--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ষ্টাৰসকলৰ জীৱন শৈলী দেখি সাধাৰণ লোকৰ চকুত চমক লাগে যদিও সেইখিনি অৰ্জন কৰিবৰ বাবে তেওঁলোকে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হয়। বলীউডৰ এগৰাকী তাৰকা অভিনেতাই সেইখন হোটেলকে কিনি পেলালে যিখন হোটেলত তেওঁৰ দেউতাকে চাফাইকৰ্মীৰ কাম কৰিছিল। ৯০ ৰ দশকত বলীউডত একচন হিৰ' হিচাপে যথেষ্ট সুনাম অৰ্জন কৰিছিল এজন বলীষ্ঠ অভিনেতাই। সেই অভিনেতাজন আন কোনো নহয়। তেওঁৰ নাম সুনীল ছেট্টী। আজিৰ তাৰিখত সুনীল ছেট্টীৰ নাম,যশ,টকা-পইচা,সম্পদ,খ্যাতিৰ কোনো অভাৱ নাই। কিন্তু বহুলোকেই নাজানে কিমান সংগ্ৰাম, সংঘৰ্ষ পাৰ কৰি আহি তেওঁ এই স্থানত উপনীত হৈছেহি। সুনীলে কয় যে, পূৰ্বতে তেওঁলোকৰ জীৱন একেবাৰে সহজ নাছিল। তেওঁৰ পিতৃয়ে হোটেলত চাফাইকৰ্মীৰ কাম কৰিছিল। সুনীলৰ পিতৃয়ে সন্তানক শিকাইছিল ''তুমি কাম ডাঙৰ কৰা বা সৰু কৰা সদায় নিজৰ কামক লৈ গৰ্ব কৰিবা কাৰণ তুমি যথেষ্ট পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰিছা। কোনো কামকে লৈ লাজ নকৰিবা, যদিহে সেই কাম সৎ পথৰ হয়।'' সুনীল ছেট্টীয়ে নিজ পিতৃক লৈ যথেষ্ট গৰ্ব অনুভৱ কৰে। সুনীলে সেইখন হোটেল কিনি নিজৰ নামত কৰিলে যিখন হোটেলত তেওঁৰ পিতৃয়ে চাফাইকৰ্মীৰ কাম কৰিছিল। সুনীলক যেতিয়াই সোধা হয়-''আপোনাৰ প্ৰিয় হিৰ' বা নায়ক কোন?'' সেই প্ৰশ্নৰ উত্তৰত সুনীলে সদায় এটাই কথা কয়-'মোৰ দেউতা'। [caption id="attachment_125811" align="aligncenter" width="240"] সুনীলৰ পিতৃৰ কোলাত সুনীল পু্ত্ৰ আহান[/caption] উল্লেখ্য যে সুনীল চেট্টীয়ে নিজ কেৰিয়াৰত ১০০খনতকৈও বেছি চিনেমাত অভিনয় কৰিছে। ইয়াৰে সৰহসংখ্যক চিনেমা একশ্যনধৰ্মী আৰু কমেডী চিনেমা। তেওঁ ১৯৬১ চনৰ ১১ আগষ্টত কৰ্ণাটকৰ মুল্কিত জন্মগ্ৰহণ কৰিছিল। পত্নী মানা চেট্টী আৰু কন্যা আথিয়া, পুত্ৰ আহানৰ সৈতে সুনীল চেট্টীৰ আছে এখন সুখৰ সংসাৰ। আৰু পঢ়কঃ তিনিচুকীয়াত অঘটন! পেৰাগ্লাইডিং কৰি থাকোতে ওপৰৰ পৰা সৰি পৰি যুৱকৰ কৰুণ মৃত্যু

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ