--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দীৰ্ঘদিনৰ পাছত যেন অলপ আশাৰ কিৰণ দেখিলে মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টীয়ে। স্বামী ৰাজ কুন্দ্ৰাৰ যহত নানা অপবাদে জৰ্জৰিত কৰিছিল শিল্পাক। স্বামীৰ নাম সাঙোৰ খাইছিল পৰ্ন ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ কৰা কাৰ্যৰ সৈতে। ভালেমান দিন কাৰাগাৰতো কটাবলগীয়া হৈছিল ৰাজ কুন্দ্ৰাই। এতিয়া জামিনত মুকলি হৈছে যদিও তেওঁৰ বিৰুদ্ধে চলি আছে গোচৰ। এনে অৱস্থাত শিল্পাই নিজৰ জীৱনৰ স্বাভাৱিক ছন্দ বিচাৰি যেন হাবাথুৰি খাবলগীয়া হৈছে। তাৰ মাজত দীৰ্ঘদিনৰ পাছত শিল্পাৰ জীৱনলৈ আহিছে এক সুখবৰ। বিগত চৈধ্য বছৰে কঢ়িয়াই লৈ ফুৰা এটা কলংকৰ দাগৰ পৰা অৱশেষত মুক্ত হ’বলৈ সক্ষম হৈছে শিল্পা। হলীউডৰ এগৰাকী প্ৰখ্যাত তাৰকাই তেওঁক এই কলংকৰ বোজা জাপি দিছিল যাৰ ফলত তেওঁ দীৰ্ঘদিন চকুৰ পানীৰে বাট নেদেখা অৱস্থাত দিন কটাবলগীয়া হৈছিল। পিছে চৈধ্য বছৰে তেওঁ এনে কি কলংকই খেদি ফুৰিছিল?   কি আছিল ঘটনাৰ সবিশেষ? এটা পুৰণি গোচৰত শিল্পা ছেট্টীক সকাহ দিছে মুম্বাইৰ এখন আদালতে। ২০০৭ চনতে ৰুজু হোৱা অশ্লীলতা সম্পৰ্কীয় এটা গোচৰৰ পৰা সকাহ পাইছে শিল্পা ছেট্টীয়ে। প্ৰায় ১৪ বছৰে এটা অপবাদৰ বোজা কঢ়িয়াই লৈ ফুৰাৰ পাছত সামান্য মুকলি উশাহ ল’বলৈ সক্ষম হৈছে শিল্পা ছেট্টীয়ে। হলীউডৰ তাৰকা ৰিচাৰ্ড গেৰেৰ সৈতে চুম্বন বিতৰ্কত জড়িত হৈ পৰা শিল্পাক ১৪বছৰৰ পাছত সকাহ দি আদালতে কৈছে যে, সেই ঘটনাত শিল্পা ছেট্টী আছিল ভুক্তভোগী। তেওঁৰ কোনো দোষ নাছিল অবাঞ্চিত ঘটনাটোত।   কি ক’লে আদালতে? শিল্পা ছেট্টী আৰু ৰিচাৰ্ড গেৰে এইডছৰ সজাগতা বিষয়ক এটা অনুষ্ঠানত উপস্থিত আছিল। ২০০৭ চনত ৰাজস্থানত অনুষ্ঠিত অই অনুষ্ঠান চলি থাকোতে মঞ্চতে ৰিচাৰ্ড গেৰেই শিল্পা ছেট্টীক সাবটি ধৰি গালত চুম্বন কৰে। এই ঘটনাৰ পাছতে দেশজোৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বিভিন্ন ঠাইত ভালেমান গোচৰ ৰুজু হৈছিল। শিল্পাৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ আছিল যে, ৰিচাৰ্ড গেৰে চুম্বন কৰাৰ সময়ত শিল্পাই প্ৰতিবাদ কৰা নাছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাজস্থানৰ এখন আদালতৰ পৰা এই গোচৰটো মুম্বাইৰ আদালতলৈ স্থানান্তৰ কৰা হৈছিল। অৱেশেষত সেই এটা চুমাৰ ১৪বছৰীয়া কলংকৰ পৰা যেন মুক্ত হ’ল শিল্পা।   বিগত ১৮জানুৱাৰীতে শিল্পাক আদালতে এই গোচৰৰ পৰা মুক্ত ঘোষণা কৰে বুলি সংবাদ প্ৰতিষ্ঠান পিটিআইত প্ৰকাশ পাইছে। আদালতে প্ৰকাশ কৰে যে, শিল্পা ছেট্টী এই গোচৰৰ আনজন অভিযুক্ত ৰিচাৰ্ড গেৰেৰ কাৰ্যৰ ভুক্তভোগী বুলি ধাৰণা কৰিব পাৰি। সোমবাৰে শিল্পাক দোষমুক্ত কৰি দিয়া নিৰ্দেশটো প্ৰকাশ কৰা হয়। উল্লেখ্য যে, এই ঘটনাৰ পাছতে হলীউড তাৰকা ৰিচাৰ্ড গেৰে ভাৰতত ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈছিল আৰু পাছত তেওঁ ক্ষমা বিচাৰিছিল। আনহাতে শিল্পাই এই বিতৰ্ক আৰু প্ৰতিবাদক ‘অতি প্ৰতিক্ৰিয়া’ আখ্যা দিছিল। তথাপি এটা অবাঞ্চিত আৰু অপ্ৰত্যাশিত চুমাই সানি দিয়া কলংক শিল্পাই ১৪বছৰ কঢ়িয়াবলগীয়া হোৱাটো একপ্ৰকাৰ দুৰ্ভাগ্যজনকেই বুলিব পাৰি। কিন্তু শেহতীয়াকৈ দুৰ্নিনৰ মাজতে শিল্পাৰ গালৰ পৰা কলংকৰ দাগ মচ খোৱাজ আদালতে সহায় কৰাটো নিসন্দেহে অভিনেত্ৰীগৰাকীৰ বাবে সকাহৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু