--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰুহানিকা ধাৱান। ৫ বছৰ বয়সৰে পৰা ৰুহানিকাই দূৰদৰ্শনত অভিনয় কৰি আহিছে। অভিনয় কেৰিয়াৰৰ দ্বিতীয়খন ধাৰাবাহিকৰ যোগেৰে জনপ্ৰিয়তা লাভ কৰিছিল ৰুহানিকাই।

যোৱা বছৰ ছেপ্টেম্বৰ মাহত ১৫ বছৰীয়া হৈছিল কিশোৰী ৰুহানিকা। তাৰপূৰ্বেই অতি কম বয়সতে মুম্বাইত নিজৰ ঘৰ কিনিবলৈ সক্ষম হয় মৰম লগা কিশোৰী অভিনেত্ৰীগৰাকীয়ে।


ৰুহানিকাই মুম্বাইত এটা ঘৰ কিনি চৰ্চালৈ আহিছে। অভিনেত্ৰীগৰাকীয়ে নিজেই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এই ভাল খবৰটো দিছে। তাত তাই লিখিছে যে এটা ঘৰ কিনি বহুদিনীয়া সপোন পূৰণ কৰিলে। ইয়াৰ বাবে নিজৰ মাক দেউতাককো ধন্যবাদ জনাইছে৷

অৱশ্যে, ৰুহানিকাই মাকৰ বাবেহে মুম্বাইত ঘৰ ক্ৰয় কৰিবলৈ সক্ষম হৈছে। অভিনেত্ৰীগৰাকীয়ে পোষ্ট কৰিছে, "মোৰ মায়ে যাদু জানে। মায়ে টকা জমা কৰা আৰম্ভ কৰাৰ লগে লগে, ধনৰ পৰিমাণ দুগুণলৈ বৃদ্ধি হয়। মই এই সপোনটো পূৰণ কৰিবলৈ সক্ষম হৈছো কাৰণ মোৰ মা-দেউতা সদায় মোৰ কাষত থাকে।’’

ৰুহানিকাৰ জন্ম ২০০৭ চনত মুম্বাইত হৈছিল। ৫ বছৰ বয়সতে ২০১২ চনত ৰুহানিকাক প্ৰথমবাৰৰ বাবে 'মেচাৰ্ছ কৌশিক কি পাঞ্চ বহুয়েন' ধাৰাবাহিকত দেখা গৈছিল৷ ধাৰাবাহিকখনত ৰুহানিকাই 'আছী' নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল৷

পৰৱৰ্তী বছৰতে একতা কাপুৰৰ প্ৰযোজনাত 'ইয়ে হে মহব্বতে' মুক্তি দিয়া হয়। হিন্দী দূৰদৰ্শন উদ্যোগৰ জনপ্ৰিয় মুখ দিব্যাঙ্কা ত্ৰিপাঠী আৰু কৰণ পেটেলে এই ধাৰাবাহিকখনত অভিনয় কৰিছিল।

ৰুহানিকাই 'ইয়ে হে মহব্বতে' ধাৰাবাহিকত দিব্যাঙ্কা আৰু কৰণৰ জীয়েকৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিল। কেতিয়াবা তেওঁ চিত্ৰনাট্যৰ বাবে 'ৰুহী' বা কেতিয়াবা 'পিহু' চৰিত্ৰত অভিনয় কৰে।

ৰুহানিকাই ধাৰাবাহিকখনত অভিনয় কৰি শিশু অভিনেত্ৰী হিচাপে জনপ্ৰিয় হৈছিল। তেওঁৰ স্বভাৱ ইমানেই মিঠা যে টেলি পৃথিৱীৰ সকলো তাৰকাৰ প্ৰিয় হৈ পৰে।

ৰুহানিকাক শিশু অভিনেত্ৰী হিচাপে বিভিন্ন বঁটাৰে সন্মানিত কৰা হৈছে। এটা ফেশ্বন শ্ব'ত 'বাৰ্বি' পোছাক পিন্ধাও দেখা গৈছিল ৰুহানিকাক। ২০১৪ চনত তেওঁ কপিল শৰ্মাৰ জনপ্ৰিয় অনুষ্ঠানত অতিথি শিল্পী হৈছিল।

কেৱল ধাৰাবাহিকতে নহয়, ডাঙৰ পৰ্দাতো ৰুহানিকাক অভিনয় কৰা দেখা গৈছে। 'জয় হো' বোলছবিখন ২০১৪ চনত চোহেল খানৰ প্ৰযোজনা আৰু পৰিচালনাত মুক্তি দিয়া হৈছিল।  ৰুহানিকাই ছবিখনত এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছিল।

ছানী দেউলৰ দ্বাৰা পৰিচালিত 'ঘায়েল ৱান্স এগেইন' ২০১৬ চনত মুক্তি লাভ কৰিছিল। ৰুহানিকাই ছবিখনত পাৰ্শ্বচৰিত্ৰত অভিনয় কৰিছিল।

বৰ্তমান ৰুহানিকাই স্কুলীয়া জীৱনত ব্যস্ত থকাৰ উপৰিও উপৰিও বিভিন্ন প্ৰসিদ্ধ সংস্থাৰ প্ৰচাৰৰ কামতো অৱতীৰ্ণ হৈ আহিছে৷ ৰুহানিকা ইনষ্টাগ্ৰামতো যথেষ্ট সক্ৰিয়। ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা ইতিমধ্যে ১৯ লাখৰ সীমা অতিক্ৰম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু