--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ ৰাহুল সিঙে ভাৰতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এক নজিৰ গঢ়িছে। নাগালেণ্ডৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ খেলত তেওঁ ভাৰতৰ দ্বিতীয় দ্ৰুততম দ্বৈত শতক অৰ্জন কৰে। অৱশ্যে ৰবি শাস্ত্ৰীৰ ৩৯ বছৰীয়া দ্ৰুততম দ্বৈত শতকৰ অভিলেখ অক্ষত অৱস্থাত আছে।

নাগালেণ্ডৰ অধিনায়ক ৰংচেন জনাথনে টছত জয়লাভ কৰি শুকুৰবাৰে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। এই সুযোগতে ৰাহুলে প্ৰথমে বেটিং কৰে। তিলক ভাৰ্মাৰ দলটোৱে ৮ ৰানত ১ উইকেট হেৰুৱাই তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ আহিছিল ৰাহুলে। ২৮ বছৰীয়া বাওঁহাতৰ বেটছমেনগৰাকীয়ে দলৰ ইনিংছত নেতৃত্ব দিয়ে।

আৰম্ভণিৰে পৰাই ৰাহুলে আক্ৰমণাত্মক বেটিং আৰম্ভ কৰিছিল। নাগালেণ্ডৰ বলাৰসকলে তেওঁক অসুবিধা দিব নোৱাৰিলে। ১৪৩টা বলত তেওঁ নিজৰ দ্বৈত শতক সম্পূৰ্ণ কৰে। যিটো ভাৰতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্বিতীয় দ্ৰুততম দ্বৈত শতক।

দ্ৰুততম দ্বৈত শতক অৰ্জনৰ অভিলেখ ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ হাতত। ১৯৮৪-৮৫ ছিজনত বৰোদাৰ বিৰুদ্ধে মুম্বাইৰ হৈ ১২৩ ৰানেৰে দ্বৈত শতক সম্পূৰ্ণ কৰে। সেইটোৱেই হৈছে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ভাৰতীয় ক্ৰিকেটাৰৰ আটাইতকৈ দ্ৰুততম দ্বৈত শতক। যিটো ২০টা বলৰ বাবে অক্ষত অৱস্থাত থাকিল।

অৱশেষত নাগালেণ্ডৰ বিৰুদ্ধে ৰাহুলে ২১৪ ৰান সংগ্ৰহ কৰে। ১৫৭ বলৰ ইনিংছত তেওঁ ২৩টা চাৰি আৰু ৯টা ছয় কৰে। তিলকেও ১০০ ৰানেৰে অপৰাজিত হৈ থাকে।

তেওঁ এদশক পূৰ্বে হায়দৰাবাদৰ হৈ ৫০ অভাৰৰ মেচ খেলিছিল যদিও এইবাৰ প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। যদিও তেওঁৰ ৰঞ্জী ট্ৰফীত ৪৩খন খেল খেলাৰ অভিজ্ঞতা আছে। হায়দৰাবাদৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেটত অভিষেক ঘটালেও ৰাহুলে চাকৰিৰ বাবে ইমান দিন চাৰ্ভিচেছৰ হৈ খেলিছিল। ৰাজ্যৰ হৈ প্ৰথমখন ৰঞ্জী মেচত ডাবল শতক অৰ্জন কৰিলে তেওঁৰ সুখ আৰু অধিক। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৰাহুলৰ এয়া প্ৰথম ডাবল চেঞ্চুৰী ইনিংছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু