--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি পুৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ‘জনতা ভৱন’ত এখন সংবাদমেল সম্বোধন কৰে৷ সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি আৰু চৰকাৰৰ বিত্তীয় স্থিতি সন্দৰ্ভত মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে, ১৫ ফেব্ৰুৱাৰীৰ পৰা অসমত কোনোধৰণৰ ক’ভিড প্ৰতিবন্ধকতা নাথাকে। একেদৰে, ১৫ ফেব্ৰুৱাৰীৰ পৰা শিক্ষানুষ্ঠানসমূহ খুলিব পাৰিব বুলি তেওঁ মন্তব্য আগবঢ়ায়৷ সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰাতো বাধ্যতামূলক৷ তেওঁ লগতে কয়, সভা-সমিতিত বা ৰাজহুৱা অনুষ্ঠানত ভাগ লোৱাসকল দ্বিতীয় পালি ভেকচিন লোৱা হ’ব লাগিব। আজিৰ সংবাদমেলত পুনৰ চান্দা সংস্কৃতিৰ বিৰুদ্ধে সৰব হৈ পৰে মুখ্যমন্ত্ৰী৷ তেওঁ কয়, চান্দ সংস্কৃতিৰ পৰা আঁতৰি থাকিব লাগিব। ব্যৱসায়ীক মৰমৰ দৃষ্টিৰে চাব লাগিব৷ চান্দা সংস্কৃতি বন্ধ কৰাৰ প্ৰয়াসেৰে মুখ্যমন্ত্ৰীয়ে আজি অসম চৰকাৰৰ তৰফৰ পৰা ১০ বছৰ পুৰণি বিহু সমিতিসমূহক ১ লাখ ৫০ হাজাৰ টকাৰকৈ আৰ্থিক সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰে৷ অৱশ্যে, এইবাৰ ক’ভিডৰ বাবে বিহু বন্ধ নহয় বুলি তেওঁ মন্তব্য কৰে৷ ইপিনে, অসমত অহা এপ্ৰিলত গুৱাহাটী পৌৰনিগম আৰু কাৰ্বি আলং পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি আজিৰ সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷ নগৰসমূহৰ উন্নয়নত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, জিলা কাৰ্যালয়সমূহ একগোট কৰা হ’ব। সকলো জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ কাষত একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। ইতিমধ্যে, ১০খন নতুন ষ্টেডিয়ামৰ আঁচনি লোৱা হৈছে। প্ৰতিখন জিলাতে ১০০০ আসন থকা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত সদৰী কৰে৷ অসম চৰকাৰে ই-গৱৰ্নেন্সৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ঘৰ নিৰ্মাণৰ বাবে অনলাইন পঞ্জীয়নৰ ব্যৱস্থা কৰা হ’ব৷ গুৱাহাটীৰ জাবৰ নিষ্কাষণৰ বাবে ১৭০ কোটি টকাৰ প্ৰকল্প লোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে৷ মাদ্ৰাছা সম্পৰ্কীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে মুখ্যমন্ত্ৰীয়ে৷ “গাঁৱৰ উন্নয়নত পুঁজি আবণ্টন বেছি দিয়া হয়। এইবাৰ সৰু চহৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ’ব। চহৰত পানীযোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰিব বিচাৰিছোঁ।” আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, “এইবাৰ মুখ্যমন্ত্ৰী হিচাপে সকলো দলক পৌৰ নিৰ্বাচনত ভাল মানুহক প্ৰাৰ্থিত্ব দিবলৈ আহ্বান জনাইছোঁ। বিজেপিকো আহ্বান জনাইছোঁ।” তেওঁ লগতে কয়, “এইবাৰ গুৱাহাটী পৌৰসভাৰ নিৰ্বাচন ৰাজনৈতিক দল জড়িত নোহোৱাকৈ পাতিব বিচাৰিছিলোঁ। যাতে ভাল মানুহ নিৰ্বাচিত হয়। কিন্তু, দেৰি হ’ল। কৰিব নোৱাৰিলোঁ।” তেওঁ লগতে কয় যে, “পঞ্চায়ত নিৰ্বাচন তেনেকৈ পাতিব বিচাৰিছোঁ যাতে মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তীৰাজ পাব পাৰো। এইক্ষেত্ৰত ৰাজহুৱা বিতৰ্ক হোৱাতো বিচাৰিছোঁ।” লকডাউনত বহু ব্যৱসায়ীয়ে আত্মহত্যা কৰিছে বুলি মন্তব্য কৰি তেওঁ কয়, সেইবাবে এইবাৰ বিহুত ব্যৱসায়ীসকলক ৰেহাই দিব লাগে। অসম চৰকাৰৰ শক্তি বিভাগে লাভৰ মুখ দেখিছে। লাহে লাহে এএছটিচিয়েও লাভৰ মুখ দেখিব। অহা পাঁচ বছৰত সকলো নিগমে লাভৰ মুখ দেখিব। মুখ্যমন্ত্ৰীয়ে কয়, সকলোৱে বিত্তীয় সংকট বুলি কৈ থাকে। এইবাৰ বিত্তীয় বৰ্ষত আমি ১ লাখ কোটি টকা খৰচ কৰিম৷ এইদৰেই আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয় সামৰি জনতা ভৱনত সংবাদমেলত সম্বোধন কৰে৷ সংবাদমেলত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংঘালো উপস্থিত থাকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement