--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ছোৰোগেচীৰ জৰিয়তে কন্যাসন্তানৰ পিতৃ-মাতৃ হৈ পৰাৰ খবৰ ইতিমধ্যে ঘৰে ঘৰে বিয়পি পৰিছে। প্ৰিয়ংকাই স্বেচ্ছাই ইনষ্টাগ্ৰামত নিজৰ সন্তানৰ বিষয়ে জনাইছিল। অৱশেষত প্ৰিয়ংকা -নিকৰ বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনাৰো এতিয়া ইতি পৰিল বুলিয়েই ধৰি লৈছে সকলোৱে। যি নহওক, বিবাহৰ পূৰ্বেও প্ৰিয়ংকাৰ সৈতে বহু তাৰকাৰ প্ৰেমজনিত সম্পৰ্কৰ হনুবাৰ্তা শুনিবলৈ পোৱা গৈছিল। এনে তাৰকা ব্যক্তিসকলৰ ভিতৰত সবাটোকৈ চৰ্চিত ব্যক্তিগৰাকী হৈছে বলীউড ছুপাৰষ্টাৰ শ্বাহৰূখ খান। ভাৰতীয় সংবাদ মাধ্যম প্ৰকাশিত শেহতীয়া প্ৰতিবেদন অনুসৰি, বলীউডত কেৰিয়াৰৰ আৰম্ভণিতে শ্বাহৰূখৰ প্ৰেমত পৰিছিল প্ৰিয়ংকাই। শ্বাহৰূখৰ সৈতে কাম কৰাৰ আগতেই তেওঁৰ প্ৰতি অভিনেত্ৰীগৰাকীয়ে প্ৰবলভাৱে আকৰ্ষিত হোৱা বুলিও প্ৰকাশ পাইছে। অৱশ্যে, এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে মু্কলিকৈ কোনোধৰণৰ মন্তব্য কৰা নাই। কিং খানেও বিষয়টো কাণ সৰালি দিয়ে। শ্বাহৰূখে সদায় এগৰাকী সহকৰ্মী হিচাপেই প্ৰিয়ংকাক পৰিচয় দি আহিছে। শ্বাহৰূখৰ বাবে প্ৰিয়ংকা কেৱল এগৰাকী ‘কো-ষ্টাৰ’। উল্লেখ্য যে, ২০০৬ চনত ৰূপালী পৰ্দাত প্ৰথমবাৰৰ বাবে প্ৰিয়ংকাৰ সৈতে একেলগে দেখিবলৈ পোৱা গৈছিল কিং খানক। ফাৰহান আখটাৰৰ 'ডন' ছবিখনৰ জৰিয়তে বিপুলভাৱে সমাদৃত হৈ পৰিছিল এই যুটি। সেয়া যি কি নহওক, এই জনপ্ৰিয় যুটিক লৈ আছে নানা কৌতুহল। শ্বাহৰূখৰ অনুৰোধতে হেনো প্ৰিয়ংকাক তেওঁৰ জন্মদিনৰ পাৰ্টীলৈ আমন্ত্ৰণ জনাইছিল কৰণ জোহৰে। কিন্তু সেই সময়ত, প্ৰিয়ংকা কৰণৰ ইমান ঘনিষ্ঠ নাছিল। শ্বাহৰূখে প্ৰিয়ংকাক পাৰ্টীলৈ মাতি তেওঁৰ গালত খাইছিল চুমা। এই দৃশ্য কেমেৰাতো হৈছিল বন্দী । শ্বাহৰূখৰ এনে কাৰ্যৰ বাবে খং উঠিছিল পত্নী গৌৰীৰ। শ্বাহৰূখে প্ৰিয়ংকাৰ সৈতে পাৰ্টীত কিয় অধিক সময় অতিবাহিত কৰে? স্বামী আৰু পত্নীয়ে ৰাজহুৱাভাৱে এই বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিছিল। বহুতে কয় যে, গৌৰীৰ বাবেই কৰণ জোহৰকে ধৰি বলীউডৰ এটা অংশই প্ৰিয়ংকাক বয়কট কৰিছিল। অনুৰাগীৰ মুখে মুখে বগৰা এই কথাৰ সত্যসত্যতা কিমান সেয়া সঠিককৈ জনা নাযায়। এসময়ত শ্বাহৰূখৰ সৈতে প্ৰিয়ংকাই 'ছেলুট' নামৰ এখন জীৱনীমূলক ছবি কৰাৰো আলোচনা হৈছিল। কিন্তু ছবিখনত শ্বাহৰূখক দেখাৰ পাছত প্ৰিয়ংকাই হেনো নিজে পিছুৱাই আহিছিল। কেবল বলীউডে নহয়, হলিউডতো কম সাফল্য অৰ্জন কৰা নাই প্ৰিয়ংকাই। ২০১৫ চনত ‘কুৱেণ্টিকো’ৰ জৰিয়তে হলীউডত যাত্ৰা আৰম্ভ কৰিছিল ‘মিছ ৱৰ্ল্ড’ প্ৰিয়ংকাই। বলীউডত আলোচনা হোৱাৰ দৰে হলিউডতো প্ৰিয়ংকাৰ সফলতাৰ মাজতে সাঙোৰ খাইছে শ্বাহৰূখ খানৰ নাম। শ্বাহৰূখ-প্ৰিয়ংকাই কানাডাৰ টৰেণ্ট’ত গোপনে বিবাহ পাশত আৱদ্ধ হোৱা বুলিও এসময়ত উঠিছিল গুঞ্জন। অসুস্থ পিতৃয়ে জীয়েকৰ বিয়াখন চাব বিচাৰিছিল বাবেই হেনো শ্বাহৰূখ-প্ৰিয়ংকাই গোপনে বিবাহৰ সিদ্ধান্ত হৈছিল।অৱশ্যে, এই কথাৰ সত্যাসত্যতা কিমান তাক জনা নাযায় যদিও 'ডন-২' ছবিখনৰ পাছত দুয়োজন তাৰকাই ৰাজহুৱা দূৰত্ব বজাই ৰখা পৰিলক্ষিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ