--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাটাৰত অনুষ্ঠিত ফিফা বিশ্বকপৰ উদ্বোধনী অনুষ্ঠানকে ধৰি প্ৰথম খন খেল উপভোগ কৰাৰ বাবে বহু ভাৰতীয়ই অধীৰ অপেক্ষা কৰিছিল। কিন্তু আশাত চেঁচাপানী পৰিল জিঅ’ৰ নিম্নমানৰ সেৱাৰ বাবে। জিঅ' চিনেমাক ভাৰতত ফুটবল বিশ্বকাপ ডিজিটেল ভাৱে সম্প্ৰচাৰ কৰাৰ দায়িত্ব দিয়া হৈছিল। কিন্তু প্ৰথম দিনাই বিশ্বকাপ অনুষ্ঠান সম্প্ৰচাৰ কৰাত সমস্যাই দেখা দিয়ে। ফলত মুকেশ আম্বানীৰ কোম্পানীটোৰ বিৰুদ্ধে আৰম্ভ হৈছে সৰব  সমালোচনা ।

কাটাৰত ফুটবল বিশ্বকাপ বৰ্ণিল  অনুষ্ঠানেৰে কালি   আৰম্ভ হৈছে। কিন্তু ভাৰতীয় দৰ্শকসকলে অনুষ্ঠানটো চোৱাত ইমানেই সমস্যাৰ সন্মুখীন হ’ল যে বহুতেই অনুষ্ঠান চোৱাৰ আশাই বাদ দিবলগীয়া হ’ল।ফুটবল বিশ্বকাপৰ প্ৰথম দিনাই  ভাৰতত দেখা দিলে সম্প্ৰচাৰৰ সমস্যাই । জিঅ' চিনেমাত উদ্বোধনী অনুষ্ঠান চোৱাত দৰ্শকে আৰম্ভনিৰে পৰাই  সমস্যাৰ সন্মুখীন হয়। মুকেশ আম্বানীৰ ৰিলায়েন্সৰ অন্তৰ্গত  জিঅ'ৰ বিৰুদ্ধে  সমালোচনা আৰম্ভ হোৱাৰ পিছতে লজ্জিত হৈছে মুকেশ আম্বানী।এনে পৰিস্থিতিত জিঅ' চিনেমাই দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হৈছে। তেওঁলোকে কৈছে যে তেওঁলোকে যিমান সম্ভৱ সোনকালে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰি আছে।

ৰিলায়েন্সৰ আন এক শাখা ভায়াকম ১৮-ক ভাৰতৰ টেলিভিছনত  ফুটবল বিশ্বকাপ সম্প্ৰচাৰৰ দায়িত্ব দিয়া হৈছে। খেলখন স্পৰ্টছ ১৮ চেনেলত সম্প্ৰচাৰ কৰা হৈছে। মোবাইল ফোনত  জিঅ' চিনেমা ইনষ্টল কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ খেল চাব পৰা যাব বুলি কোৱা হৈছিল। কিন্তু দৰ্শকসকলে ডিজিটেল মাধ্যমৰ জৰিয়তে খেল খন চোৱাত ইমানেই  সমস্যাৰ সন্মুখীন হ’ল যে জিঅ’ চিনেমাক সমালোচনাৰে থকাসৰকা কৰিলে।

সমালোচনাৰ সন্মুখীন হৈ জিঅ' চিনেমাই ক্ষমা বিচাৰি কৈছে, "আমি আপোনাক বিশ্বকাপখন ভালদৰে দেখুৱাবলৈ যথাসাধ্য চেষ্টা কৰি আছোঁ। অনুগ্ৰহ কৰি আপোনাৰ ম'বাইলত জিঅ' চিনেমাৰ আটাইতকৈ উন্নত সংস্কৰণটো ইনষ্টল কৰক। সম্প্ৰচাৰৰ সমস্যাৰ বাবে আমি ক্ষমা বিচাৰিছো। '' উল্লেখ্য দোহাৰ আল বায়াত ষ্টেডিয়ামত বিশ্বকপৰ  উদ্বোধনী অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হৈছিল। উদ্বোধনী অনুষ্ঠানত  ঐক্য আৰু সমতাৰ বাৰ্তা দিয়া হৈছে। ফুটবলে পৃথিৱীখনক একত্ৰিত কৰিব পাৰে বুলি বাৰ্তাটো বাৰে বাৰে প্ৰচাৰ কৰি থকা হৈছে। 

কালি উদ্বোধনী অনুষ্ঠান নিৰ্ধাৰিত সময়তকৈ অলপ পলমকৈ আৰম্ভ হৈছিল। সংযুক্ত আৰৱ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী আৰু ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল-মাকতুমো উক্ত অনুষ্ঠানত  উপস্থিত আছিল। সংতীগানুষ্ঠানৰ  পিছত হলিউডৰ অভিনেতা মৰ্গান ফ্ৰীমেনে বিশ্বকাপৰ একতাৰ বাৰ্তাপ্ৰচাৰ কৰে। তেওঁক মঞ্চত কাটাৰৰ বিশেষভাৱে সক্ষম ঘানেম আল-মুফতাহে সংগ দিয়ে।

উদ্বোধনী অনুষ্ঠানটো কোৰিয়ান বেণ্ড বিটিএছৰ মুখ্য গায়ক জান কুকে সংগীত পৰিবেশন কৰে। তেওঁৰ সৈতে কাটাৰী গায়ক ফাহাদ আল-কুবায়চিও আছিল। ১৯৯৮ চনৰ বিশ্বকাপত ৰিকি মাৰ্টিনে গোৱা 'অ'লে, অ'লে'ৰ পৰা ২০১০ চনৰ বিশ্বকাপত ছাকিৰাই গোৱা 'ৱাকা, ৱাকা'লৈকে সকলো বোৰ গীতেই কলিৰ অনুষ্ঠানত শুনা গৈছিল। বিগত  বিশ্বকাপসমূহৰ   শুভংকৰসমূহো অনুষ্ঠানত এটা এটাকৈ উপস্থাপন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু