--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্কত আকস্মিকভাৱে সংঘটিত ভূমিকম্পই বুকু কঁপাইছে সমগ্ৰ বিশ্বৰ৷ দৈনিক বৃদ্ধি পাইছে মৃতকৰ সংখ্যা৷ এনে সময়তে প্ৰশ্ন উত্থাপিত হৈছে যে, এনে ভূমিকম্প ভাৰততো হ’ব পাৰে নেকি?

 আইআইটিৰ পৃথিৱী বিজ্ঞান বিভাগৰ এজন জ্যেষ্ঠ অধ্যাপক জাভেদ মালিকে কয় যে তুৰস্ক আৰু চিৰিয়াৰ দৰেই ভাৰততো বৃহৎ ভূমিকম্পৰ আশংকা আছে৷ 

মন কৰিব লগীয়া যে অধ্যাপক মালিকে ভাৰতত পূৰ্বৰ ভূমিকম্পৰ কাৰণসমূহৰ ওপৰত গৱেষণা কৰি যথেষ্ট সময় অতিবাহিত কৰিছে। অধ্যাপক মালিকৰ মতে, ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্পই অতি সোনকালেই ভাৰতৰ কিছু অংশক জোকাৰি যাব পাৰে৷ 

"ভূমিকম্পৰ কেন্দ্ৰবিন্দু হ'ব পাৰে  হিমালয়ৰ মেচিফ বা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ৷ সেইকাৰণে সাৱধান হোৱাটো প্ৰয়োজনীয়। এনে শক্তিশালী তথা সংহাৰী  ভূমিকম্পৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি মূহূৰ্ততে  সতৰ্কতা বৰ্তাই ৰাখিব লাগে৷ 

অধ্যাপক মালিকে কচ্ছ, আন্দামান আৰু উত্তৰাখণ্ডৰ ভূমিকম্প পীড়িত অঞ্চলত পৃথিৱীৰ পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰি আছে। তেওঁ কয় যে ভূমিকম্পৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ পাঁচটা অঞ্চল আছে আৰু জোন ৫ সকলো অঞ্চলৰ ভিতৰত আটাইতকৈ বিপদজনক।

অধ্যাপক মালিকে কৈছিল যে জোন ৫ কচ্ছ, আন্দামান আৰু নিকোবৰ আৰু হিমালয় অঞ্চলৰে গঠিত। জোন ৪-ত বাহৰাইচ, লখিমপুৰ, পিলিভিট, গাজিয়াবাদ, ৰুৰকী, নয়নিতালকে ধৰি তেৰাই অঞ্চল আছে। জোন-৩ ত কানপুৰ, লক্ষ্ণৌ, প্ৰয়াগৰাজ, বাৰাণসী, সোনভদ্ৰ ইত্যাদি আছে।

ভূমিকম্প সংঘটিত হোৱাৰ কাৰণ বৰ্ণনা কৰি অধ্যাপক মালিকে কয় যে ভূমিকম্প তেতিয়া হয় যেতিয়া টেকটনিক প্লেটবোৰ ইটোৱে  সিটোৰ সৈতে ঘৰ্ষণ কৰে।শেহতীয়া ভূমিকম্প যিয়ে তুৰস্ক আৰু চিৰিয়াত ব্যাপক ক্ষতি সাধন কৰিছে ৰিখটাৰ স্কেলত ইয়াৰ মাত্ৰা আছিল ৭.৮ ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক