--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি গৰুক ভালপায়, ইয়াৰ যত্ন লওঁক, গৰুৱেও আপোনাৰ যত্ন ল'ব। এয়া এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পৰামৰ্শ ৷ভেলেণ্টাইন দিৱসৰ আগতে গৰুৰ বিষয়ে আলোচনাৰ যেন এতিয়াও অন্ত পৰা নাই । ইয়াৰ পূৰ্বে ভাৰতীয় পশু কল্যাণ পৰিষদে (এডব্লিউবিআই) এইবুলি আহ্বান জনাইছিল  যে ১৪ ফেব্ৰুৱাৰীক 'গৰু আলিঙ্গন দিৱস' হিচাপে পালন কৰিব লাগে। 

তেতিয়াৰে পৰা গৰুৱে সংবাদ শিৰোনাম দখল কৰি আহিছে। এনে  আলোচনাৰ মাজতেই  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গৰুক ভাল পাবলৈ আকুল আহ্বান জনাইছে৷কিছুমানে কয় যে এয়া এক  সম্পূৰ্ণৰূপে অপ্ৰয়োজনীয় আহ্বান । কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপলাই গৰুৰ প্ৰেমত পৰাৰ কথা ক’বলৈ গৈ কয়  "যদি আপুনি গৰুৰ যত্ন লয়, গৰুটোৱেও আপোনাৰ যত্ন ল'ব"। 


উত্তৰ প্ৰদেশত গ্লোবেল ইনভেষ্টৰ্ছ ছামিট উপলক্ষে  দাধিচি হলত আয়োজিত  এখন সভা অনুষ্ঠিত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰীজনে এনেদৰে কয়৷ তেওঁ লগতে কয় যে শ্ৰীকৃষ্ণৰ সময়ৰ পৰাই ভাৰতত গৰু যত্নেৰে পালন কৰা হয়। সেই প্ৰৱণতা আজিও অব্যাহত আছে। তেওঁৰ মতে,  গো-পালনৰ কথা ওলালেই   উত্তৰ প্ৰদেশৰ গোকুলৰ নাম ওলায়। দুগ্ধ ব্যৱসায় আৰু পশুপালনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ যথেষ্ট আগবাঢ়ি আছে। তেওঁ লগতে আশা কৰে  যে অনাগত দিনত গৰুৰ যত্ন লৈ অধিক গাখীৰ উৎপাদন কৰিব পৰা যাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন