--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেট অলিম্পিকত অন্তৰ্ভুক্ত হ’ব নেকি? এই প্ৰশ্নটো বিগত কেইবছৰমানৰ পৰা চৰ্চাত আছে। যদিও বিষয়টো এতিয়াও কাৰ্যকৰী হোৱা নাই, তথাপিও আইচিচিয়ে এই বিষয়ে চিন্তা কৰি আছে। খবৰ ওলাইছে যে যদি সকলো ঠিকে থাকে তেন্তে ১২৮ বছৰৰ পাছত অলিম্পিকলৈ ঘূৰি আহিব পাৰে ক্ৰিকেট।

২০২৮ চনত আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হ’ব অলিম্পিক গেমছ (অলিম্পিক ২০২৮)। ইয়াতেই ক্ৰিকেটৰ মঞ্চ যোগ কৰিব পাৰি। তথ্য আহিছে  বিশ্ব ক্ৰিকেটৰ শাসকীয় সংস্থা আইচিচিৰ পৰা। ক্ৰিকেট সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আইচিচিয়ে অলিম্পিকত ৬টা পুৰুষ আৰু ৬টা  মহিলা দলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচাৰিছে। এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক পৰিষদক আইচিচিয়ে প্ৰস্তাৱ আগবঢ়াইছে।

যদি অলিম্পিকত  ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হয়, তেন্তে দলটো কেনেকৈ নিৰ্বাচন কৰা হ’ব? তাত ভাৰত অন্তৰ্ভুক্ত হ’ব নেকি? এই সন্দৰ্ভতো আই চি চিয়ে সিদ্ধান্ত লৈছে যে টি-২০ ৰেংকিঙৰ শীৰ্ষ ৬ টা দলে অংশগ্ৰহণৰ সুযোগ পাব। এই ক্ষেত্ৰত ভাৰতৰ অংশগ্ৰহণ শক্তিশালী বুলি বিবেচিত হৈছে। একে সময়তে আইচিচিয়ে দাবী কৰিছে যে পুৰুষ আৰু মহিলা প্ৰতিযোগিতা পৃথক পৃথক সময়ত অনুষ্ঠিত হ’ব। কিন্তু এই ক্ষেত্ৰত দুয়োখন প্ৰতিযোগিতাকে সমান গুৰুত্ব দিয়া হ’ব।

এই প্ৰতিযোগিতা কেনেকৈ হব পাৰে:-
প্ৰতিটো দলে এই প্ৰতিযোগিতাৰ বাবে ১৪ জন খেলুৱৈৰ নাম উল্লেখ কৰিব পাৰে। ৬টা দলক দুটা গ্ৰুপত ভাগ কৰা হ’ব। ছেমি ফাইনেলৰ বাবে গ্ৰুপ দুটাৰ পৰা নিৰ্বাচিত হ’ব শেষৰ চাৰিটা । ফাইনেলত ছেমি ফাইনেলত বিজয়ী দুয়ো দলে মুখামুখি হ’ব আৰু ছেমি ফাইনেলত পৰাজয়ীয়ে ব্ৰঞ্জৰ পদকৰ বাবে খেলিব আৰু চূড়ান্ত পৰ্যায়ত হ’ব সোণৰ পদকৰ বাবে যুঁজ

ইতিমধ্যে ক্ৰিকেটকে ধৰি ২০২৮ চনৰ অলিম্পিকৰ বাবে ২৮খন খেলৰ অনুমোদন লাভ কৰা হৈছে। অৱশ্যে কিমান দূৰ আগবাঢ়িছে সেয়া নিশ্চিত কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। কাৰণ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ আগতে ১৯০০ চনত পেৰিছ অলিম্পিকৰ লগত ক্ৰিকেট সংলগ্ন হৈছিল। সেই প্ৰতিযোগিতাত ইংলেণ্ডে সোণৰ পদক লাভ কৰিছিল। সকলো ঠিকে থাকিলে ১২৮ বছৰৰ পাছত পুনৰ অলিম্পিকত ক্ৰিকেট প্ৰতিযোগিতা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement