১৯০০ চনত পেৰিছ অলিম্পিকৰ লগত ক্ৰিকেট সংলগ্ন হৈছিল। সেই প্ৰতিযোগিতাত ইংলেণ্ডে সোণৰ পদক লাভ কৰিছিল। সকলো ঠিকে থাকিলে ১২৮ বছৰৰ পাছত পুনৰ অলিম্পিকত ক্ৰিকেট প্ৰতিযোগিতা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু