--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দীৰ্ঘদিনৰ পাছত যেন অলপ আশাৰ কিৰণ দেখিলে মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টীয়ে। স্বামী ৰাজ কুন্দ্ৰাৰ যহত নানা অপবাদে জৰ্জৰিত কৰিছিল শিল্পাক। স্বামীৰ নাম সাঙোৰ খাইছিল পৰ্ন ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ কৰা কাৰ্যৰ সৈতে। ভালেমান দিন কাৰাগাৰতো কটাবলগীয়া হৈছিল ৰাজ কুন্দ্ৰাই। এতিয়া জামিনত মুকলি হৈছে যদিও তেওঁৰ বিৰুদ্ধে চলি আছে গোচৰ। এনে অৱস্থাত শিল্পাই নিজৰ জীৱনৰ স্বাভাৱিক ছন্দ বিচাৰি যেন হাবাথুৰি খাবলগীয়া হৈছে। তাৰ মাজত দীৰ্ঘদিনৰ পাছত শিল্পাৰ জীৱনলৈ আহিছে এক সুখবৰ। বিগত চৈধ্য বছৰে কঢ়িয়াই লৈ ফুৰা এটা কলংকৰ দাগৰ পৰা অৱশেষত মুক্ত হ’বলৈ সক্ষম হৈছে শিল্পা। হলীউডৰ এগৰাকী প্ৰখ্যাত তাৰকাই তেওঁক এই কলংকৰ বোজা জাপি দিছিল যাৰ ফলত তেওঁ দীৰ্ঘদিন চকুৰ পানীৰে বাট নেদেখা অৱস্থাত দিন কটাবলগীয়া হৈছিল। পিছে চৈধ্য বছৰে তেওঁ এনে কি কলংকই খেদি ফুৰিছিল?   কি আছিল ঘটনাৰ সবিশেষ? এটা পুৰণি গোচৰত শিল্পা ছেট্টীক সকাহ দিছে মুম্বাইৰ এখন আদালতে। ২০০৭ চনতে ৰুজু হোৱা অশ্লীলতা সম্পৰ্কীয় এটা গোচৰৰ পৰা সকাহ পাইছে শিল্পা ছেট্টীয়ে। প্ৰায় ১৪ বছৰে এটা অপবাদৰ বোজা কঢ়িয়াই লৈ ফুৰাৰ পাছত সামান্য মুকলি উশাহ ল’বলৈ সক্ষম হৈছে শিল্পা ছেট্টীয়ে। হলীউডৰ তাৰকা ৰিচাৰ্ড গেৰেৰ সৈতে চুম্বন বিতৰ্কত জড়িত হৈ পৰা শিল্পাক ১৪বছৰৰ পাছত সকাহ দি আদালতে কৈছে যে, সেই ঘটনাত শিল্পা ছেট্টী আছিল ভুক্তভোগী। তেওঁৰ কোনো দোষ নাছিল অবাঞ্চিত ঘটনাটোত।   কি ক’লে আদালতে? শিল্পা ছেট্টী আৰু ৰিচাৰ্ড গেৰে এইডছৰ সজাগতা বিষয়ক এটা অনুষ্ঠানত উপস্থিত আছিল। ২০০৭ চনত ৰাজস্থানত অনুষ্ঠিত অই অনুষ্ঠান চলি থাকোতে মঞ্চতে ৰিচাৰ্ড গেৰেই শিল্পা ছেট্টীক সাবটি ধৰি গালত চুম্বন কৰে। এই ঘটনাৰ পাছতে দেশজোৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বিভিন্ন ঠাইত ভালেমান গোচৰ ৰুজু হৈছিল। শিল্পাৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ আছিল যে, ৰিচাৰ্ড গেৰে চুম্বন কৰাৰ সময়ত শিল্পাই প্ৰতিবাদ কৰা নাছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাজস্থানৰ এখন আদালতৰ পৰা এই গোচৰটো মুম্বাইৰ আদালতলৈ স্থানান্তৰ কৰা হৈছিল। অৱেশেষত সেই এটা চুমাৰ ১৪বছৰীয়া কলংকৰ পৰা যেন মুক্ত হ’ল শিল্পা।   বিগত ১৮জানুৱাৰীতে শিল্পাক আদালতে এই গোচৰৰ পৰা মুক্ত ঘোষণা কৰে বুলি সংবাদ প্ৰতিষ্ঠান পিটিআইত প্ৰকাশ পাইছে। আদালতে প্ৰকাশ কৰে যে, শিল্পা ছেট্টী এই গোচৰৰ আনজন অভিযুক্ত ৰিচাৰ্ড গেৰেৰ কাৰ্যৰ ভুক্তভোগী বুলি ধাৰণা কৰিব পাৰি। সোমবাৰে শিল্পাক দোষমুক্ত কৰি দিয়া নিৰ্দেশটো প্ৰকাশ কৰা হয়। উল্লেখ্য যে, এই ঘটনাৰ পাছতে হলীউড তাৰকা ৰিচাৰ্ড গেৰে ভাৰতত ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈছিল আৰু পাছত তেওঁ ক্ষমা বিচাৰিছিল। আনহাতে শিল্পাই এই বিতৰ্ক আৰু প্ৰতিবাদক ‘অতি প্ৰতিক্ৰিয়া’ আখ্যা দিছিল। তথাপি এটা অবাঞ্চিত আৰু অপ্ৰত্যাশিত চুমাই সানি দিয়া কলংক শিল্পাই ১৪বছৰ কঢ়িয়াবলগীয়া হোৱাটো একপ্ৰকাৰ দুৰ্ভাগ্যজনকেই বুলিব পাৰি। কিন্তু শেহতীয়াকৈ দুৰ্নিনৰ মাজতে শিল্পাৰ গালৰ পৰা কলংকৰ দাগ মচ খোৱাজ আদালতে সহায় কৰাটো নিসন্দেহে অভিনেত্ৰীগৰাকীৰ বাবে সকাহৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ