--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ উপাৰ্জনৰ উৎস কেৱল চলচ্চিত্ৰ বা বিজ্ঞাপনৰ পৰাহে নেকি? নহয়। হিন্দী চলচ্চিত্ৰ তাৰকাসকলে  মুম্বাই চহৰত তেওঁলোকৰ কেইবাটাও সম্পত্তি ক্ৰয় কৰে। তেওঁলোকে সুযোগ অনুসৰি সেইবোৰ বিক্ৰী বা ভাড়াত লয়। কেতিয়াবা প্ৰয়োজনত সেইসমূহ বিক্ৰী কৰি দিয়ে। প্ৰিয়ংকা চোপ্ৰাৰ পৰা জাহ্নৱী কাপুৰলৈকে বহুতো তাৰকাই সম্পত্তি ক্ৰয় কৰাৰ লগতে প্ৰয়োজন অনুসৰি সেইবোৰ বিক্ৰী কৰে।

এইবাৰ সোনম কাপুৰে বান্দ্ৰাৰ এটা অভিজাত ফ্লেট প্ৰায় ৩২.৫ কোটি টকাত বিক্ৰী কৰিছে। সোনম ২০২২ চনত মাতৃ হৈছিল। লণ্ডনৰ বাসিন্দা আনন্দ আহুজাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল সোনম।

এতিয়া অভিনেত্ৰীগৰাকীৰ হাতত কোনো বিশেষ কাম নাই। কোনো চলচ্চিত্ৰৰ কামত ব্যস্ত হৈ থকা দেখা নাই। সেইবাবেই টকাৰ অভাৱত পৰিয়ে সোনমে ফ্লেটটো বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল বুলি ধাৰণা কৰা হৈছে।

সোনমৰ ফ্লেটটো চিগনেচাৰ আইলেণ্ড নামৰ বহুমহলা ভৱনটোৰ তৃতীয় মহলাত আছে। এছএমএফ ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ এটা কোম্পানীয়ে ইয়াক ক্ৰয় কৰিছে। ক্ৰেতাই সম্পত্তিটো ক্ৰয় কৰিবলৈ ১.৯৫ কোটি টকাৰ অগ্ৰিম পৰিশোধ কৰিছিল।

২০১৫ চনত, সোনমে ৫৩৩৫ বৰ্গফুটৰ এই ফ্লেটটো প্ৰায় ১৫ কোটি টকাত ক্ৰয় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে বিক্ৰীৰ সময়ত সম্পত্তিটো দুগুণতকৈও অধিক মূল্যত বিক্ৰী কৰিছে। ফ্লেটটোৰ পৰা সোনমে আহৰণ কৰিছে ৩২ কোটি টকা!








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু