--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাসে তাইৰ দৰে নিৰ্দয় নাৰী খুব কমেইহে দেখা পাইছে। ১৭৬৮ চনত তেওঁক ১৩৯টা হত্যাকাণ্ডৰ দোষী সাব্যস্ত কৰা হয়। তেওঁৰ চিকাৰৰ বলি হোৱা সকলো নিমাখিত লোক তেওঁৰ ক্ৰীতদাস আছিল। এই ভয়ংকৰ হত্যাকাৰীৰ ভাগ্যও আছিল ভয়ংকৰ। তেওঁ হৈছে ডাৰিয়া নাকোলায়েভনা ইভানোভা ছাল্টিকোভা। আজিও ৰাছিয়াৰ মানুহে এই নামটো শুনিলেই  কঁপি উঠে।

ছাল্টিকোভাই শিশু আৰু মহিলাকে ধৰি কমেও ১৩৯ জন লোকক হত্যা কৰিছিল। তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিয়াৰ আশংকাতো ৩৮ জনক হত্যা কৰিছিল। মস্কোৰ এখন আদালতে সম্ভ্ৰান্ত সামন্ত ছাল্টিকোভাক আজীৱন কাৰাদণ্ড বিহে। ইয়াৰ পিছত সেনাই মস্কোৰ ৰেড স্কোৱাৰলৈ লৈ গৈ ৰাজহুৱাভাৱে এঘণ্টা ধৰি প্ৰহাৰ কৰে। ছাল্টিকোভাই জীৱনৰ বাকী সময়খিনি মাটিৰ তলৰ কোঠা এটাত শিকলিৰে বন্ধা অৱস্থাত কটালে। ১৮০১ চনৰ ২ নৱেম্বৰত  তাতেই তেওঁৰ মৃত্যু হয়।

ছালটিকোভাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত প্ৰায় ছবছৰ ধৰি চলিছিল। তেওঁৰ বাগিচাৰ দাসসকলৰ লগত কথা পাতি তদন্তকাৰীয়ে আচৰিত হৈছিল। তেওঁৰ দাসসকলে ছাল্টিকোভাৰ প্ৰতি আতংকিত হৈ পৰিছিল। তেওঁৰ কথা অমান্য কৰিলে কঠোৰ শাস্তি পায়। আনকি মৃত্যুদণ্ডও।

১৭৩০ চনত ৰাছিয়াৰ এটা অভিজাত পৰিয়ালত ছাল্টিকোভাৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালটোৱে সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে বাস কৰিছিল। লেখক লিঅ’ টলষ্টয়ৰ সৈতেও ভাল সম্পৰ্ক আছিল। ৰাছিয়াৰ ধনী লোকসকল সেই সময়ত ইউৰোপীয় দেশসমূহৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ইউৰোপীয়ৰ দৰে সাজ-পোছাক পিন্ধি, খাবলৈ অভ্যস্ত হয়। ছাল্টিকোভাও ইয়াৰ ব্যতিক্ৰম নাছিল। সৰুৰে পৰাই তেওঁ ফৰাচী আৰু ইটালীৰ কাপোৰ পিন্ধিছিল।

১৭৫০ চনৰ ভিতৰত ২০ বছৰ বয়সত ছালটিকোভৰ বিবাহ হয় গ্লেব আলেকচিভিচ ছালটিকোভ নামৰ এজন প্ৰশাসনিক বিষয়াৰ সৈতে। কাহিনী অনুসৰি গ্লেবৰ ভাতৃ আছিল ৰাছিয়াৰ সম্ৰাজ্ঞী কেথেৰিনৰ প্ৰেমিক। সেয়া হ’ল ছালটিকোভাৰ দেওৰ। কেথেৰিনৰ সন্তানক টিউচন দিছিল গ্লেবৰ ভতিজাই। ছাল্টিকোভাৰ দুজন পুত্ৰ আছিল। নাম থিওডৰ আৰু নিকোলাছ। যদিও ছাল্টিকোভাই তেওঁলোকৰ লগত বেছি সময় কটাব পৰা নাছিল। ল’ৰাক বৰ্ডিং স্কুললৈ পঠিওৱা হৈছিল।




১৭৫৫ চনত অসুস্থতাৰ বাবে গ্লেবৰ মৃত্যু হয়। ২৫ বছৰ বয়সত স্বামীক হেৰুৱাইছিল ছাল্টিকোভাই। দুজন পুত্ৰ, বৃহৎ বাগিচা, মাটি আৰু ৬০০ দাসৰ সৈতে তেওঁ অস্থিৰ হৈ পৰিছিল। কোৱা হয় যে সেই হেঁচাত ক্ৰমান্বয়ে ছালটিকোভাৰ ব্যক্তিত্ব সলনি হৈছিল। লাহে লাহে তেওঁ নিৰ্দয় হৈ পৰিল।

কোৱা হয় যে স্বামীৰ মৃত্যুৰ পিছত ছাল্টিকোভাৰ নিকোলাই টিয়ুচেভৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। এই নিকোলৰ নাতি কবি Fydor Tyutsev। কিন্তু নিকোলাই ছাল্টিকোভাক বিয়া কৰা নাছিল। বৰঞ্চ আন এগৰাকী যুৱতীক বিয়া কৰে। সেই কথা শুনি ছাল্টিকোভাই নিকোলে আৰু তেওঁৰ কইনাক হত্যা কৰিবলৈ দাস পঠিয়াইছিল। কেনেবাকৈ তেওঁলোক মস্কোলৈ পলাই গ’ল। কিন্তু ত্যুৎচেভৰ ঘৰটো ছাল্টিকোভাৰ দাসসকলে জ্বলাই ছাই কৰি পেলায়।

কিছুমানে কয় যে ছাল্টিকোভাৰ আচৰণ সহজ সৰলেই আছিল। কিন্তু খঙ উঠিলে নিস্তাৰ নাই। ছাল্টিকোভাই কেনেকৈ হত্যাসমূহ সংঘটিত কৰিছিল? এই সন্দৰ্ভত বহু কাহিনী আছে। কোৱা হয় যে তেওঁ আগতে দাসসকললৈ লক্ষ্য কৰি বিভিন্ন বস্তু-পাতী নিক্ষেপ কৰিছিল। কোনো দাসে যদি কথা নুশুনে তেন্তে গৰ্ভৱতী পত্নীৰ পেটত থিয় হয়। ৰাছিয়াৰ চৰম ঠাণ্ডাত ৰাতি দাসসকলক উলংগ কৰি থিয় কৰা হৈছিল। কেতিয়াবা দাসসকলৰ মূৰত উতলি থকা পানী ঢালি দিয়া হৈছিল। কেতিয়াবা উলংগ কৰি কোবাইছিল, যেতিয়ালৈকে পিঠিৰ ছালখন ওলাই নাহিল। 

কোৱা হয় যে এবাৰ এজন দাসে পত্নীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। ছাল্টিকোভা গম পোৱাৰ পিছত নিমাত হৈ পৰিল। পত্নীক হত্যা কৰাৰ পিছত দাসজনে দ্বিতীয়বাৰৰ বাবে বিয়া পাতিলে। ছাল্টিকোভাই সেই কইনাগৰাকীক হত্যা কৰিলে। তৃতীয় পত্নীকো একেদৰেই হত্যা কৰিছিল।

ৰাছিয়াত ছাল্টিকোভাৰ নিষ্ঠুৰতাক লৈ গুণগুণনি আৰম্ভ হৈছিল। শাসক কেথেৰিনে বহুত কথা শুনিলে। কিন্তু ছাল্টিকোভাই ক্ষমতাৰ বলত সকলো লুকুৱাই ৰাখিব। উৎকোচ দি প্ৰশাসকসকলক হাতত ৰাখিলে। ১৭৬২ চনত ছাল্টিকোভাৰ কিছুমান দাস পলায়ন কৰি চেণ্ট পিটাৰ্ছবাৰ্গ পালেগৈ। তালৈ গৈ কেথেৰিনক খবৰটো দিলে। তাৰ ভিতৰত তিনিগৰাকী পত্নী হেৰুৱাই পেলোৱা দাসজনো আছিল। যেতিয়া বিষয়টো ৰাজহুৱা হৈছিল, তেতিয়া কেথেৰিনৰ হেঁচাত পৰিছিল আৰু তেওঁ ছাল্টিকোভাৰ বিচাৰ আৰম্ভ কৰিছিল। তাৰপাছতে জীৱনৰ বাকী সময়খিনি তেওঁ এটা বেছমেণ্টৰ ঘৰত আৱদ্ধ হৈ কটাবলগা হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা