--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে এইবাৰ কৰণ জোহৰৰ টক শ্ব’ ‘কফি উইথ কৰণ’ৰ শেহতীয়া খণ্ডত উপস্থিত থাকিব। শ্ব’টোৰ প্ৰম’ মুকলি কৰা হৈছে। এতিয়া সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে এইগৰাকী তাৰকা পত্নীৰ খণ্ডটো উপভোগ কৰিবৰ বাবে। শ্ব’টোত শ্বাহৰুখ খানৰ বিষয়ে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে গৌৰী খানে। কফি উইথ কৰণ ছিজন ৭ৰ আগন্তুক খণ্ডত ১৭ বছৰৰ পাছত অনুষ্ঠানটোক শোভা বঢ়োৱা গৌৰীক তেওঁৰ বন্ধু মহীপ কাপুৰ আৰু ভাৱনা পাণ্ডেৰ সৈতে শ্ব’টোত দেখা যাব।

গৌৰী খানে কয় যে তেওঁলোকে যেতিয়া তেওঁলোকৰ ঘৰত পাৰ্টি কৰে তেতিয়া তেওঁৰ স্বামী শ্বাহৰুখ খানে সদায় প্ৰতিজন অতিথিকে তেওঁলোকৰ গাড়ীলৈকে আগবঢ়াই থবলৈ যায়। শেহতীয়া খণ্ডটোত তেওঁ কৈছিল যে কেনেকৈ ঘৰত অনুষ্ঠিত কৰা পাৰ্টিবোৰৰ সময়ত এজন কৃপাময় আতিথ্যদাতা হিচাপে শ্বাহৰুখে সদায় অতিথিসকলক তেওঁলোকৰ গাড়ীৰ ওচৰলৈকে আগবঢ়াই থবলৈ যায়। শ্বাহৰুখ খানৰ এই ‘বিশেষ’ অভ্যাসে তেওঁক কেনেদৰে কেতিয়াবা আমনি কৰে সেই কথা প্ৰকাশ কৰিছে গৌৰী খানে।

গৌৰী খানে কয়, "শ্বাহৰুখে সদায় অতিথিসকলক তেওঁলোকৰ গাড়ীৰ ওচৰলৈকে থবলৈ যায়। কেতিয়াবা মই অনুভৱ কৰোঁ যে পাৰ্টিৰ সময়ত তেওঁ ভিতৰতকৈ বাহিৰত বেছি সময় কটায়। তাৰপাছত অন্য অতিথিসকলে তেওঁক বিচাৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মই ভাবিবলৈ বাধ্য হওঁ যে, আমি ঘৰৰ ভিতৰত পাৰ্টি কৰাৰ পৰিৱৰ্তে ৰাস্তাত পাৰ্টি কৰি আছো।"

উল্লেখ্য যে গৌৰী খানে কেতিয়াবা শ্বাহৰুখ খানৰ এই অভ্যাসক লৈ আমনি পালেও, এই অভ্যাস যে এক ভাল অভ্যাস সেয়া স্বীকাৰ কৰিছে তেওঁৰ অনুৰাগীসকলে। কাৰণ ‘ঘৰলৈ অহা অতিথি সাক্ষাৎ দামোদৰ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী