--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে এইবাৰ কৰণ জোহৰৰ টক শ্ব’ ‘কফি উইথ কৰণ’ৰ শেহতীয়া খণ্ডত উপস্থিত থাকিব। শ্ব’টোৰ প্ৰম’ মুকলি কৰা হৈছে। এতিয়া সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে এইগৰাকী তাৰকা পত্নীৰ খণ্ডটো উপভোগ কৰিবৰ বাবে। শ্ব’টোত শ্বাহৰুখ খানৰ বিষয়ে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে গৌৰী খানে। কফি উইথ কৰণ ছিজন ৭ৰ আগন্তুক খণ্ডত ১৭ বছৰৰ পাছত অনুষ্ঠানটোক শোভা বঢ়োৱা গৌৰীক তেওঁৰ বন্ধু মহীপ কাপুৰ আৰু ভাৱনা পাণ্ডেৰ সৈতে শ্ব’টোত দেখা যাব।

গৌৰী খানে কয় যে তেওঁলোকে যেতিয়া তেওঁলোকৰ ঘৰত পাৰ্টি কৰে তেতিয়া তেওঁৰ স্বামী শ্বাহৰুখ খানে সদায় প্ৰতিজন অতিথিকে তেওঁলোকৰ গাড়ীলৈকে আগবঢ়াই থবলৈ যায়। শেহতীয়া খণ্ডটোত তেওঁ কৈছিল যে কেনেকৈ ঘৰত অনুষ্ঠিত কৰা পাৰ্টিবোৰৰ সময়ত এজন কৃপাময় আতিথ্যদাতা হিচাপে শ্বাহৰুখে সদায় অতিথিসকলক তেওঁলোকৰ গাড়ীৰ ওচৰলৈকে আগবঢ়াই থবলৈ যায়। শ্বাহৰুখ খানৰ এই ‘বিশেষ’ অভ্যাসে তেওঁক কেনেদৰে কেতিয়াবা আমনি কৰে সেই কথা প্ৰকাশ কৰিছে গৌৰী খানে।

গৌৰী খানে কয়, "শ্বাহৰুখে সদায় অতিথিসকলক তেওঁলোকৰ গাড়ীৰ ওচৰলৈকে থবলৈ যায়। কেতিয়াবা মই অনুভৱ কৰোঁ যে পাৰ্টিৰ সময়ত তেওঁ ভিতৰতকৈ বাহিৰত বেছি সময় কটায়। তাৰপাছত অন্য অতিথিসকলে তেওঁক বিচাৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মই ভাবিবলৈ বাধ্য হওঁ যে, আমি ঘৰৰ ভিতৰত পাৰ্টি কৰাৰ পৰিৱৰ্তে ৰাস্তাত পাৰ্টি কৰি আছো।"

উল্লেখ্য যে গৌৰী খানে কেতিয়াবা শ্বাহৰুখ খানৰ এই অভ্যাসক লৈ আমনি পালেও, এই অভ্যাস যে এক ভাল অভ্যাস সেয়া স্বীকাৰ কৰিছে তেওঁৰ অনুৰাগীসকলে। কাৰণ ‘ঘৰলৈ অহা অতিথি সাক্ষাৎ দামোদৰ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ