--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছান ফাৰ্মাৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক দিলীপ ছাংঘৱী স্বাস্থ্য উদ্যোগৰ এক সুপৰিচিত নাম। তেওঁ এজন ভাৰতীয় কোটিপতি ব্যৱসায়ী আৰু দেশৰ অন্যতম ধনী ব্যক্তি। ছাইৰাচ পুনাৱালাৰ পিছতে দ্বিতীয় ধনী ফাৰ্মা কোটিপতি। ১৯৮৩ চনত তেওঁ ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজ প্ৰতিষ্ঠা কৰি ঔষধ প্ৰস্তুত আৰম্ভ কৰে। দিলীপে নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ফাৰ্মাচিউটিকেল বিতৰণকৰ্তা পিতৃৰ পৰা ২০০ ডলাৰ ঋণ লৈছিল।

ফৰ্বছৰ তথ্য অনুসৰি ২০২৩ চনৰ ১৯ জুলাইলৈকে দিলীপৰ সম্পত্তিৰ পৰিমাণ ১৭.৮ বিলিয়ন ডলাৰ (প্ৰায় ১,৪৬,০৯০ কোটি টকা)।আলোচনীখনৰ মতে ১৯ জুলাইলৈকে আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত তেওঁ ৯৭ নম্বৰ স্থানত আছে। ২০১৬ চনত তেওঁ ভাৰতৰ দ্বিতীয় ধনী ব্যক্তি আছিল।

১৯ জুলাইলৈকে ২.৬ ট্ৰিলিয়ন টকা (২,৬০,০০০ কোটি টকা) বজাৰ মূলধন থকা ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক দিলীপ।১৯ জুলাই বুধবাৰে তেওঁৰ কোম্পানীটোৰ এটা শ্বেয়াৰৰ মূল্য আছিল ১,০৮৫.৫০ টকা।

ছান ফাৰ্মা এডভান্সড ৰিচাৰ্চ কোম্পানী লিমিটেডৰ অধ্যক্ষ আৰু শান্তিলাল ছাংঘৱী ফাউণ্ডেচনৰ অধ্যক্ষও। ২০১৬ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও তেওঁক সম্বৰ্ধনা জনায়। জৈন পৰিয়ালৰ দিলীপ ছাংঘৱীৰ জন্ম হৈছিল গুজৰাটৰ সৰু চহৰ আমৰেলীত। দিলীপ শান্তিলাল ছাংঘৱী আৰু কুমুদ ছাংঘৱীৰ পুত্ৰ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে