--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি গৰুক ভালপায়, ইয়াৰ যত্ন লওঁক, গৰুৱেও আপোনাৰ যত্ন ল'ব। এয়া এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পৰামৰ্শ ৷ভেলেণ্টাইন দিৱসৰ আগতে গৰুৰ বিষয়ে আলোচনাৰ যেন এতিয়াও অন্ত পৰা নাই । ইয়াৰ পূৰ্বে ভাৰতীয় পশু কল্যাণ পৰিষদে (এডব্লিউবিআই) এইবুলি আহ্বান জনাইছিল  যে ১৪ ফেব্ৰুৱাৰীক 'গৰু আলিঙ্গন দিৱস' হিচাপে পালন কৰিব লাগে। 

তেতিয়াৰে পৰা গৰুৱে সংবাদ শিৰোনাম দখল কৰি আহিছে। এনে  আলোচনাৰ মাজতেই  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গৰুক ভাল পাবলৈ আকুল আহ্বান জনাইছে৷কিছুমানে কয় যে এয়া এক  সম্পূৰ্ণৰূপে অপ্ৰয়োজনীয় আহ্বান । কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপলাই গৰুৰ প্ৰেমত পৰাৰ কথা ক’বলৈ গৈ কয়  "যদি আপুনি গৰুৰ যত্ন লয়, গৰুটোৱেও আপোনাৰ যত্ন ল'ব"। 


উত্তৰ প্ৰদেশত গ্লোবেল ইনভেষ্টৰ্ছ ছামিট উপলক্ষে  দাধিচি হলত আয়োজিত  এখন সভা অনুষ্ঠিত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰীজনে এনেদৰে কয়৷ তেওঁ লগতে কয় যে শ্ৰীকৃষ্ণৰ সময়ৰ পৰাই ভাৰতত গৰু যত্নেৰে পালন কৰা হয়। সেই প্ৰৱণতা আজিও অব্যাহত আছে। তেওঁৰ মতে,  গো-পালনৰ কথা ওলালেই   উত্তৰ প্ৰদেশৰ গোকুলৰ নাম ওলায়। দুগ্ধ ব্যৱসায় আৰু পশুপালনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ যথেষ্ট আগবাঢ়ি আছে। তেওঁ লগতে আশা কৰে  যে অনাগত দিনত গৰুৰ যত্ন লৈ অধিক গাখীৰ উৎপাদন কৰিব পৰা যাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক