--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শ্বাহৰুখ খান-দীপিকা পাডুকন  অভিনীত 'পাঠান'ৰ বেচৰম ৰং গীতটিয়ে ইতিমধ্যে  সমালোচনাৰ জোৱাৰ তুলিছে৷ বহু সংগঠন তথা ব্যক্তিয়ে ছবি খন নিষিদ্ধ কৰাৰো দাবী জনাইছে৷ অৱশেষত চেঞ্চৰ বোৰ্ডে ছবি খনৰ গীতৰ কেতবোৰ উত্তেজক দৃশ্য কৰ্তন কৰাৰো পদক্ষেপ গ্ৰহণ কৰিছে৷  ছবিখনে  বিশেষ কোনো  সম্প্ৰদায়ৰ ধৰ্মীয়  অনুভূতিক আঘাত হনাৰো অভিযোগ উঠিছে। ফলত  কেইবাটাও দৃশ্য  সলনি কৰাৰ নিৰ্দেশনা আহিছে। অৱশ্যে এতিয়ালৈকে কোনেও ছবিখনৰ ট্ৰেইলাৰ দেখা নাই।


ছবিখন মুক্তিৰ বাবেও বেছি দিন নাই৷ এনে সময়তে বহুতৰ মনত প্ৰশ্ন জাগিছে ছবি খনৰ  ট্ৰেইলাৰ কেতিয়া মুক্তি পাব?  চলচ্চিত্ৰ খনৰ  নিৰ্মাতাই ছবিখনক লৈ বিতৰ্ক এৰাই চলিবলৈ ট্ৰেইলাৰৰ মুক্তি বন্ধ কৰিছে নেকি? এনে প্ৰশ্নয়ো বহুতৰে মনত ভুমুকি মাৰিছে৷ এনে প্ৰশ্নবোৰৰ উত্তৰো এতিয়া ওলাইছে৷  অৱশেষত  ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ দিন ঘোষণা কৰা হৈছে৷ ছবিখনৰ ট্ৰেইলাৰ ১০ জানুৱাৰীত মুক্তি পাব বুলি ছবি খনৰ নিৰ্মাতাই প্ৰকাশ কৰিছে।

অৱশ্যে  ট্ৰেইলাৰ মুকলিৰ কিমান দিন পিছত  ছবিখন  মুক্তি দিয়া হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷  কাৰণ ছবিখনত কম  সময়ৰ ভিতৰতে ইমান পৰিৱৰ্তন কৰাটো সম্ভৱ হ’ব নে নাই সেয়া সন্দেহৰ বিষয় হৈ পৰিছে৷ আনহাতে  ছবিখনৰ টিকট বিক্ৰী ইতিমধ্যে আৰম্ভ হৈছেই৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু