--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ তিনি বছৰৰ পাছত ডিয়েগো মাৰাডোনাক কৰ ফাঁকিৰ অভিযোগৰ পৰা মুক্ত কৰা হয়। আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ীগৰাকীৰ বিৰুদ্ধে ইটালীৰ ক্লাব নাপোলিৰ হৈ খেলি থকাৰ সময়তে কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত অন্ত পৰিল ৩০ বছৰীয়া আইনী যুঁজ।

১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈকে নাপোলিৰ হৈ খেলি থকাৰ সময়তে মাৰাডোনাই ছবিৰ অধিকাৰ হিচাপে ধন লাভ কৰিছিল। সেই ধন লিচেনষ্টাইনৰ এটা ভুৱা কোম্পানীত বিনিয়োগ কৰি কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল মাৰাডোনাৰ বিৰুদ্ধে।

২০১৮ চনত আদালতৰ ৰায়দানত মাৰাডোনাক কৰ ফাঁকিৰ অভিযোগ উত্থাপন কৰা হৈছিল। ৰোমৰ এখন আদালতে এই অভিযোগ খাৰিজ কৰে। ২০২০ চনৰ নৱেম্বৰ মাহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় মাৰাডোনাৰ। নাপোলি চহৰৰ লগতে আৰ্জেণ্টিনাতো তেওঁক ‘ফুটবলৰ ঈশ্বৰ’ হিচাপে পূজা কৰা হয়। নাপোলিৰ ষ্টেডিয়ামৰ নামো মাৰাডোনাৰ নামেৰে ৰখা হৈছে।

মাৰাডোনাৰ অধিবক্তাই কয় যে শনিবাৰৰ ৰায়দানে সমৰ্থন, ফুটবলৰ খেল আৰু মাৰাডোনাৰ স্মৃতিৰ সৈতে ন্যায় কৰিলে। যোৱা ৩০ বছৰ ধৰি সহ্য কৰা যন্ত্ৰণা অৱশেষত উপশম পালে বুলিও তেওঁ কয়। ইটালীত মাৰাডোনাৰ কেইবাটাও সম্পত্তি জব্দ কৰা হৈছে। এইবাৰ মাৰাডোনাৰ পৰিয়ালে ক্ষতিপূৰণ দাবী কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু