--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভণি সুখকৰ নহ’ল লিঅ’নেল মেছিৰ! কাটাৰ বিশ্বকাপৰ প্ৰথমখন মেচতে মুখঠেকেচা খালে মহাশক্তিধৰ আৰ্জেটণ্টিনাই। ফুটবল জগতৰ কোনো তাৰকাখচিত শক্তিশালী দল নহয়, বৰঞ্চ চৌদী আৰৱৰ হাতত পৰাজীত হ’ল আৰ্জেণ্টিনা!

লুছাইল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গ্ৰুপ-চিৰ মেচখনৰ প্ৰথমাৰ্ধত চালকৰ আসনত আছিল আৰ্জেণ্টিনা। খেল আৰম্ভ হোৱাৰ ১০ মিনিটতে প্ৰথমটো গ’ল কৰে লিঅ’নেল মেছিয়ে। পেনাল্টিৰে বিশ্বকাপ অভিযান আৰম্ভ কৰে বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ তাৰকাগৰাকীয়ে।

প্ৰথমাৰ্ধত আৰ্জেণ্টিনাই আগুৱাবলৈ কেইবাটাও সুযোগ লাভ কৰিছিল যদিও অফচাইড হয় আৰ্জেণ্টিনাৰ ষ্ট্ৰাইকাৰ লাউতাৰু মাৰ্টিনেজ। এইদৰেই প্ৰথমাৰ্ধত ১-০ গ’লত আগুৱাই থাকি খেলখনত দমনীয়তা অব্যাহত ৰাখিছিল মেছিবাহিনীয়ে।

কিন্তু দ্বিতীয়াৰ্ধত আৰ্জেণ্টিনাক উভটি ধৰে চৌদী আৰৱে। পাঁচ মিনিটৰ ব্যৱধানতে দুটাকৈ গ’ল কৰি প্ৰচণ্ড চাপ সৃষ্টি কৰি মেছিবাহিনীৰ ওপৰত। ৪৮ মিনিটত শ্বালে আলশ্বেহৰী আৰু তাৰ পাঁচ মিনিটৰ পাছতে ছালেম আলদাওছাৰিয়ে গ’ল কৰে। ফলস্বৰূপে নাটকীয়ভাৱে ২-১ গ’লত পিছুৱাই ৰয় মেছিবাহিনীয়ে।

দ্বিতীয়াৰ্ধতো আৰ্জেণ্টিনাই কেইবাটাও সুযোগ লাভ কৰিছিল যদিও এইসমূহত সফলতা লাভ কৰিব নোৱাৰিলে। চৌদী আৰৱৰ ডিফেন্সে পৰাক্ম দেখুৱায়। মেচখনত পৰাজীত হোৱাৰ পাছতে বিশ্বকাপ বিজয়ৰ অন্যতম দাবীদাৰ দলটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰ্জেণ্টিনাৰ অনুৰাগীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু