--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ষ্টাৰসকলৰ জীৱন শৈলী দেখি সাধাৰণ লোকৰ চকুত চমক লাগে যদিও সেইখিনি অৰ্জন কৰিবৰ বাবে তেওঁলোকে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হয়। বলীউডৰ এগৰাকী তাৰকা অভিনেতাই সেইখন হোটেলকে কিনি পেলালে যিখন হোটেলত তেওঁৰ দেউতাকে চাফাইকৰ্মীৰ কাম কৰিছিল। ৯০ ৰ দশকত বলীউডত একচন হিৰ' হিচাপে যথেষ্ট সুনাম অৰ্জন কৰিছিল এজন বলীষ্ঠ অভিনেতাই। সেই অভিনেতাজন আন কোনো নহয়। তেওঁৰ নাম সুনীল ছেট্টী। আজিৰ তাৰিখত সুনীল ছেট্টীৰ নাম,যশ,টকা-পইচা,সম্পদ,খ্যাতিৰ কোনো অভাৱ নাই। কিন্তু বহুলোকেই নাজানে কিমান সংগ্ৰাম, সংঘৰ্ষ পাৰ কৰি আহি তেওঁ এই স্থানত উপনীত হৈছেহি। সুনীলে কয় যে, পূৰ্বতে তেওঁলোকৰ জীৱন একেবাৰে সহজ নাছিল। তেওঁৰ পিতৃয়ে হোটেলত চাফাইকৰ্মীৰ কাম কৰিছিল। সুনীলৰ পিতৃয়ে সন্তানক শিকাইছিল ''তুমি কাম ডাঙৰ কৰা বা সৰু কৰা সদায় নিজৰ কামক লৈ গৰ্ব কৰিবা কাৰণ তুমি যথেষ্ট পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰিছা। কোনো কামকে লৈ লাজ নকৰিবা, যদিহে সেই কাম সৎ পথৰ হয়।'' সুনীল ছেট্টীয়ে নিজ পিতৃক লৈ যথেষ্ট গৰ্ব অনুভৱ কৰে। সুনীলে সেইখন হোটেল কিনি নিজৰ নামত কৰিলে যিখন হোটেলত তেওঁৰ পিতৃয়ে চাফাইকৰ্মীৰ কাম কৰিছিল। সুনীলক যেতিয়াই সোধা হয়-''আপোনাৰ প্ৰিয় হিৰ' বা নায়ক কোন?'' সেই প্ৰশ্নৰ উত্তৰত সুনীলে সদায় এটাই কথা কয়-'মোৰ দেউতা'। [caption id="attachment_125811" align="aligncenter" width="240"] সুনীলৰ পিতৃৰ কোলাত সুনীল পু্ত্ৰ আহান[/caption] উল্লেখ্য যে সুনীল চেট্টীয়ে নিজ কেৰিয়াৰত ১০০খনতকৈও বেছি চিনেমাত অভিনয় কৰিছে। ইয়াৰে সৰহসংখ্যক চিনেমা একশ্যনধৰ্মী আৰু কমেডী চিনেমা। তেওঁ ১৯৬১ চনৰ ১১ আগষ্টত কৰ্ণাটকৰ মুল্কিত জন্মগ্ৰহণ কৰিছিল। পত্নী মানা চেট্টী আৰু কন্যা আথিয়া, পুত্ৰ আহানৰ সৈতে সুনীল চেট্টীৰ আছে এখন সুখৰ সংসাৰ। আৰু পঢ়কঃ তিনিচুকীয়াত অঘটন! পেৰাগ্লাইডিং কৰি থাকোতে ওপৰৰ পৰা সৰি পৰি যুৱকৰ কৰুণ মৃত্যু

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু