--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত আশানুৰূপ ফৰ্মত খেলাৰ পাছত ঋষভ পন্তেও টি-২০ বিশ্বকাপ দলত স্থান লাভ কৰিছে। যোৱা শনিবাৰে তেওঁ সতীৰ্থসকলৰ সৈতে আমেৰিকালৈ গৈছিল।

 দেশৰ অন্যতম শ্ৰেষ্ঠ উইকেটকীপাৰ বেটছমেনক তেওঁৰ পিতৃয়ে সৰুতে কিনি দিছিল বেট। সেই বেটৰ বাবে ঘৰত নানা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশ্বকাপ খেলিবলৈ যোৱাৰ আগতে পন্থে নিজেই এই ঘটনাৰ কথা কৈছিল।

দেউতাকে আৰম্ভণিৰে পৰাই পন্থক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰিছিল। আনহাতে, মাকে বিচাৰিছিল পুতেকে ভালকৈ পঢ়া-শুনা কৰক। এবাৰ পন্থৰ দেউতাকে ভাল বেট এখন কিনি দিছিল।

সেই ঘটনা সন্দৰ্ভত পান্থে কয়, "দেউতাই আগতে সপোন দেখিছিল যে মই এজন ভাল ক্ৰিকেটাৰ হ'ম। দেউতাৰ সপোন পূৰণ কৰি মই সুখী। মই পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে ক্ৰিকেটাৰ হোৱাৰ সিদ্ধান্ত লৈছিলো। তাৰ পিছত দেউতাই মোক নতুন বেট এখন কিনি দিলে। বেটৰ দাম আছিল ১৪ হাজাৰ টকা। ইমান দামত দেউতাই বেট কিনিছে বুলি শুনি মাৰ বৰ খং উঠিল। বিষয়টোক লৈ পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰিছিল।''

এতিয়া অৱশ্যে ক্ৰিকেটাৰ পুত্ৰক লৈ মাতৃয়েও গৌৰৱ কৰিছে। ভৱিষ্যতৰ প্ৰতি চিন্তিত হৈ মাকে বিচাৰিছিল পুত্ৰই পঢ়া-শুনা কৰক। শৈশৱৰ এই সকলোবোৰ সৰু সৰু ঘটনা মনত পৰিলেই পন্থ আমোদ পায়। এই আই পি এলত ১৩খন খেলত ৪৪৬ ৰান সংগ্ৰহ কৰে দিল্লী কেপিটেলছৰ অধিনায়কগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ