--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি  ১৩ খন ৰাজ্যৰ ১৩ গৰাকী  নতুন ৰাজ্যপাল নিযুক্ত কৰে৷ এক  চৰকাৰী অধিসূচনাত  এইদৰে কোৱা হৈছে: "অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে লেফটেনেণ্ট জেনেৰেল কাইৱালিয়া ত্ৰিবিক্ৰম পাৰনায়কক; ছিকিমৰ ৰাজ্যপাল হিচাপে লক্ষ্মণ প্ৰসাদ আচাৰ্য; ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে চি.পি. ৰাধাকৃষ্ণণ; হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে শিৱ প্ৰতাপ শুক্লা; অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে এছ. আব্দুল নাজিৰ; অসমৰ ৰাজ্যপাল হিচাপে গুলাব চান্দ কাটাৰিয়াক নিযুক্তি দিয়া হৈছে।"কেইজনমান বৰ্তমানৰ ৰাজ্যপালৰ ৰাজ্য সলনি কৰা হৈছে। 

তেওঁলোকৰ নতুন ৰাজ্য হৈছে: অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল বিশ্ব ভূষণ  হৰিচন্দনক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে; ছত্তীশগড়ৰ ৰাজ্যপাল অনুচুয়া উইকিয়ে মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে; মণিপুৰৰ ৰাজ্যপাল লা. গণেশনক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে; বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে; হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে; ঝাৰখণ্ডৰ ৰাজ্যপাল ৰমেশ বাইছক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে; অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (ড০) বি.ডি. মিশ্ৰ (অৱসৰপ্ৰাপ্ত) লাডাখৰ উপ-ৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছে। 

ওপৰোক্ত নিযুক্তিবোৰ তেওঁলোকে তেওঁলোকৰ নিজ নিজ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰা তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। আজি নিযুক্তি লাভ কৰা ৰাজ্যপালসকলৰ তালিকা এনেধৰণৰ :(১) লেফটেনেণ্ট জেনেৰেল কাইৱালিয়া ত্ৰিবিক্ৰম পাৰনায়ক, পিভিএছএম, ইউৱাইএছএম, অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে (২) ছিকিমৰ ৰাজ্যপাল হিচাপে লক্ষ্মণ প্ৰসাদ আচাৰ্য (৩) চি.পি.ৰাধাকৃষ্ণনক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে  (৪) হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে শিৱ প্ৰতাপ শুক্লা (৫) অসমৰ ৰাজ্যপাল হিচাপে গুলাব চান্দ কাটাৰিয়া (৬)  এছ. আব্দুল নাজিৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে (৭) অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল বিশ্ব ভূষণ  হৰিচন্দনক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে (৮) ,  ছত্তীশগড়ৰ ৰাজ্যপাল অনুচুয়া উইকিয়ক  মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি (৯) মণিপুৰৰ ৰাজ্যপাল লা গণেশনক  নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্ত (১০) মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্ত বিহাৰৰ ৰাজ্যপাল ফাগু চৌহান (১১) বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্ত হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰ (১২) ঝাৰখণ্ডৰ ৰাজ্যপাল ৰমেশ বাইছক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি (১৩)  অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল  বি.ডি. মিশ্ৰক লাডাখৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক