--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি  ১৩ খন ৰাজ্যৰ ১৩ গৰাকী  নতুন ৰাজ্যপাল নিযুক্ত কৰে৷ এক  চৰকাৰী অধিসূচনাত  এইদৰে কোৱা হৈছে: "অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে লেফটেনেণ্ট জেনেৰেল কাইৱালিয়া ত্ৰিবিক্ৰম পাৰনায়কক; ছিকিমৰ ৰাজ্যপাল হিচাপে লক্ষ্মণ প্ৰসাদ আচাৰ্য; ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে চি.পি. ৰাধাকৃষ্ণণ; হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে শিৱ প্ৰতাপ শুক্লা; অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে এছ. আব্দুল নাজিৰ; অসমৰ ৰাজ্যপাল হিচাপে গুলাব চান্দ কাটাৰিয়াক নিযুক্তি দিয়া হৈছে।"কেইজনমান বৰ্তমানৰ ৰাজ্যপালৰ ৰাজ্য সলনি কৰা হৈছে। 

তেওঁলোকৰ নতুন ৰাজ্য হৈছে: অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল বিশ্ব ভূষণ  হৰিচন্দনক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে; ছত্তীশগড়ৰ ৰাজ্যপাল অনুচুয়া উইকিয়ে মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে; মণিপুৰৰ ৰাজ্যপাল লা. গণেশনক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে; বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে; হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে; ঝাৰখণ্ডৰ ৰাজ্যপাল ৰমেশ বাইছক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে; অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (ড০) বি.ডি. মিশ্ৰ (অৱসৰপ্ৰাপ্ত) লাডাখৰ উপ-ৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছে। 

ওপৰোক্ত নিযুক্তিবোৰ তেওঁলোকে তেওঁলোকৰ নিজ নিজ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰা তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। আজি নিযুক্তি লাভ কৰা ৰাজ্যপালসকলৰ তালিকা এনেধৰণৰ :(১) লেফটেনেণ্ট জেনেৰেল কাইৱালিয়া ত্ৰিবিক্ৰম পাৰনায়ক, পিভিএছএম, ইউৱাইএছএম, অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে (২) ছিকিমৰ ৰাজ্যপাল হিচাপে লক্ষ্মণ প্ৰসাদ আচাৰ্য (৩) চি.পি.ৰাধাকৃষ্ণনক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে  (৪) হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে শিৱ প্ৰতাপ শুক্লা (৫) অসমৰ ৰাজ্যপাল হিচাপে গুলাব চান্দ কাটাৰিয়া (৬)  এছ. আব্দুল নাজিৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে (৭) অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল বিশ্ব ভূষণ  হৰিচন্দনক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে (৮) ,  ছত্তীশগড়ৰ ৰাজ্যপাল অনুচুয়া উইকিয়ক  মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি (৯) মণিপুৰৰ ৰাজ্যপাল লা গণেশনক  নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্ত (১০) মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্ত বিহাৰৰ ৰাজ্যপাল ফাগু চৌহান (১১) বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্ত হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰ (১২) ঝাৰখণ্ডৰ ৰাজ্যপাল ৰমেশ বাইছক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি (১৩)  অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল  বি.ডি. মিশ্ৰক লাডাখৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু