--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ ৰাহুল সিঙে ভাৰতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এক নজিৰ গঢ়িছে। নাগালেণ্ডৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ খেলত তেওঁ ভাৰতৰ দ্বিতীয় দ্ৰুততম দ্বৈত শতক অৰ্জন কৰে। অৱশ্যে ৰবি শাস্ত্ৰীৰ ৩৯ বছৰীয়া দ্ৰুততম দ্বৈত শতকৰ অভিলেখ অক্ষত অৱস্থাত আছে।

নাগালেণ্ডৰ অধিনায়ক ৰংচেন জনাথনে টছত জয়লাভ কৰি শুকুৰবাৰে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। এই সুযোগতে ৰাহুলে প্ৰথমে বেটিং কৰে। তিলক ভাৰ্মাৰ দলটোৱে ৮ ৰানত ১ উইকেট হেৰুৱাই তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ আহিছিল ৰাহুলে। ২৮ বছৰীয়া বাওঁহাতৰ বেটছমেনগৰাকীয়ে দলৰ ইনিংছত নেতৃত্ব দিয়ে।

আৰম্ভণিৰে পৰাই ৰাহুলে আক্ৰমণাত্মক বেটিং আৰম্ভ কৰিছিল। নাগালেণ্ডৰ বলাৰসকলে তেওঁক অসুবিধা দিব নোৱাৰিলে। ১৪৩টা বলত তেওঁ নিজৰ দ্বৈত শতক সম্পূৰ্ণ কৰে। যিটো ভাৰতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্বিতীয় দ্ৰুততম দ্বৈত শতক।

দ্ৰুততম দ্বৈত শতক অৰ্জনৰ অভিলেখ ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ হাতত। ১৯৮৪-৮৫ ছিজনত বৰোদাৰ বিৰুদ্ধে মুম্বাইৰ হৈ ১২৩ ৰানেৰে দ্বৈত শতক সম্পূৰ্ণ কৰে। সেইটোৱেই হৈছে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ভাৰতীয় ক্ৰিকেটাৰৰ আটাইতকৈ দ্ৰুততম দ্বৈত শতক। যিটো ২০টা বলৰ বাবে অক্ষত অৱস্থাত থাকিল।

অৱশেষত নাগালেণ্ডৰ বিৰুদ্ধে ৰাহুলে ২১৪ ৰান সংগ্ৰহ কৰে। ১৫৭ বলৰ ইনিংছত তেওঁ ২৩টা চাৰি আৰু ৯টা ছয় কৰে। তিলকেও ১০০ ৰানেৰে অপৰাজিত হৈ থাকে।

তেওঁ এদশক পূৰ্বে হায়দৰাবাদৰ হৈ ৫০ অভাৰৰ মেচ খেলিছিল যদিও এইবাৰ প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। যদিও তেওঁৰ ৰঞ্জী ট্ৰফীত ৪৩খন খেল খেলাৰ অভিজ্ঞতা আছে। হায়দৰাবাদৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেটত অভিষেক ঘটালেও ৰাহুলে চাকৰিৰ বাবে ইমান দিন চাৰ্ভিচেছৰ হৈ খেলিছিল। ৰাজ্যৰ হৈ প্ৰথমখন ৰঞ্জী মেচত ডাবল শতক অৰ্জন কৰিলে তেওঁৰ সুখ আৰু অধিক। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৰাহুলৰ এয়া প্ৰথম ডাবল চেঞ্চুৰী ইনিংছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement