--°C
Loading...
Listen to Article
2 min read
80%

চিল্ক স্মিথাৰ জীৱন বলীউডৰ চুপাৰহিট ছবি ‘দ্য ডাৰ্টি পিকচাৰ’ৰ ওপৰত আধাৰিত৷ এই ছবিখনত বলীউডৰ ছুপাৰহিট অভিনেত্ৰী বিদ্যা বালানে স্মিথৰ চৰিত্ৰত অভিনয় কৰিছে৷

bfc2 ডিজিটেল ডেস্ক : 'ডাৰ্টি পিকচাৰ'- এখন সবাতোকৈ জনপ্ৰিয় হিন্দী চলচিত্ৰ৷ এই ছবিখন ২০১১ চনৰ ২ ডিচেম্বৰত শুভমুক্তি লাভ কৰিছিল৷ ছবিখন মুক্তি লাভ কৰাৰ পাছৰে পৰাই দৰ্শকৰ আগত সিমানেই জনপ্ৰিয় হৈ আছে৷ এই ছবিখনৰ আধাৰিত আছিল চিল্ক স্মিথাৰ জীৱনৰ ওপৰত৷ চিল্ক স্মিথা হৈছে তামিল চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী৷ তেওঁ সদায় তেওঁৰ ব'ল্ড আৰু গ্লেমাৰ আণ্ডাজৰ বাবে জনপ্ৰিয়তা লাভ কৰিছিল৷ বহু লোকে চিল্কৰ জীৱনৰ বিষয়ে জানিছিল৷ বহুলোকে এতিয়াও গ্লেমাৰাছ চিল্ক স্মিথাৰ বিষয়ে জানিব বিচাৰে৷ চিল্ক স্মিথাৰ জীৱন বলীউডৰ চুপাৰহিট ছবি ‘দ্য ডাৰ্টি পিকচাৰ’ৰ ওপৰত আধাৰিত৷ এই ছবিখনত বলীউডৰ ছুপাৰহিট অভিনেত্ৰী বিদ্যা বালানে স্মিথৰ চৰিত্ৰত অভিনয় কৰিছে৷ এই ছবিখনৰ জৰিয়তে চিল্কৰ জীৱনৰ সকলো দিশ সামৰি লোৱা দেখিবলৈ পোৱা গৈছিল৷ এই ছবিখনৰ মুক্তিৰ পাছত চিল্ক স্মিথাই আকৌ এবাৰ শিৰোনাম দখল কৰে৷ চিল্ক স্মিথাৰ জন্ম ১৯৬০ চনৰ ডিচেম্বৰত হৈছিল। তেওঁৰ জন্ম অন্ধ্ৰপ্ৰদেশৰ কোবলি গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত হৈছিল৷ দৰিদ্ৰতাৰ বাবে কোনোমতে চতুৰ্থ শ্ৰেণীলৈ শিক্ষাগত অৰ্হতা লাভ কৰিবলৈ সক্ষম হয় তেওঁ৷ ১৪ বছৰ বয়সত পৰিয়ালৰ হেঁচাত বিবাহপাশত আবদ্ধ হ'বলগীয়া হয় চিল্ক৷ কিন্তু তেওঁৰ স্বামীয়েও তেওঁক প্ৰতাৰণা কৰিছিল৷ ফলস্বৰূপে চিল্কে স্বামীৰ ঘৰ এৰি দূৰৱৰ্তী খুড়ীয়েকৰ ঘৰলৈ গুচি গ'ল৷ চিল্কৰ নিজৰ ঘৰখনো ইমানেই দৰিদ্ৰ আছিল যে তেওঁ পুনৰ সেই ঘৰখনলৈ উভতি যাব নোৱাৰিলে৷ যাৰ ফলত চেন্নাইত খুৰীয়েকৰ ঘৰতে থাকিবলৈ লৈছিল চিল্কে৷ কিন্তু তাত পইচাৰৰ অভাৱত দিনটো কটাবলৈও কঠিন হৈছিল চিল্কৰ৷ তেওঁৰ খুৰীয়েকে চিল্কক চলচ্চিত্ৰ উদ্যোগলৈ যোৱাৰ পথ দেখুৱাইছিল৷ তাৰ পাছত তেওঁ এগৰাকী টাচআপ অভিনেত্ৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল৷ তেতিয়া তেওঁ সৰু চৰিত্ৰ এটাত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল৷ চিল্ক স্মিথাৰ প্ৰকৃত নাম আছিল বিজয়লক্ষ্মী বদলাপটলা৷ ছবিখনত তেওঁৰ নাম স্মিতালৈ সলনি কৰা হৈছিল৷ তাৰ পাছত চিল্ক স্মিথাই ‘বণ্ডিছ’ ছবিখনত এগৰাকী বাৰ গাৰ্লৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ সকলোৱে চিল্কৰ চৰিত্ৰক আঁকোৱালি লয়৷ তেতিয়াৰ পৰাই চিল্কৰ নাম সকলোৰে মুখে মুখে৷ তাৰ পাছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। স্মিথাই শৈশৱ অতি দৰিদ্ৰতাৰে অতিবাহিত কৰিছিল৷ চিল্কে অভিনয় জগতত ভৰি দিয়াৰ পাছত তেওঁৰ সাহস আৰু সৌন্দৰ্যই দৰ্শকৰ হৃদয় আকৰ্ষণ কৰিছিল৷ তেওঁ লাখ লাখ দৰ্শকৰ হৃদয়ৰ স্পন্দন হৈ পৰিছিল৷ চিল্ক এগৰাকী অতি আড়ম্বৰপূৰ্ণ আৰু ব'ল্ড অভিনেত্ৰী আছিল৷ বিভিন্ন চলচ্চিত্ৰত তেওঁ লয়লাসে অনুৰাগীৰ মন জয় কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু