--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্কত আকস্মিকভাৱে সংঘটিত ভূমিকম্পই বুকু কঁপাইছে সমগ্ৰ বিশ্বৰ৷ দৈনিক বৃদ্ধি পাইছে মৃতকৰ সংখ্যা৷ এনে সময়তে প্ৰশ্ন উত্থাপিত হৈছে যে, এনে ভূমিকম্প ভাৰততো হ’ব পাৰে নেকি?

 আইআইটিৰ পৃথিৱী বিজ্ঞান বিভাগৰ এজন জ্যেষ্ঠ অধ্যাপক জাভেদ মালিকে কয় যে তুৰস্ক আৰু চিৰিয়াৰ দৰেই ভাৰততো বৃহৎ ভূমিকম্পৰ আশংকা আছে৷ 

মন কৰিব লগীয়া যে অধ্যাপক মালিকে ভাৰতত পূৰ্বৰ ভূমিকম্পৰ কাৰণসমূহৰ ওপৰত গৱেষণা কৰি যথেষ্ট সময় অতিবাহিত কৰিছে। অধ্যাপক মালিকৰ মতে, ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্পই অতি সোনকালেই ভাৰতৰ কিছু অংশক জোকাৰি যাব পাৰে৷ 

"ভূমিকম্পৰ কেন্দ্ৰবিন্দু হ'ব পাৰে  হিমালয়ৰ মেচিফ বা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ৷ সেইকাৰণে সাৱধান হোৱাটো প্ৰয়োজনীয়। এনে শক্তিশালী তথা সংহাৰী  ভূমিকম্পৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি মূহূৰ্ততে  সতৰ্কতা বৰ্তাই ৰাখিব লাগে৷ 

অধ্যাপক মালিকে কচ্ছ, আন্দামান আৰু উত্তৰাখণ্ডৰ ভূমিকম্প পীড়িত অঞ্চলত পৃথিৱীৰ পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰি আছে। তেওঁ কয় যে ভূমিকম্পৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ পাঁচটা অঞ্চল আছে আৰু জোন ৫ সকলো অঞ্চলৰ ভিতৰত আটাইতকৈ বিপদজনক।

অধ্যাপক মালিকে কৈছিল যে জোন ৫ কচ্ছ, আন্দামান আৰু নিকোবৰ আৰু হিমালয় অঞ্চলৰে গঠিত। জোন ৪-ত বাহৰাইচ, লখিমপুৰ, পিলিভিট, গাজিয়াবাদ, ৰুৰকী, নয়নিতালকে ধৰি তেৰাই অঞ্চল আছে। জোন-৩ ত কানপুৰ, লক্ষ্ণৌ, প্ৰয়াগৰাজ, বাৰাণসী, সোনভদ্ৰ ইত্যাদি আছে।

ভূমিকম্প সংঘটিত হোৱাৰ কাৰণ বৰ্ণনা কৰি অধ্যাপক মালিকে কয় যে ভূমিকম্প তেতিয়া হয় যেতিয়া টেকটনিক প্লেটবোৰ ইটোৱে  সিটোৰ সৈতে ঘৰ্ষণ কৰে।শেহতীয়া ভূমিকম্প যিয়ে তুৰস্ক আৰু চিৰিয়াত ব্যাপক ক্ষতি সাধন কৰিছে ৰিখটাৰ স্কেলত ইয়াৰ মাত্ৰা আছিল ৭.৮ ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু