--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছান ফাৰ্মাৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক দিলীপ ছাংঘৱী স্বাস্থ্য উদ্যোগৰ এক সুপৰিচিত নাম। তেওঁ এজন ভাৰতীয় কোটিপতি ব্যৱসায়ী আৰু দেশৰ অন্যতম ধনী ব্যক্তি। ছাইৰাচ পুনাৱালাৰ পিছতে দ্বিতীয় ধনী ফাৰ্মা কোটিপতি। ১৯৮৩ চনত তেওঁ ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজ প্ৰতিষ্ঠা কৰি ঔষধ প্ৰস্তুত আৰম্ভ কৰে। দিলীপে নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ফাৰ্মাচিউটিকেল বিতৰণকৰ্তা পিতৃৰ পৰা ২০০ ডলাৰ ঋণ লৈছিল।

ফৰ্বছৰ তথ্য অনুসৰি ২০২৩ চনৰ ১৯ জুলাইলৈকে দিলীপৰ সম্পত্তিৰ পৰিমাণ ১৭.৮ বিলিয়ন ডলাৰ (প্ৰায় ১,৪৬,০৯০ কোটি টকা)।আলোচনীখনৰ মতে ১৯ জুলাইলৈকে আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত তেওঁ ৯৭ নম্বৰ স্থানত আছে। ২০১৬ চনত তেওঁ ভাৰতৰ দ্বিতীয় ধনী ব্যক্তি আছিল।

১৯ জুলাইলৈকে ২.৬ ট্ৰিলিয়ন টকা (২,৬০,০০০ কোটি টকা) বজাৰ মূলধন থকা ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক দিলীপ।১৯ জুলাই বুধবাৰে তেওঁৰ কোম্পানীটোৰ এটা শ্বেয়াৰৰ মূল্য আছিল ১,০৮৫.৫০ টকা।

ছান ফাৰ্মা এডভান্সড ৰিচাৰ্চ কোম্পানী লিমিটেডৰ অধ্যক্ষ আৰু শান্তিলাল ছাংঘৱী ফাউণ্ডেচনৰ অধ্যক্ষও। ২০১৬ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও তেওঁক সম্বৰ্ধনা জনায়। জৈন পৰিয়ালৰ দিলীপ ছাংঘৱীৰ জন্ম হৈছিল গুজৰাটৰ সৰু চহৰ আমৰেলীত। দিলীপ শান্তিলাল ছাংঘৱী আৰু কুমুদ ছাংঘৱীৰ পুত্ৰ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস