--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন বৰ্তমান প্ৰজন্মৰ হিয়াৰ নিচেই কাষৰ৷কিছুমানে ফোনটো নিজৰ পৰা আঁতৰ কৰিব নিবিচাৰে৷ শেহতীয়াকৈ পোহৰলৈ আহিছে তেনে এক ঘটনা৷অত্যধিক ফোন ব্যৱহাৰৰ বাবে অভিভাৱকৰ লগত বাক-বিতণ্ডা হোৱা এগৰাকী যুৱতীয়ে চিত্ৰকূট জলপ্ৰপাতত জপিয়াই দিয়ে৷পৰৱৰ্তী সময়ত যুৱতীগৰাকীক উদ্ধাৰ কৰা হয়৷

অত্যধিক মোবাইল ফোন ব্যৱহাৰৰ বাবে পিতৃ-মাতৃয়ে ধমকি দিয়াৰ পাছতে এগৰাকী ২১ বছৰীয়া মহিলাই আত্মহত্যাৰ চেষ্টা চলাইছিল।উল্লেখ্য যে, মঙলবাৰে ছত্তীশগড়ৰ সুকমাত এই ঘটনা সংঘটিত হয়৷

সৰস্বতী মৌৰ্য নামৰ মহিলাগৰাকীয়ে ‘মিনি নায়াগ্ৰা’ নামেৰেও পৰিচিত চিত্ৰকূট জলপ্ৰপাতত জপিয়াই পৰে। অৱশ্যে তাই কি কাম কৰিলে সেইটো বুজি পোৱাৰ পাছত অলপ সময়ৰ ভিতৰতে সাঁতুৰি নিৰাপদ স্থানলৈ উভতি যাবলৈ চেষ্টা কৰে।

চিত্ৰকূট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তামেশ্বৰ চৌহানে কয় যে সৰস্বতী মৌৰ্যই চিত্ৰকোটে জলপ্ৰপাতত উপস্থিত হৈ ওপৰৰ পৰা জপিয়াই দিয়ে৷তাত উপস্থিত থকা আন লোকসকলে তাইক ৰখাবলৈও কেইবাবাৰো চেষ্টা কৰিছিল যদিও সকলো প্ৰচেষ্টা বিফল হয়।অৱশ্যে পাছত মহিলাগৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস