--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শ্বাহৰুখ খান-দীপিকা পাডুকন  অভিনীত 'পাঠান'ৰ বেচৰম ৰং গীতটিয়ে ইতিমধ্যে  সমালোচনাৰ জোৱাৰ তুলিছে৷ বহু সংগঠন তথা ব্যক্তিয়ে ছবি খন নিষিদ্ধ কৰাৰো দাবী জনাইছে৷ অৱশেষত চেঞ্চৰ বোৰ্ডে ছবি খনৰ গীতৰ কেতবোৰ উত্তেজক দৃশ্য কৰ্তন কৰাৰো পদক্ষেপ গ্ৰহণ কৰিছে৷  ছবিখনে  বিশেষ কোনো  সম্প্ৰদায়ৰ ধৰ্মীয়  অনুভূতিক আঘাত হনাৰো অভিযোগ উঠিছে। ফলত  কেইবাটাও দৃশ্য  সলনি কৰাৰ নিৰ্দেশনা আহিছে। অৱশ্যে এতিয়ালৈকে কোনেও ছবিখনৰ ট্ৰেইলাৰ দেখা নাই।


ছবিখন মুক্তিৰ বাবেও বেছি দিন নাই৷ এনে সময়তে বহুতৰ মনত প্ৰশ্ন জাগিছে ছবি খনৰ  ট্ৰেইলাৰ কেতিয়া মুক্তি পাব?  চলচ্চিত্ৰ খনৰ  নিৰ্মাতাই ছবিখনক লৈ বিতৰ্ক এৰাই চলিবলৈ ট্ৰেইলাৰৰ মুক্তি বন্ধ কৰিছে নেকি? এনে প্ৰশ্নয়ো বহুতৰে মনত ভুমুকি মাৰিছে৷ এনে প্ৰশ্নবোৰৰ উত্তৰো এতিয়া ওলাইছে৷  অৱশেষত  ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ দিন ঘোষণা কৰা হৈছে৷ ছবিখনৰ ট্ৰেইলাৰ ১০ জানুৱাৰীত মুক্তি পাব বুলি ছবি খনৰ নিৰ্মাতাই প্ৰকাশ কৰিছে।

অৱশ্যে  ট্ৰেইলাৰ মুকলিৰ কিমান দিন পিছত  ছবিখন  মুক্তি দিয়া হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷  কাৰণ ছবিখনত কম  সময়ৰ ভিতৰতে ইমান পৰিৱৰ্তন কৰাটো সম্ভৱ হ’ব নে নাই সেয়া সন্দেহৰ বিষয় হৈ পৰিছে৷ আনহাতে  ছবিখনৰ টিকট বিক্ৰী ইতিমধ্যে আৰম্ভ হৈছেই৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক