--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ তিনি বছৰৰ পাছত ডিয়েগো মাৰাডোনাক কৰ ফাঁকিৰ অভিযোগৰ পৰা মুক্ত কৰা হয়। আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ীগৰাকীৰ বিৰুদ্ধে ইটালীৰ ক্লাব নাপোলিৰ হৈ খেলি থকাৰ সময়তে কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত অন্ত পৰিল ৩০ বছৰীয়া আইনী যুঁজ।

১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈকে নাপোলিৰ হৈ খেলি থকাৰ সময়তে মাৰাডোনাই ছবিৰ অধিকাৰ হিচাপে ধন লাভ কৰিছিল। সেই ধন লিচেনষ্টাইনৰ এটা ভুৱা কোম্পানীত বিনিয়োগ কৰি কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল মাৰাডোনাৰ বিৰুদ্ধে।

২০১৮ চনত আদালতৰ ৰায়দানত মাৰাডোনাক কৰ ফাঁকিৰ অভিযোগ উত্থাপন কৰা হৈছিল। ৰোমৰ এখন আদালতে এই অভিযোগ খাৰিজ কৰে। ২০২০ চনৰ নৱেম্বৰ মাহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় মাৰাডোনাৰ। নাপোলি চহৰৰ লগতে আৰ্জেণ্টিনাতো তেওঁক ‘ফুটবলৰ ঈশ্বৰ’ হিচাপে পূজা কৰা হয়। নাপোলিৰ ষ্টেডিয়ামৰ নামো মাৰাডোনাৰ নামেৰে ৰখা হৈছে।

মাৰাডোনাৰ অধিবক্তাই কয় যে শনিবাৰৰ ৰায়দানে সমৰ্থন, ফুটবলৰ খেল আৰু মাৰাডোনাৰ স্মৃতিৰ সৈতে ন্যায় কৰিলে। যোৱা ৩০ বছৰ ধৰি সহ্য কৰা যন্ত্ৰণা অৱশেষত উপশম পালে বুলিও তেওঁ কয়। ইটালীত মাৰাডোনাৰ কেইবাটাও সম্পত্তি জব্দ কৰা হৈছে। এইবাৰ মাৰাডোনাৰ পৰিয়ালে ক্ষতিপূৰণ দাবী কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক