--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভণি সুখকৰ নহ’ল লিঅ’নেল মেছিৰ! কাটাৰ বিশ্বকাপৰ প্ৰথমখন মেচতে মুখঠেকেচা খালে মহাশক্তিধৰ আৰ্জেটণ্টিনাই। ফুটবল জগতৰ কোনো তাৰকাখচিত শক্তিশালী দল নহয়, বৰঞ্চ চৌদী আৰৱৰ হাতত পৰাজীত হ’ল আৰ্জেণ্টিনা!

লুছাইল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গ্ৰুপ-চিৰ মেচখনৰ প্ৰথমাৰ্ধত চালকৰ আসনত আছিল আৰ্জেণ্টিনা। খেল আৰম্ভ হোৱাৰ ১০ মিনিটতে প্ৰথমটো গ’ল কৰে লিঅ’নেল মেছিয়ে। পেনাল্টিৰে বিশ্বকাপ অভিযান আৰম্ভ কৰে বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ তাৰকাগৰাকীয়ে।

প্ৰথমাৰ্ধত আৰ্জেণ্টিনাই আগুৱাবলৈ কেইবাটাও সুযোগ লাভ কৰিছিল যদিও অফচাইড হয় আৰ্জেণ্টিনাৰ ষ্ট্ৰাইকাৰ লাউতাৰু মাৰ্টিনেজ। এইদৰেই প্ৰথমাৰ্ধত ১-০ গ’লত আগুৱাই থাকি খেলখনত দমনীয়তা অব্যাহত ৰাখিছিল মেছিবাহিনীয়ে।

কিন্তু দ্বিতীয়াৰ্ধত আৰ্জেণ্টিনাক উভটি ধৰে চৌদী আৰৱে। পাঁচ মিনিটৰ ব্যৱধানতে দুটাকৈ গ’ল কৰি প্ৰচণ্ড চাপ সৃষ্টি কৰি মেছিবাহিনীৰ ওপৰত। ৪৮ মিনিটত শ্বালে আলশ্বেহৰী আৰু তাৰ পাঁচ মিনিটৰ পাছতে ছালেম আলদাওছাৰিয়ে গ’ল কৰে। ফলস্বৰূপে নাটকীয়ভাৱে ২-১ গ’লত পিছুৱাই ৰয় মেছিবাহিনীয়ে।

দ্বিতীয়াৰ্ধতো আৰ্জেণ্টিনাই কেইবাটাও সুযোগ লাভ কৰিছিল যদিও এইসমূহত সফলতা লাভ কৰিব নোৱাৰিলে। চৌদী আৰৱৰ ডিফেন্সে পৰাক্ম দেখুৱায়। মেচখনত পৰাজীত হোৱাৰ পাছতে বিশ্বকাপ বিজয়ৰ অন্যতম দাবীদাৰ দলটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰ্জেণ্টিনাৰ অনুৰাগীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক