--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰুহানিকা ধাৱান। ৫ বছৰ বয়সৰে পৰা ৰুহানিকাই দূৰদৰ্শনত অভিনয় কৰি আহিছে। অভিনয় কেৰিয়াৰৰ দ্বিতীয়খন ধাৰাবাহিকৰ যোগেৰে জনপ্ৰিয়তা লাভ কৰিছিল ৰুহানিকাই।

যোৱা বছৰ ছেপ্টেম্বৰ মাহত ১৫ বছৰীয়া হৈছিল কিশোৰী ৰুহানিকা। তাৰপূৰ্বেই অতি কম বয়সতে মুম্বাইত নিজৰ ঘৰ কিনিবলৈ সক্ষম হয় মৰম লগা কিশোৰী অভিনেত্ৰীগৰাকীয়ে।


ৰুহানিকাই মুম্বাইত এটা ঘৰ কিনি চৰ্চালৈ আহিছে। অভিনেত্ৰীগৰাকীয়ে নিজেই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এই ভাল খবৰটো দিছে। তাত তাই লিখিছে যে এটা ঘৰ কিনি বহুদিনীয়া সপোন পূৰণ কৰিলে। ইয়াৰ বাবে নিজৰ মাক দেউতাককো ধন্যবাদ জনাইছে৷

অৱশ্যে, ৰুহানিকাই মাকৰ বাবেহে মুম্বাইত ঘৰ ক্ৰয় কৰিবলৈ সক্ষম হৈছে। অভিনেত্ৰীগৰাকীয়ে পোষ্ট কৰিছে, "মোৰ মায়ে যাদু জানে। মায়ে টকা জমা কৰা আৰম্ভ কৰাৰ লগে লগে, ধনৰ পৰিমাণ দুগুণলৈ বৃদ্ধি হয়। মই এই সপোনটো পূৰণ কৰিবলৈ সক্ষম হৈছো কাৰণ মোৰ মা-দেউতা সদায় মোৰ কাষত থাকে।’’

ৰুহানিকাৰ জন্ম ২০০৭ চনত মুম্বাইত হৈছিল। ৫ বছৰ বয়সতে ২০১২ চনত ৰুহানিকাক প্ৰথমবাৰৰ বাবে 'মেচাৰ্ছ কৌশিক কি পাঞ্চ বহুয়েন' ধাৰাবাহিকত দেখা গৈছিল৷ ধাৰাবাহিকখনত ৰুহানিকাই 'আছী' নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল৷

পৰৱৰ্তী বছৰতে একতা কাপুৰৰ প্ৰযোজনাত 'ইয়ে হে মহব্বতে' মুক্তি দিয়া হয়। হিন্দী দূৰদৰ্শন উদ্যোগৰ জনপ্ৰিয় মুখ দিব্যাঙ্কা ত্ৰিপাঠী আৰু কৰণ পেটেলে এই ধাৰাবাহিকখনত অভিনয় কৰিছিল।

ৰুহানিকাই 'ইয়ে হে মহব্বতে' ধাৰাবাহিকত দিব্যাঙ্কা আৰু কৰণৰ জীয়েকৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিল। কেতিয়াবা তেওঁ চিত্ৰনাট্যৰ বাবে 'ৰুহী' বা কেতিয়াবা 'পিহু' চৰিত্ৰত অভিনয় কৰে।

ৰুহানিকাই ধাৰাবাহিকখনত অভিনয় কৰি শিশু অভিনেত্ৰী হিচাপে জনপ্ৰিয় হৈছিল। তেওঁৰ স্বভাৱ ইমানেই মিঠা যে টেলি পৃথিৱীৰ সকলো তাৰকাৰ প্ৰিয় হৈ পৰে।

ৰুহানিকাক শিশু অভিনেত্ৰী হিচাপে বিভিন্ন বঁটাৰে সন্মানিত কৰা হৈছে। এটা ফেশ্বন শ্ব'ত 'বাৰ্বি' পোছাক পিন্ধাও দেখা গৈছিল ৰুহানিকাক। ২০১৪ চনত তেওঁ কপিল শৰ্মাৰ জনপ্ৰিয় অনুষ্ঠানত অতিথি শিল্পী হৈছিল।

কেৱল ধাৰাবাহিকতে নহয়, ডাঙৰ পৰ্দাতো ৰুহানিকাক অভিনয় কৰা দেখা গৈছে। 'জয় হো' বোলছবিখন ২০১৪ চনত চোহেল খানৰ প্ৰযোজনা আৰু পৰিচালনাত মুক্তি দিয়া হৈছিল।  ৰুহানিকাই ছবিখনত এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছিল।

ছানী দেউলৰ দ্বাৰা পৰিচালিত 'ঘায়েল ৱান্স এগেইন' ২০১৬ চনত মুক্তি লাভ কৰিছিল। ৰুহানিকাই ছবিখনত পাৰ্শ্বচৰিত্ৰত অভিনয় কৰিছিল।

বৰ্তমান ৰুহানিকাই স্কুলীয়া জীৱনত ব্যস্ত থকাৰ উপৰিও উপৰিও বিভিন্ন প্ৰসিদ্ধ সংস্থাৰ প্ৰচাৰৰ কামতো অৱতীৰ্ণ হৈ আহিছে৷ ৰুহানিকা ইনষ্টাগ্ৰামতো যথেষ্ট সক্ৰিয়। ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা ইতিমধ্যে ১৯ লাখৰ সীমা অতিক্ৰম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক