--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্চাশ আৰু ষাঠিৰ দশকৰ বিখ্যাত অভিনেত্ৰী শ্বকীলাৰ ২০১৭ চনৰ ২০ ছেপ্টেম্বৰত ৮২ বছৰ বয়সত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয়। আজিও যেতিয়া ‘বাবুজী ধীৰ চলনা’ গীতটো বজোৱা হয়, তেতিয়াই সকলোৰে মনত অভিনেত্ৰী শকীলাৰ স্মৃতি সজীৱ হৈ উঠে। গুৰু দত্তৰ ছবি আৰ পাৰৰ পৰা বলীউডত স্বীকৃতি লাভ কৰিছিল শকীলাই। এই ছবিখনত তেওঁ ‘বাবুজী ধীৰে চলিনা’ গীতেৰে দৰ্শকৰ হৃদয় জয় কৰিছিল। এই গীতটোৰ উপৰি তেওঁ বলীউডতো বহু ছুপাৰহিট গীত আগবঢ়াইছিল।

 শকীলাৰ প্ৰকৃত নাম আছিল বাদশাহ জাহান-

শকীলাৰ প্ৰকৃত নাম আছিল বাদশাহ জাহান, যি প্ৰথম গীতেৰে বলীউডত বিখ্যাত হৈছিল। শকীলা আফগানিস্তান আৰু ইৰাণৰ ৰাজপৰিয়ালৰ অন্তৰ্গত আছিল। তেওঁ নিজৰ কেৰিয়াৰত বহুতো ছুপাৰহিট গীত দিছিল। শকীলাক শৈশৱতে ডাঙৰ-দীঘল কৰিছিল পেহীয়েক ফিৰোজা বেগমে। তেওঁৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ জীৱনৰ লগত জড়িত কিছুমান আমোদজনক কথা আমি এই লেখাটোত ক’ম।

 শকীলা সৰুতে প্ৰায়ে পেহীয়েক ফিৰোজা বেগমৰ সৈতে ছবি চাবলৈ গৈছিল। পেহীয়েকৰ বাবেই তেওঁৰ ছবিৰ প্ৰতি প্ৰৱণতা বাঢ়িছিল। ১৯৫০ চনত ‘দস্তান’ ছবিৰ জৰিয়তে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল শকীলাই। অতি কম বয়সতে অভিনেত্ৰী শকীলাই চলচ্চিত্ৰ জগতত কেৰিয়াৰ আৰম্ভ কৰিছিল। মাত্ৰ ১৪ বছৰ বয়সতে ৭২খন ছবিত অভিনয় কৰিছিল। দস্তানৰ বাহিৰেও গুমাস্তা, সুন্দৰ, ৰাজৰাণী দময়ন্তী, ছালনী, সিন্দবাদ দ্য চেইলৰ, আগোষ আৰু আৰমান আদিত শিশুশিল্পী হিচাপে অভিনয় কৰিছিল। ইয়াৰ পাছত ১৯৫৩ চনত নিৰ্মিত ‘মেডমাষ্ট’ ছবিৰে মুখ্য অভিনেত্ৰী হিচাপে নিজৰ যাত্ৰাত এক নতুনত্বৰ আৰম্ভণি কৰিছিল।

 শকীলাই প্ৰৱাসী ব্যৱসায়ী জনী বাৰ্বাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৯৬৩ চনত তেওঁ চিনেমা কৰা বন্ধ কৰি স্বামীৰ সৈতে ব্ৰিটেইনলৈ স্থানান্তৰিত হয়। তেওঁ ৫০-৬০ৰ দশকত সকলো শিল্পীৰ সৈতে কাম কৰিছিল। দেৱ আনন্দৰ চি আই ডি ছবিতো অভিনয় কৰিছিল শকীলাই। ‘বাবুজী ধীৰে চলিনা’ গীতটোৰ উপৰি তেওঁৰ ওপৰত ‘নীন্দ না মুঝকো আয়ে’ৰ দৰে ছুপাৰহিট গীত এটাও চিত্ৰগ্ৰহণ কৰা হৈছিল। তেওঁক ‘ফেয়াৰী কুইন অব ইণ্ডিয়ান মুভিজ’ৰ দৰে স্বাকৃতি দিছিল। ৮২ বছৰীয়া শকীলাৰ বান্দ্ৰাৰ ঘৰত হাৰ্ট এটেক হৈছিল। তেওঁক প্ৰথমে ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ভৰ্তি নোহোৱাৰ বাবে তেওঁক জুহুৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় য’ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?