--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্চাশ আৰু ষাঠিৰ দশকৰ বিখ্যাত অভিনেত্ৰী শ্বকীলাৰ ২০১৭ চনৰ ২০ ছেপ্টেম্বৰত ৮২ বছৰ বয়সত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয়। আজিও যেতিয়া ‘বাবুজী ধীৰ চলনা’ গীতটো বজোৱা হয়, তেতিয়াই সকলোৰে মনত অভিনেত্ৰী শকীলাৰ স্মৃতি সজীৱ হৈ উঠে। গুৰু দত্তৰ ছবি আৰ পাৰৰ পৰা বলীউডত স্বীকৃতি লাভ কৰিছিল শকীলাই। এই ছবিখনত তেওঁ ‘বাবুজী ধীৰে চলিনা’ গীতেৰে দৰ্শকৰ হৃদয় জয় কৰিছিল। এই গীতটোৰ উপৰি তেওঁ বলীউডতো বহু ছুপাৰহিট গীত আগবঢ়াইছিল।

 শকীলাৰ প্ৰকৃত নাম আছিল বাদশাহ জাহান-

শকীলাৰ প্ৰকৃত নাম আছিল বাদশাহ জাহান, যি প্ৰথম গীতেৰে বলীউডত বিখ্যাত হৈছিল। শকীলা আফগানিস্তান আৰু ইৰাণৰ ৰাজপৰিয়ালৰ অন্তৰ্গত আছিল। তেওঁ নিজৰ কেৰিয়াৰত বহুতো ছুপাৰহিট গীত দিছিল। শকীলাক শৈশৱতে ডাঙৰ-দীঘল কৰিছিল পেহীয়েক ফিৰোজা বেগমে। তেওঁৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ জীৱনৰ লগত জড়িত কিছুমান আমোদজনক কথা আমি এই লেখাটোত ক’ম।

 শকীলা সৰুতে প্ৰায়ে পেহীয়েক ফিৰোজা বেগমৰ সৈতে ছবি চাবলৈ গৈছিল। পেহীয়েকৰ বাবেই তেওঁৰ ছবিৰ প্ৰতি প্ৰৱণতা বাঢ়িছিল। ১৯৫০ চনত ‘দস্তান’ ছবিৰ জৰিয়তে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল শকীলাই। অতি কম বয়সতে অভিনেত্ৰী শকীলাই চলচ্চিত্ৰ জগতত কেৰিয়াৰ আৰম্ভ কৰিছিল। মাত্ৰ ১৪ বছৰ বয়সতে ৭২খন ছবিত অভিনয় কৰিছিল। দস্তানৰ বাহিৰেও গুমাস্তা, সুন্দৰ, ৰাজৰাণী দময়ন্তী, ছালনী, সিন্দবাদ দ্য চেইলৰ, আগোষ আৰু আৰমান আদিত শিশুশিল্পী হিচাপে অভিনয় কৰিছিল। ইয়াৰ পাছত ১৯৫৩ চনত নিৰ্মিত ‘মেডমাষ্ট’ ছবিৰে মুখ্য অভিনেত্ৰী হিচাপে নিজৰ যাত্ৰাত এক নতুনত্বৰ আৰম্ভণি কৰিছিল।

 শকীলাই প্ৰৱাসী ব্যৱসায়ী জনী বাৰ্বাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৯৬৩ চনত তেওঁ চিনেমা কৰা বন্ধ কৰি স্বামীৰ সৈতে ব্ৰিটেইনলৈ স্থানান্তৰিত হয়। তেওঁ ৫০-৬০ৰ দশকত সকলো শিল্পীৰ সৈতে কাম কৰিছিল। দেৱ আনন্দৰ চি আই ডি ছবিতো অভিনয় কৰিছিল শকীলাই। ‘বাবুজী ধীৰে চলিনা’ গীতটোৰ উপৰি তেওঁৰ ওপৰত ‘নীন্দ না মুঝকো আয়ে’ৰ দৰে ছুপাৰহিট গীত এটাও চিত্ৰগ্ৰহণ কৰা হৈছিল। তেওঁক ‘ফেয়াৰী কুইন অব ইণ্ডিয়ান মুভিজ’ৰ দৰে স্বাকৃতি দিছিল। ৮২ বছৰীয়া শকীলাৰ বান্দ্ৰাৰ ঘৰত হাৰ্ট এটেক হৈছিল। তেওঁক প্ৰথমে ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ভৰ্তি নোহোৱাৰ বাবে তেওঁক জুহুৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় য’ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ