--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষ হ’ল আই পি এল। এইবাৰ জাতীয় দলৰ কথা ভাবিছে ক্ৰিকেটাৰসকলে। টি২০ বিশ্বকাপ সন্মুখত। ইয়াৰ ব্যতিক্ৰম নহয় কলকাতা নাইট ৰাইডাৰ্ছৰ মিচেল ষ্টাৰ্ক। অষ্ট্ৰেলিয়াৰ শক্তিশালী বলাৰগৰাকীয়ে ভাবে যে বিশ্বকাপত আই পি এলৰ দৰে ৰান নহ’ব। ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ পিটছত বলাৰসকলে শক্তি প্ৰদৰ্শন কৰিব।

কেকেআৰৰ হৈ খিতাপ দখল কৰাৰ পিছত আইপিএলৰ আটাইতকৈ দামী ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘বিশ্ব টি-২০ত আইপিএলৰ দৰে ইমপেক্ট প্লেয়াৰ ৰুল নাথাকিব। সকলো দলেই অল-ৰাউণ্ডাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিবলগীয়া হয়। আই পি এলৰ দৰে বেটিং অল ৰাউণ্ডাৰক আঠ নম্বৰত ড্ৰপ কৰাটো সম্ভৱ নহ’ব। টি-২০ বিশ্বকাপত ইমান ৰান হ’ব বুলি মই নাভাবো। সকলো দলে এজন বেটছমেন কমকৈ খেলিব লাগিব।’

ষ্টাৰকে কয় - ‘‘আই পি এলত পাৱাৰ প্লে’ত বেটছমেনসকলে বহু বেছি সাহস দেখুৱাইছে। অতি ভাল বেট-বল সংযোগ হৈছে। বেটিঙৰ বাবে পিটচবোৰ যথেষ্ট ভাল আছিল। ৱেষ্ট ইণ্ডিজত হয়তো এনে পিটচ নাথাকিবও পাৰে। তাত থকা পিটচবোৰ স্পিন-ফ্ৰেণ্ডলী। প্ৰতিযোগিতা আগবাঢ়ি যোৱাৰ লগে লগে ২২ গজৰ গতি লেহেমীয়া হ’ব। বলটোৰ গতি কম হ’ব। স্পিনাৰসকলেও অধিক সহায় পাব। আই পি এলতকৈ টি-২০ বিশ্বকাপত যেন বলাৰৰ গুৰুত্ব বেছি হ’ব৷’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement