--°C
Loading...
Listen to Article
2 min read
80%

চিল্ক স্মিথাৰ জীৱন বলীউডৰ চুপাৰহিট ছবি ‘দ্য ডাৰ্টি পিকচাৰ’ৰ ওপৰত আধাৰিত৷ এই ছবিখনত বলীউডৰ ছুপাৰহিট অভিনেত্ৰী বিদ্যা বালানে স্মিথৰ চৰিত্ৰত অভিনয় কৰিছে৷

bfc2 ডিজিটেল ডেস্ক : 'ডাৰ্টি পিকচাৰ'- এখন সবাতোকৈ জনপ্ৰিয় হিন্দী চলচিত্ৰ৷ এই ছবিখন ২০১১ চনৰ ২ ডিচেম্বৰত শুভমুক্তি লাভ কৰিছিল৷ ছবিখন মুক্তি লাভ কৰাৰ পাছৰে পৰাই দৰ্শকৰ আগত সিমানেই জনপ্ৰিয় হৈ আছে৷ এই ছবিখনৰ আধাৰিত আছিল চিল্ক স্মিথাৰ জীৱনৰ ওপৰত৷ চিল্ক স্মিথা হৈছে তামিল চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী৷ তেওঁ সদায় তেওঁৰ ব'ল্ড আৰু গ্লেমাৰ আণ্ডাজৰ বাবে জনপ্ৰিয়তা লাভ কৰিছিল৷ বহু লোকে চিল্কৰ জীৱনৰ বিষয়ে জানিছিল৷ বহুলোকে এতিয়াও গ্লেমাৰাছ চিল্ক স্মিথাৰ বিষয়ে জানিব বিচাৰে৷ চিল্ক স্মিথাৰ জীৱন বলীউডৰ চুপাৰহিট ছবি ‘দ্য ডাৰ্টি পিকচাৰ’ৰ ওপৰত আধাৰিত৷ এই ছবিখনত বলীউডৰ ছুপাৰহিট অভিনেত্ৰী বিদ্যা বালানে স্মিথৰ চৰিত্ৰত অভিনয় কৰিছে৷ এই ছবিখনৰ জৰিয়তে চিল্কৰ জীৱনৰ সকলো দিশ সামৰি লোৱা দেখিবলৈ পোৱা গৈছিল৷ এই ছবিখনৰ মুক্তিৰ পাছত চিল্ক স্মিথাই আকৌ এবাৰ শিৰোনাম দখল কৰে৷ চিল্ক স্মিথাৰ জন্ম ১৯৬০ চনৰ ডিচেম্বৰত হৈছিল। তেওঁৰ জন্ম অন্ধ্ৰপ্ৰদেশৰ কোবলি গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত হৈছিল৷ দৰিদ্ৰতাৰ বাবে কোনোমতে চতুৰ্থ শ্ৰেণীলৈ শিক্ষাগত অৰ্হতা লাভ কৰিবলৈ সক্ষম হয় তেওঁ৷ ১৪ বছৰ বয়সত পৰিয়ালৰ হেঁচাত বিবাহপাশত আবদ্ধ হ'বলগীয়া হয় চিল্ক৷ কিন্তু তেওঁৰ স্বামীয়েও তেওঁক প্ৰতাৰণা কৰিছিল৷ ফলস্বৰূপে চিল্কে স্বামীৰ ঘৰ এৰি দূৰৱৰ্তী খুড়ীয়েকৰ ঘৰলৈ গুচি গ'ল৷ চিল্কৰ নিজৰ ঘৰখনো ইমানেই দৰিদ্ৰ আছিল যে তেওঁ পুনৰ সেই ঘৰখনলৈ উভতি যাব নোৱাৰিলে৷ যাৰ ফলত চেন্নাইত খুৰীয়েকৰ ঘৰতে থাকিবলৈ লৈছিল চিল্কে৷ কিন্তু তাত পইচাৰৰ অভাৱত দিনটো কটাবলৈও কঠিন হৈছিল চিল্কৰ৷ তেওঁৰ খুৰীয়েকে চিল্কক চলচ্চিত্ৰ উদ্যোগলৈ যোৱাৰ পথ দেখুৱাইছিল৷ তাৰ পাছত তেওঁ এগৰাকী টাচআপ অভিনেত্ৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল৷ তেতিয়া তেওঁ সৰু চৰিত্ৰ এটাত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল৷ চিল্ক স্মিথাৰ প্ৰকৃত নাম আছিল বিজয়লক্ষ্মী বদলাপটলা৷ ছবিখনত তেওঁৰ নাম স্মিতালৈ সলনি কৰা হৈছিল৷ তাৰ পাছত চিল্ক স্মিথাই ‘বণ্ডিছ’ ছবিখনত এগৰাকী বাৰ গাৰ্লৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ সকলোৱে চিল্কৰ চৰিত্ৰক আঁকোৱালি লয়৷ তেতিয়াৰ পৰাই চিল্কৰ নাম সকলোৰে মুখে মুখে৷ তাৰ পাছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। স্মিথাই শৈশৱ অতি দৰিদ্ৰতাৰে অতিবাহিত কৰিছিল৷ চিল্কে অভিনয় জগতত ভৰি দিয়াৰ পাছত তেওঁৰ সাহস আৰু সৌন্দৰ্যই দৰ্শকৰ হৃদয় আকৰ্ষণ কৰিছিল৷ তেওঁ লাখ লাখ দৰ্শকৰ হৃদয়ৰ স্পন্দন হৈ পৰিছিল৷ চিল্ক এগৰাকী অতি আড়ম্বৰপূৰ্ণ আৰু ব'ল্ড অভিনেত্ৰী আছিল৷ বিভিন্ন চলচ্চিত্ৰত তেওঁ লয়লাসে অনুৰাগীৰ মন জয় কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু