--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ উপাৰ্জনৰ উৎস কেৱল চলচ্চিত্ৰ বা বিজ্ঞাপনৰ পৰাহে নেকি? নহয়। হিন্দী চলচ্চিত্ৰ তাৰকাসকলে  মুম্বাই চহৰত তেওঁলোকৰ কেইবাটাও সম্পত্তি ক্ৰয় কৰে। তেওঁলোকে সুযোগ অনুসৰি সেইবোৰ বিক্ৰী বা ভাড়াত লয়। কেতিয়াবা প্ৰয়োজনত সেইসমূহ বিক্ৰী কৰি দিয়ে। প্ৰিয়ংকা চোপ্ৰাৰ পৰা জাহ্নৱী কাপুৰলৈকে বহুতো তাৰকাই সম্পত্তি ক্ৰয় কৰাৰ লগতে প্ৰয়োজন অনুসৰি সেইবোৰ বিক্ৰী কৰে।

এইবাৰ সোনম কাপুৰে বান্দ্ৰাৰ এটা অভিজাত ফ্লেট প্ৰায় ৩২.৫ কোটি টকাত বিক্ৰী কৰিছে। সোনম ২০২২ চনত মাতৃ হৈছিল। লণ্ডনৰ বাসিন্দা আনন্দ আহুজাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল সোনম।

এতিয়া অভিনেত্ৰীগৰাকীৰ হাতত কোনো বিশেষ কাম নাই। কোনো চলচ্চিত্ৰৰ কামত ব্যস্ত হৈ থকা দেখা নাই। সেইবাবেই টকাৰ অভাৱত পৰিয়ে সোনমে ফ্লেটটো বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল বুলি ধাৰণা কৰা হৈছে।

সোনমৰ ফ্লেটটো চিগনেচাৰ আইলেণ্ড নামৰ বহুমহলা ভৱনটোৰ তৃতীয় মহলাত আছে। এছএমএফ ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ এটা কোম্পানীয়ে ইয়াক ক্ৰয় কৰিছে। ক্ৰেতাই সম্পত্তিটো ক্ৰয় কৰিবলৈ ১.৯৫ কোটি টকাৰ অগ্ৰিম পৰিশোধ কৰিছিল।

২০১৫ চনত, সোনমে ৫৩৩৫ বৰ্গফুটৰ এই ফ্লেটটো প্ৰায় ১৫ কোটি টকাত ক্ৰয় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে বিক্ৰীৰ সময়ত সম্পত্তিটো দুগুণতকৈও অধিক মূল্যত বিক্ৰী কৰিছে। ফ্লেটটোৰ পৰা সোনমে আহৰণ কৰিছে ৩২ কোটি টকা!








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক